Logo
image

পঞ্চায়ত কুক্ষিগত ২৬ত ১০৪ৰ লক্ষ্য ঘোষণা মুখ্যমন্ত্ৰীৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ মেঃ   পঞ্চায়ত নিৰ্বাচনৰ ফলাফলক লৈ গভীৰ সন্তুষ্টি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ পঞ্চায়ত নিৰ্বাচন-২০২৫ৰ  ফলাফল বিজেপিৰ কাৰ্যকৰ্তা আৰু জনসাধাৰণৰ বাবে সুন্দৰ প্ৰাপ্তি বুলি দাবী কৰা মুখ্যমন্ত্ৰী শৰ্মাই ২০২৬ ৰ নিৰ্বাচনত ১০৪ খন আসন বিজেপি মিত্ৰজোঁটৰ লক্ষ্য বুলি ঘোষণা কৰিয়েই দিলে৷ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ ‘শইকীয়া’ উপাধিৰ বুৎপত্তি ভাঙি তেওঁ  ২৬ অত ১০৪ লক্ষ্য নিৰ্ধাৰণ কৰা বুলি বিজেপিৰ ৰাজ্যিক সদৰ অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা ঘোষণা কৰে৷ পঞ্চায়ত ইতিমধ্যে কুক্ষিগত কৰা বুলি দাবী কৰি মুখ্যমন্ত্ৰী শৰ্মাই বিটিআৰতো বিজেপিয়ে অকলেই যুঁজিব বুলি ঘোষণা কৰে৷ তেওঁ কয়–বিটিআৰত আমি অকলেই  নিৰ্বাচন খেলিম৷ কিন্তু এইটো নহয় যে বিটিআৰৰ গোটেই কেইটা সমষ্টিতে আমি নিৰ্বাচন খেলিম৷ যিমানটা চীটত আমাৰ শক্তি আছে সিমানটা চীটতহে নিৰ্বাচন খেলিম৷ ৪০ খন আসনৰ কিমানত আমাৰ শক্তি আছে সেই সন্দৰ্ভত পৰ্যালোচনা কৰিবলৈ ১৫ মে’ত বৈঠক অনুষ্ঠিত কৰিম৷ যিকেইটা সমষ্টিত আমাৰ শক্তি আছে তাত আমি প্ৰাৰ্থিত্ব দিম৷ যিবোৰ সমষ্টিত আমাৰ শক্তি নাই তাত আমাৰ মিত্ৰ দলক নৈতিক সমৰ্থন দিম৷ কিন্তু প্ৰথমে আমি চাব বিচাৰিছো আমাৰ সংগঠনৰ বলত কিমান চীটত যুঁজিব পাৰিম৷

বিধানসভাত আমাৰ লক্ষ্য ১০৪খন আসনঃ  মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদকঃ  সদ্যসমাপ্ত পঞ্চায়ত নিৰ্বাচনত বিজেপি দল আৰু মিত্ৰজোঁটৰ অংশীদাৰ অগপ দলেও যথেষ্ঠ ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে৷ বিজেপি দলে জিলা পৰিষদত এতিয়ালৈকে ৩০০ খন আসন লাভ কৰিছে৷ অসমত পঞ্চায়ত নিৰ্বাচনৰ ইতিহাসৰ আগতে কোনো দলৰে ইমান ভাল ফলাফল হোৱা নাছিল৷ পঞ্চায়তৰ এই সফলতাৰ ধাৰা অহা ২০২৬ চনত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভাৰ নিৰ্বাচনত পুনৰ প্ৰতিফলিত হ’ব৷ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ সোমবাৰে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাত আয়োজিত এক অনুষ্ঠানত ভাগ লৈ সাংবাদিকৰে সৈতে হোৱা চমু বাৰ্তালাপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় পঞ্চায়ত নিৰ্বাচনৰ ফলাফলে বিজেপি চৰকাৰখনৰ প্ৰতি যে ৰাইজৰ আস্থা অটুত আছে তাকেই প্ৰতীয়মান কৰিছে৷ এটা বছৰ পূৰ্বে হোৱা লোকসভাৰ নিৰ্বাচনত সমষ্টিভিত্তিত আমি ১০৪ টাত আগবাঢ়ি আছিলো আৰু তাৰে ৯৬ টাত লীড লৈছিলো৷ আগন্তুক বিধানসভাৰ নিৰ্বাচনত আমাৰ মিত্ৰজোঁটৰ লক্ষ্য হ’ব সেই ১০৪ খন দখল কৰা, আমাৰ বিজেপি দলৰ লগতে অগপ দলেও প্ৰাৰ্থী নিৰ্বাচনত খেলিমেলি নকৰিলে  ১০৪ খন নহ’লেও আমি কমেও  ৯৫  খন আসন পাম বুলি আশাবাদী৷ তথাপি অহাবাৰ দিছপুৰত আমাৰেই চৰকাৰ হ’ব৷ ৰাইজে জনাদেশ দিব বুলি আমি আশাবাদী৷ তেনেদৰে বিটিআৰত  ৪০ খন আসন আছে৷ তাত আমাৰ দলৰ সাংগঠনিক শক্তি পূৰ্বতকৈ বৃদ্ধি হৈছে৷ আমি তাত কিছু আসনত নিজৰ শক্তিৰে খেলিম৷ য’ত আমাৰ শক্তি আছে আমি তাত নিজে খেলিম আৰু য’ত প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএলৰ শক্তি আছে তাত তেওঁলোকে নিৰ্বাচন খেলিব৷ তথাপিও তাতো আমাৰ মিত্ৰতা অব্যাহত থাকিব৷ এই সন্দৰ্ভত বিশদ আলোচনা কৰাৰ বাবে অহা ১৫ মে’ত বিজেপিৰ এখন সভা অনুষ্ঠিত হ’ব৷ তাত বিটিআৰত কেনেদৰে নিৰ্বাচন খেলা হ’ব সেই বিষয়ে আলোচনা কৰি ৰণনীতি প্ৰস্তুত কৰা হ’ব৷ আনহাতে পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় পৰাজয় সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে সেয়া কংগ্ৰেছ দলেহে ক’ব পাৰিব বুলি সদৰি কৰে৷

বৰপেটা জিলা পৰিষদত কংগ্ৰেছৰ অগ্ৰগতি

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, বৰপেটাঃ  পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা কালিৰে পৰা আৰম্ভ হৈ আজি সন্ধিয়া সমাপ্ত হয়৷ বৰপেটা জিলাত দ্বিতীয়পৰ্যায়ত অনুষ্ঠিত ভোটগণনাৰ ফলাফল অনুসৰি বৰপেটা জিলা পৰিষদত কংগ্ৰেছ দলে ৯খন, বিজেপি-অগপ মিত্ৰজোঁটে ৭ খন, এ আই ইউ ডি এফে ২খন আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে  ১ খন আসনত জয়লাভ কৰে৷ বৰপেটা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৪ খন জিলা পৰিষদৰ ভিতৰত সুন্দৰীদিয়া জিলা পৰিষদত অগপ প্ৰাৰ্থী অশোক বৰা, সৰুক্ষেত্ৰী জিলা পৰিষদত ড॰ পদ্মা মেধী, পাকা জিলা পৰিষদত বিজেপি প্ৰাৰ্থী প্ৰাণজিৎ কুমাৰ ৰয় আৰু বহৰি জিলা পৰিষদত বিজেপি প্ৰাৰ্থী চিৰঞ্জীত মণ্ডলে জয়লাভ কৰে৷ ভৱানীপুৰ-সৰভোগ সমষ্টিৰ অন্তৰ্গত ৩খন জিলা পৰিষদৰ ভিতৰত হাউলী জিলা পৰিষদত বিজেপি প্ৰাৰ্থী ৰুমা সৰকাৰে বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰে৷ আনহাতে বৰনগৰ জিলা পৰিষদত বিজেপি প্ৰাৰ্থী কল্যাণী দাসে আৰু বগৰীগুৰী জিলা পৰিষদত কংগ্ৰেছৰ প্ৰাৰ্থী জেচমীন চুলতানাই জয়লাভ কৰে৷  মন্দিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ৪ খন জিলা পৰিষদৰ ভিতৰত জনীয়া জিলা পৰিষদত কংগ্ৰেছ প্ৰাৰ্থী মুনিয়াৰা পাৰবীন,  সত্ৰকণৰা জিলা পৰিষদত কংগ্ৰেছ প্ৰাৰ্থী উপাতন নেছা,  কলগাছিয়া জিলা পৰিষদত কংগ্ৰেছ প্ৰাৰ্থী ময়নুল হক আৰু বৰভিঠা-চতলা জিলা পৰিষদত এ আই ইউ ডি এফৰ প্ৰাৰ্থী ছোফিয়া খাতুনে জয়লাভ কৰে৷ পাকাবেতবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৪খন জিলা পৰিষদৰ ভিতৰত কালদিয়া জিলা পৰিষদত কংগ্ৰেছ প্ৰাৰ্থী ইছমাইল হুছেইন, পহুমাৰা জিলা পৰিষদত কংগ্ৰেছ প্ৰাৰ্থী ছাইমন নেহা, পল্লা জিলা পৰিষদত কংগ্ৰেছ প্ৰাৰ্থী জেচমিনা আহমেদ আৰু বেঁকী জিলা পৰিষদত কংগ্ৰেছৰ প্ৰাৰ্থী মঞ্জুৱাৰা খাতুনে জয়লাভ কৰে৷ চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত  ৪খন জিলা পৰিষদৰ ভিতৰত চৰ-বাঘমাৰা জিলা পৰিষদত আই ইউ ডি এফৰ প্ৰাৰ্থী কহিনুৰ বেগম, খোলাবান্ধা জিলা পৰিষদত নিৰ্দলীয় প্ৰাৰ্থী আমিৰ হামজা, পালহাজী জিলা পৰিষদত কংগ্ৰেছৰ প্ৰাৰ্থী শ্বাহ আলম আৰু হৰিপুৰ জিলা পৰিষদত বিজেপি প্ৰাৰ্থী হাইদৰ আলীয়ে জয়লাভ কৰে৷ ইপিনে আঞ্চলিক পঞ্চায়তত বিজেপিয়ে  ৫খন আৰু কংগ্ৰেছ দলে ২আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হৈছে৷ ইয়াৰে পাটবাউসী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদত কঠিন দাস [বিজেপি], নিজ চেঙা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদত ৰুণুমী তালুকদাৰ [বিজেপি], বহৰি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদত সুপ্ৰিয়া মালোদাস [বিজেপি], উত্তৰ পাকা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদত চানিদুল ইছলাম [কংগ্ৰেছ], নিচুকা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদত- কহিনুৰ ৰহমান [কংগ্ৰেছ], কাঁহিবাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদত নিৰঞ্জন সৰকাৰ [বিজেপি] আৰু কলহভাঙা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদত স্বপ্না বসাক [বিজেপি] জয়ী হয়৷

বঙাইগাঁও জিলা পৰিষদত বিজেপি ৪,  অগপ ৪

‘আমাৰ অসম’ৰ বঙাইগাঁৱৰ প্ৰতিনিধিঃ  দীৰ্ঘ সময়জুৰি ভোট গণনাৰ অন্তত অৱশেষত ঘোষণা কৰা হ’ল বঙাইগাঁও জিলা পৰিষদৰ নিৰ্বাচনৰ ফলাফল৷ ঘোষিত ফলাফল অনুসৰি মুঠ ১২খন আসন থকা জিলা পৰিষদত বিজেপি দলে  ৪খন, অগপ দলে  ৪খন, কংগ্ৰেছ দলে  ১খন আৰু  ৩খন আসনত জয়লাভ কৰে নিৰ্দলীয় প্ৰাৰ্থীয়ে৷ জয়লাভ কৰা প্ৰাৰ্থীসকল ক্ৰমে– বিদ্যাপুৰ জিলা পৰিষদত জাহানাৰা বেগম [অগপ], ঢালিগাওঁ জিলা পৰিষদ মৃদুলা সিংহ [অগপ, বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত], বঙাইগাঁও জিলা পৰিষদত শশী ভূষণ মেধি [অগপ], কোকিলা জিলা পৰিষদত ৰমেছ উদ্দিন [নিৰ্দলীয়], ৰাঙাপানী জিলা পৰিষদত আবিদা চৌধুৰী [নিৰ্দলীয়], দোলাইগাঁও জিলা পৰিষদত মনালিছা কোঁচ [বিজেপি], উত্তৰ শালমাৰা জিলা পৰিষদত জ্যোতিৰ্ময় সৰকাৰ [বিজেপি], টাপাট্টাৰী জিলা পৰিষদত কেৰামত আলি   [নিৰ্দলীয়], বইটামাৰী জিলা পৰিষদত পূৰ্ণিমা সৰকাৰ [বিজেপি],  চক্ৰভৌম জিলা পৰিষদত জানকী ৰায় [অগপ], যোগীঘোপা জিলা পৰিষদত  আফছানা পাৰভিন [কংগ্ৰেছ], মাণিকপুৰ জিলা পৰিষদ শিখৰজিৎ সিংহ [বিজেপি]৷ উল্লেখ্য যে এইবেলি পঞ্চায়ত নিৰ্বাচনত জিলাখনত অভাৱনীয়ভাৱে উত্থান ঘটিছে বিজেপিৰ৷ বিগত জিলা পৰিষদ নিৰ্বাচনত বিজেপি দলে মাথোঁ দুখন আসনতহে জয়লাভ কৰিছিল, কিন্তু এইবেলি আসনৰ সংখ্যা ডবল হৈ চাৰিখন জিলা পৰিষদৰ আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছে৷ এআইইউডিএফে দুখন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছিল যদিও এই বেলি এখন আসনতো জয়লাভ কৰিব নোৱাৰি কাৰ্যতঃ ধূলিসাৎ হৈ পৰে৷ যোৱাবাৰ অগপই  ৫খন আসনত জয়লাভ কৰিছিল যদিও এইবাৰ  ৪খন আসন দখল কৰিবলৈ সক্ষম হৈছে দলটোৱে৷ অৱশ্যে অগপ আৰু বিজেপি মিত্ৰজোঁটে মুঠ চাৰিখনকৈ ৮খন আসনত জয়লাভ কৰাত এই মিত্ৰজোঁটৰ নেতৃত্বতে যে বঙাইগাঁও জিলা পৰিষদ গঠন কৰা হ’ব সেইটো নিশ্চিত৷ এতিয়া কেৱল উৎকণ্ঠাৰে বাট চাবলগীয়া হৈছে সভাপতিৰ আসনখন অগপ নে বিজেপিয়ে লাভ কৰিব৷ আনপিনে, এইবেলি পঞ্চায়ত নিৰ্বাচনত জিলাখনত মুকথেকেঁচা খাবলগীয়া হৈছে কংগ্ৰেছ৷ কাৰণ বিগত জিলা পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছে তিনিখন আসন লাভ কৰিছিল৷ কিন্তু এইবাৰ এই আসনৰ সংখ্যা কমি আহিল এখনলৈ৷ কংগ্ৰেছৰ এই দুৰ্দিনত দলটোৰ ভিতৰত বজাই থকা লবীকেন্দ্ৰিক ৰাজনীতি তথা দলটোৰ ভিতৰত চলি থকা বিসম্বাদৰ ফলস্বৰূপে কংগ্ৰেছৰ ভোটবেংক ধৰ্মীয় সংখ্যালঘু প্ৰাধান্য থকা স্বত্বেও বঙাইগাঁও জিলাত মাথোঁ এখন আসনত জয়লাভ কৰি মুখথেকেঁচা খাবলগীয়া হৈছে দলটোৱে৷ এক গুৰুত্বপূৰ্ণ বিষয় যে বঙাইগাঁও জিলাত থকা মুঠ তিনিটা বিধানসভা সমষ্টিৰ ভিতৰত দুটা সমষ্টি কংগ্ৰেছ দলৰ দখলত আছে৷ উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক হৈছে আব্দুল বাতিন খণ্ডকাৰ আৰু দক্ষিণ অভয়াপুৰী সমষ্টিৰ বিধায়ক হৈছে প্ৰদীপ সৰকাৰ৷ কিন্তু দুয়োজন কংগ্ৰেছ বিধায়কৰ দুয়োটা সমষ্টিতে দলটোৱে খাবলগীয়া হৈছে মুখথেকেচা৷ ইপিনে বঙাইগাঁও জিলা পৰিষদৰ তিনিগৰাকী নিৰ্দলীয় প্ৰাৰ্থী জয়লাভ কৰাটোও আন এক উল্লেখ্যনীয় বিষয়৷ জানিব পৰা মতে, কোকিলা জিলা পৰিষদ আসনত জয়লাভ কৰা নিৰ্দলীয় প্ৰাৰ্থী ৰমেজ উদ্দিন আৰু টাপাট্টাৰী জিলা পৰিষদত জয়লাভ কৰা নিৰ্দলীয় প্ৰাৰ্থী কেৰামত আলী– এই দুজনেই কংগ্ৰেছ দলৰ নেতৃত্ব বহন কৰি আহিছিল৷ প্ৰবীণ এই দুজন নেতাই কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্বৰ বাবে আছিল প্ৰৱল দাবীদাৰ, কিন্তু জিলা পৰিষদৰ টিকটৰ পৰা বঞ্চিত কৰাত এই দুয়োজন নেতাই নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰি কংগ্ৰেছৰ প্ৰাৰ্থীক পৰাজিত কৰিছে৷ প্ৰাৰ্থিত্ব বাছনিত পক্ষপাতিত্বমূলক সিদ্ধান্ত লোৱাৰ বাবেও দলটোৰ জয়লাভৰ যথেষ্ট সুযোগ থকা স্বত্বেও মুকথেকেঁচা খাবলগীয়া হৈছে৷

হোজাইত ভোটগণনা কেন্দ্ৰত মাৰপিট

‘আমাৰ অসম’ৰ ডবকাৰ প্ৰতিবেদকঃ  হোজাই জিলাৰ হোজাই আৰু লামডিং বিধানসভা সমষ্টিৰ অন্তৰ্গত সাতখন জিলা পৰিষদৰ আসনত বি জে পি দলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰে৷ জয়লাভ কৰা বি জে পিৰ প্ৰাৰ্থীসকল হ’ল ক্ৰমে বৰপানী জিলা পৰিষদত নিজুমণি বৰা, কাকী জিলা পৰিষদত জোণ্টি বৰা [বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত], লামডিং জিলা পৰিষদত ৰূপন দাস, পদুমপুখুৰী জিলা পৰিষদত চোচিলা মালাকাৰ, ৰাধানগৰ জিলা পৰিষদত হিমাংশু দেৱনাথ, ৰাজবাৰী জিলা পৰিষদত জীৱন সিংহ আৰু ৰাণীপুখুৰী জিলা পৰিষদত তপন চন্দ্ৰ মজুমদাৰ৷ আনহাতে বিন্নাকান্দিত এআইইউডিএফ এক প্ৰকাৰ ধূলিসাৎ হৈ পৰে৷ আজমলৰ দখলত থকা বিন্নাকান্দি সমষ্টিৰ চাৰিওখন জিলা পৰিষদ কংগ্ৰেছৰ দখলত৷ মোৰাঝাৰত হিনা আমৰিন, চৌধুৰী বজাৰত শ্ববনম চুলতানা মজুমদাৰ, ডবকাত আছিফ জাবেদ আৰু নীলবাগান ইছলামনগৰত ফজাইল আহমেদৰ বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰে৷ বিন্নাকান্দি আঞ্চলিক পঞ্চায়তৰ ২৫জন সদস্যৰ ভিতৰত ২৩জনেই কংগ্ৰেছৰ প্ৰাৰ্থীয়ে জয়লাভ কৰে৷ বিন্নাকান্দি আঞ্চলিক পঞ্চায়তত জয়লাভ কৰা কংগ্ৰেছৰ প্ৰাৰ্থীসকল হ’ল ক্ৰমে কপাহবাৰীৰ পৰা মাৰিয়া বেগম, বৰহাওঁৰ পৰা নাজমিন বেগম লস্কৰ, নমাটিৰ পৰা ৰচিদা বেগম, যমুনাৰ পৰা ময়নুল হক, ইছলাম নগৰৰ পৰা নুৰুল হুছেইন, গোপাল নগৰৰ পৰা আশ্বিমা খাতুন, জয়নগৰৰ পৰা আয়নুল হক, চাৰ্লকৰ পৰা শ্বাকিৰ আহমেদ চৌধুৰী, ডবকাৰ পৰা ইয়াকুব আলী লস্কৰ, হিন্দুব্লকৰ পৰা আফতাৰ উদ্দিন বড়ভূঞা, সূতাৰগাঁৱৰ পৰা ৰিয়াজ উদ্দিন, আমবাৰীৰ পৰা গংগা নমশুদ্ৰ, মোৰাঝাৰৰ পৰা ৰোবিয়া নাচৰিন, নীলবাগানৰ পৰা তাহিৰা বেগম, বুৰুংগাতলিৰ পৰা ৰোজিনা খানম, চৌধুৰী বজাৰৰ পৰা জাহাংগীৰ আলম, কৰৈঊণীৰ পৰা নাহিদ হক চৌধুৰী, চাৰিং পথাৰৰ পৰা নাৰগিছ চুলতানা, চামৰআলীৰ পৰা ৰেচমা বেগম চৌধুৰী, বৰবালীৰ পৰা ইমৰান উদ্দিন চৌধুৰী, কাকীৰ পৰা মাৰ্জিনা বেগম, আশীনগৰৰ পৰা আব্দুল কায়ুম, আৰু বাৰফুটিৰ পৰা হবিবা পাৰবিন৷ আনহাতে ২৫জন আঞ্চলিক পঞ্চায়তৰ ভিতৰত চাংমাজিৰ পৰা এ আই ইউ ডি এফৰ প্ৰাৰ্থী পুছপিনা বেগমে জয়লাভ কৰে৷ সমান্তৰালকৈ অকচেক পথাৰৰ পৰা তাজউদ্দিন নামৰ নিৰ্দলীয় প্ৰাৰ্থীজনে জয়লাভ কৰে৷ হোজাই জিলা আয়ুক্তৰ কাৰ্যালয়ত ভোটগণনা কেন্দ্ৰত দুপৰীয়াৰ ভাগত দুইপক্ষৰ মাৰপিট সংঘটিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ মোৰাঝাৰ জিলা পৰিষদৰ ভোটগণনা কেন্দ্ৰত এই মাৰপিট হয়৷ দুই ৱাৰ্ড সদস্যৰ এজেণ্ট আৰু অন্যান্যৰ মাজত মাৰপিট লাগে৷ ২৯ নং কপাহবাৰী গাওঁ পঞ্চায়তৰ  ৭নং ৱাৰ্ডৰ কবিৰ আহমেদ আৰু জাবেদ আহমেদৰ এজেণ্টৰ মাজত সংগঠিত হৈছে এই মাৰপিটৰ ঘটনা৷ মুহূৰ্ততে সোধ-পোছৰ বাবে জাবেদ আহমেদক আটক কৰে আৰক্ষীয়ে৷ ঘটনাস্থলিত ততাতৈয়াকৈ হোজাইৰ আৰক্ষী অধীক্ষক সৌৰভ গুপ্তা উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি৷ বেলেট পেপাৰত ভোট বাতিলক লৈ মাৰপিট সংগঠিত হোৱা বুলি জানিব পৰা গৈছে৷ পৰৱৰ্তী সময়ত শান্তিপূৰ্ণভাৱে ভোটগণনা সমাপ্ত হয়৷ আনহাতে দেওবাৰে সন্ধিয়া ডবকাত উৎফুল্ল বিজয়ী প্ৰাৰ্থীৰ সমৰ্থকৰ কাণ্ডই ব্যাপক প্ৰতিক্ৰিয়া আৰম্ভ হয়৷ পৰাজিত প্ৰাৰ্থীৰ সমৰ্থকৰ ওপৰত ফটকা ফোটোৱাৰ অভিযোগ৷ ফটকাৰ আক্ৰমণত দুগৰাকীকৈ মহিলা আহত হোৱাৰ অভিযোগ উঠিছে৷ আহত হয় ইয়াচমিনা বেগম আৰু ফাতিমা বেগম, চাংমাজি গাওঁ পঞ্চায়ৰ এক নং ৱাৰ্ডত এই ঘটনা সংঘটিত হয়৷ বিজয়ী প্ৰাৰ্থী চুলতানা বেগমৰ সমৰ্থকে পৰাজিত প্ৰাৰ্থী কৃষ্ণা গৌড়ৰ সমৰ্থকৰ ওপৰত আক্ৰমণ কৰাৰ অভিযোগ কৰে৷ ঘটনা সংক্ৰান্তত ডবকা আৰক্ষীক অৱগত কৰে যদিও ডবকা আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত৷ আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব সঠিক তথ্য৷

শোণিতপুৰ জিলাত বিধবস্ত কংগ্ৰেছ

‘আমাৰ অসম’ৰ তেজপুৰৰ, ষ্টাফ ৰিপ’ৰ্টাৰঃ  ৰাজ্যৰ লগতে শোণিতপুৰত কালিৰে পৰা অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা আজি দিনত অন্ত পৰে৷ শোণিতপুৰত কংগ্ৰেছ দলক তচ-নচ কৰি বিজেপি আৰু মিত্ৰদল অগপই এইবাৰ পঞ্চায়ত নিৰ্বাচনত প্ৰদৰ্শন কৰে অভূতপূৰ্ব সফলতা৷ উল্লেখ্য, তেজপুৰৰ দৰং মহাবিদ্যালয়ত কালিৰে পৰা তেজপুৰ, ৰঙাপৰা আৰু বৰছলা বিধানসভা সমষ্টিৰ ১২খন জিলা পৰিষদ, ৪৮খন আঞ্চলিক পঞ্চায়ত আৰু গাওঁ পঞ্চায়তৰ ৪৬৮খন আসনৰ বাবে চলা ভোটগণনা আজি দুপৰীয়াহে অন্ত পৰে৷ দৰং মহাবিদ্যালয়ত ভোটগণনা হোৱা জিলা পৰিষদৰ আসনৰ ভিতৰত ১০খনত বিজেপি দলৰ প্ৰাৰ্থী জয়ী হোৱাৰ লগতে দুখন আসনত অসম গণ পৰিষদৰ প্ৰাৰ্থী জয়ী হৈছে৷ উল্লেখ্য, ডেকাৰগাঁও জিলা পৰিষদত বিজয়ী প্ৰাৰ্থী বিজেপিৰ জয়ন্ত কুমাৰ বৰাই ৬৮১৪ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ কিৰণ ডেকাই ১৭৫২টা ভোট লাভ কৰে৷ আনহাতে পৰ্বতীয়া জিলা পৰিষদত বিজয়ী প্ৰাৰ্থী তথা বিজেপিৰ অসম ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী স্বপ্ন জ্যোতি বনিয়াই ১৫১৭৪টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ লিপিকা শৰ্মাই ৩৯৬১টা ভোট লাভ কৰে৷ ইপিনে হলেশ্বৰ জিলা পৰিষদ সমষ্টিত বিজয়ী অসম গণ পৰিষদৰ মুনমী বৰুৱাই ৯৮২২টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ পল্লবী বৰুৱা কাশ্যপে ৩৩১৭টা ভোট লাভ কৰে৷ একেদৰে ভোমোৰাগুৰি জিলা পৰিষদ সমষ্টিত ইতিহাস ৰচনা কৰি অসম গণ পৰিষদৰ নুৰুল হকে ১২৯৮৯টা ভোট লাভৰে বিজয় সাব্যস্ত কৰাৰ বিপৰীতে কংগ্ৰেছৰ আমিনুল হকে ১২৮৫৫টা ভোট লাভ কৰে৷ বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঠেলামৰা জিলা পৰিষদত বিজয়ী বিজেপিৰ শিৱচৰণ চাহুৱে ২৩২৩৭টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ ভিক্টৰ লাক্ৰাই ১৫৬৪০টা, বিহগুৰি জিলা পৰিষদত বিজেপিৰ ৰাকেশ নাথে ১৭৫১১ৰটা ভোটৰে বিজয় লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ দিব্যজ্যোতি নাথে ৭৬০৮টা, বৰগাঁও জিলা পৰিষদত বিজেপিৰ ৰাণী বসুমতাৰীয়ে ১৫০৯০টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ অঞ্জলি স্বৰ্গীয়াৰীয়ে ৫৯৫২টা, মিছামাৰী জিলা পৰিষদ সমষ্টিত বিজেপিৰ দুলুমণি বৰা দাসে ১৮৪৬৫টা ভোট লাভ কৰা বিপৰীতে কংগ্ৰেছৰ নাটাছা খৰাই ১৪০৭৪টা, ৰঙাপৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত বালিপৰা জিলা পৰিষদ সমষ্টিত বিজেপিৰ মধুস্মিতা দাস তিৰুৱে ১৫২০৯টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ তৰুলতা গুৱলাই ৭৩৪৭টা, ফুলগুৰি জিলা পৰিষদ সমষ্টিত বিজেপিৰ কুসুম তাঁতীয়ে ১৩৯৭১টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ বিদ্যা তাঁতীয়ে ৫৭৬১টা, ফুলবাৰী জিলা পৰিষদ সমষ্টিত বিজেপিৰ বিকি তাঁতীয়ে ১৫৫৫৯টা ভোট লাভ কৰা বিপৰীতে কংগ্ৰেছৰ সুমন এক্কা বাৰাই ৮৩৩১টা, মানশিৰি জিলা পৰিষদ সমষ্টিত বিজেপিৰ মণিশা উপাধ্যায়ে ১৬১২৯টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ ৰেখা শৰ্মাই ১১৪৬৭টা ভোট লাভ কৰে৷ উল্লেখ্য, ২০খন আসনযুক্ত শোণিতপুৰ জিলা পৰিষদ সমষ্টিৰ পাঁচখন আসনত ইতিমধ্যে বিজেপি প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাত ১৫খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল৷  আনহাতে ৪৮ আঞ্চলিক পঞ্চায়ত সদস্যৰ ৪৮খন আসনৰ ফলাফল ঘোষণা কৰা হৈছে তাৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী ৩৮খন আসনত জয়যুক্ত হোৱাৰ লগতে অগপৰ দুজন কংগ্ৰেছৰ ছজন, নিৰ্দলীয় দুজন জয়ী হৈছে৷ ইফালে ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত তিনিখন জিলা পৰিষদত বিজেপি প্ৰাৰ্থী জয়ী হোৱাৰ বিপৰীতে চাৰিখন আঞ্চলিক পঞ্চায়তৰ আসনত বিজেপি প্ৰাৰ্থী জয়ী হৈছে৷  সম-জিলাখনৰ গাঁও পঞ্চায়ত সদস্যৰ ১৪৯খন আসনৰ ফলাফল ঘোষণা কৰা হৈছে৷ ইফালে অসম গণ পৰিষদৰ উপ-সভাপতি অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই জিলা পৰিষদৰ অগপৰ বিজয়ী প্ৰাৰ্থী নুৰুল হকক আদৰণি জনাই  ফলাফল সম্পৰ্কত আনন্দ প্ৰকাশ কৰাৰ উপৰি বিধায়ক পৃথ্বিৰাজ ৰাভাই তেজপুৰত অগপৰ ভেটি যথেষ্ট শক্তিশালী হৈ থকাৰ লগতে দেশৰ স্বাধীনতাৰ পিছত প্ৰথমবাৰলৈ ভোমোৰাগুৰি জিলাপৰিষদৰ লগতে আঞ্চলিক পঞ্চায়তৰ আসনখন কংগ্ৰেছৰ বাহিৰে আন দল হিচাপে অগপ দলে দখল কৰিবলৈ সক্ষম হোৱাটো লক্ষণীয় বুলি মন্তব্য কৰে৷


সৰুক্ষেত্ৰী আৰু পাকা জিলা পৰিষদত মিত্ৰজোঁটৰ জয়

‘আমাৰ অসম’ৰ সৰুক্ষেত্ৰীৰ প্ৰতিবেদকঃ  সদ্যঘোষিত পঞ্চায়ত নিৰ্বাচনত বৰপেটা জিলাৰ বৰপেটা বিধানসভা সমষ্টিৰ অন্তৰ্গত সৰুক্ষেত্ৰী আৰু পাকা জিলা পৰিষদত বিজেপি, অগপ দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজয়ী হৈছে৷ বৰপেটা বিধানসভা সমষ্টিৰ নৱ-গঠিত ১৪ নম্বৰ সৰুক্ষেত্ৰী জিলা পৰিষদ সমষ্টিত মিত্ৰজোঁট অগপ-বিজেপি দলৰ প্ৰাৰ্থী ড॰ পদ্মা মেধিয়ে কংগ্ৰেছৰ জোনালী ভট্টাচাৰ্যক পৰাস্ত কৰি বিজয়ী হয়৷ আনহাতে, সৰুক্ষেত্ৰী আঞ্চলিক পঞ্চায়ত সদস্যৰ ভিতৰত উত্তৰ-পূব সৰুক্ষেত্ৰী গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত সদস্য পদত বিজেপি-অগপ-ইউ পি পি এল মিত্ৰজোঁটৰ অসম গণ পৰিষদ দলৰ মনোনীত প্ৰাৰ্থী নিজৰা ডেকাক পৰাস্ত কৰি নিৰ্দলীয় প্ৰাৰ্থী স্বপ্ন ভূঞাই জয়লাভ কৰে৷ মধ্য সৰুক্ষেত্ৰী গাঁও পঞ্চায়তত আঞ্চলিক পঞ্চায়ত সদস্য পদত বিজেপি-অগপ-ইউ পি পি এল মিত্ৰজোঁটৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী উদয় শৰ্মাক পৰাস্ত কৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী শান্ত কুমাৰ দাস বিজয়ী হয়৷  দক্ষিণ-পশ্চিম সৰুক্ষেত্ৰী গাঁও পঞ্চায়তত আঞ্চলিক পঞ্চায়ত সদস্য পদত বিজেপি-অগপ-ইউ পি পি এলৰ মিত্ৰজোঁটৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী খনজিৎ কাকতিয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ধীৰাজ তালুকদাৰক পৰাস্ত কৰি বিজয়ী হয়৷ পশ্চিম সৰুক্ষেত্ৰী গাঁও পঞ্চায়তত আঞ্চলিক পঞ্চায়ত সদস্য পদত বিজেপি-অগপ-ইউ পি পি এল মিত্ৰজোঁটৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী আলমিনা ছিদ্দিকাই ভাৰতীয় জাতীয় কংগ্ৰেছৰ নাজিমা বেগমক পৰাস্ত কৰে৷ ইফালে, বৰপেটা বিধানসভা সমষ্টিৰ অন্তৰ্গত পাকা জিলা পৰিষদটো ৬৬ নম্বৰ উত্তৰ-পূব পাকা গাঁও পঞ্চায়ত, ৬৭ নম্বৰ পূব-পাকা গাঁও পঞ্চায়ত আৰু ৬৮ নম্বৰ দক্ষিণ পূব পাকা গাঁও পঞ্চায়ত এই তিনিখন গাঁও পঞ্চায়তক লৈ গঠিত হৈছে৷ ১২ নম্বৰ পাকা জিলা পৰিষদটো অনুসূচিত জাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত ৰখা হৈছে৷ পাকা জিলা পৰিষদৰ সদস্য পদৰ বিজেপি-অগপ মিত্ৰজোঁটৰ বিজেপি প্ৰাৰ্থী প্ৰাণজিৎ কুমাৰ ৰয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী মনেশ্বৰ সৰকাৰক পৰাস্ত কৰে৷  জিলা পৰিষদটোৰ উত্তৰ-পূব পাকা গাঁও পঞ্চায়তত আঞ্চলিক পঞ্চায়ত সদস্য পদত বিজেপি-অগপ মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী অনিতা দেউৰীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী জয়া বড়োক পৰাস্ত কৰি বিজয়ী হয়৷ পূব পাকা গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত সদস্য পদত বিজেপি-অগপ মিত্ৰজোঁটৰ বিজেপি দলৰ প্ৰাৰ্থী সনাতন তালুকদাৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী জয়কান্ত স্বৰ্গীয়াৰীক নিৰ্বাচনী যুঁজত হৰুৱায়৷ দক্ষিণ-পূব পাকা গাঁও পঞ্চায়তত আঞ্চলিক পঞ্চায়ত সদস্যত বিজেপি-অগপ মিত্ৰজোঁটৰ বিজেপি দলৰ প্ৰাৰ্থী কাকলি ৰয় ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী বিউতি সৰকাৰ ভৰালীক পৰাস্ত কৰে৷

নগাঁও জিলা পৰিষদ মিত্ৰজোঁটৰ দখলত

‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ  বিজেপি দলে অসমৰ ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ চেমি ফাইনেল হিচাপে গণ্য কৰা পঞ্চায়ত নিৰ্বাচনত নগাঁও জিলাৰ জ্জ টা বিধানসভা সমষ্টিৰ অন্তৰ্গত ২৭ নম্বৰ জিলা পৰিষদ সমষ্টিত বিজেপি-অগপ মিত্ৰজোঁটে কাণে কাণ মাৰিহে সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছে৷ নগাঁৱৰ জিলা পৰিষদ সমষ্টিবোৰৰ ভিতৰত শাসকীয় বিজেপি দলে ১১খন আসন, মিত্ৰ অগপ দলে ৩খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ১৩খন আসন লাভ কৰিছে৷ এআইইউডিএফ আৰু আন দলে এখনো আসন পাবলৈ সক্ষম নহ’ল৷ ইয়াৰে বিজেপিৰ পাঁচজন আৰু অগপৰ এজন বিনা প্ৰতিদ্বন্দ্বিতাৰে জিলা পৰিষদলৈ নিৰ্বাচিত হৈছে৷ জিলা পৰিষদ সমষ্টিত বিজেপিৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত প্ৰাৰ্থীসকল হ’ল– দ্বাৰ-বাগৰিত জিতেন গৌড়, বঢ়মপুৰত সুনীতা ইংতিপি, যমুনামুখত পূৰবী বৰদলৈ, কঠীয়াতলিত ৰম্বা লয়িং, উৰিয়াগাঁৱত গীতাঞ্জলী হাজৰিকা আৰু চতিয়াল- পূবথৰীয়াত অগপৰ পুণ্যলতা বৰুৱা৷ এই ৬টা জিলা পৰিষদ সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাত ২১খন জিলা পৰিষদত নিৰ্বাচন অনুষ্ঠিত হয়৷ আজি ফলাফল ঘোষণা কৰা এই ২১খন জিলা পৰিষদ সমষ্টিৰ ভিতৰত বিজেপি মিত্ৰজোঁটে  ৮খন জিলা পৰিষদত জয়লাভ কৰিবলৈ সক্ষম হয়৷ জিলাখনৰ বিধানসভা সমষ্টিবোৰৰ ভিতৰত নগাঁও-বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত ভোটাই-পাথৰিত বিজেপিৰ স্বপ্নালী চাংকাকতি, কাছমাৰিত বিজেপিৰ প্ৰাঞ্জল দাস, উৰিয়াগাঁও জিলা পৰিষদত বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপিৰ গীতাঞ্জলি হাজৰিকা বিজয়ী হৈছে৷ বঢ়মপুৰ বিধানসভা সমষ্টিৰ বঢ়মপুৰ জিলা পৰিষদত বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপিৰ সুনীতা ইংতিপী, যমুনামুখত বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপিৰ পূৰবী বৰদলৈ, কঠীয়াতলিত বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপিৰ ৰম্ভা লইং, পুৰণিগুদামত বিজেপিৰ মিণ্টু শৰ্মা বিজয়ী হৈছে৷ চামগুৰি বিধানসভা সমষ্টিৰ বাজিয়াগাঁও জিলা পৰিষদত কংগ্ৰেছৰ মমতাজ বেগম, ভকতগাঁও জিলা পৰিষদত কংগ্ৰেছৰ মোস্তান কেন্দুৱাই, গড়াজানত কংগ্ৰেছৰ মমতাজ বেগম আৰু শিঙিমাৰীত কংগ্ৰেছৰ ইব্ৰাহিম আলী বিজয়ী হৈছে৷ ৰূপহীহাট বিধানসভা সমষ্টিৰ আলিটাঙনি দগাঁও জিলা পৰিষদত কংগ্ৰেছৰ আছফিয়া ছেমিম, ফাকলিত কংগ্ৰেছৰ ৰাহানা ৰহমান চৌধুৰী, জুৰীয়াত কংগ্ৰেছৰ নাজমা চৌধুৰী, মাহেৰীপাৰ বৰঘূলিত কংগ্ৰেছৰ মছকুৰ হুছেইন বিজয়ী হৈছে৷ ধিং বিধানসভা সমষ্টিৰ আমলখি চহৰীয়াত কংগ্ৰেছৰ নাৰ্গিছ পাৰবিন, বালিসত্ৰত কংগ্ৰেছৰ খালিদা য়াছমিন, বেছামাৰীত কংগ্ৰেছৰ মতিউৰ ৰহমান, লহকৰ জিলা পৰিষদত কংগ্ৰেছৰ বাবুল আলী বিজয়ী হৈছে৷ কলিয়াবৰ বিধানসভা সমষ্টিৰ আমবাগান জিলা পৰিষদত অগপৰ জয়শ্ৰী মণ্ডল, চতিয়াল পূবথৰীয়াত বিনা প্ৰতিদ্বন্দ্বিতাৰে অগপৰ পুণ্যলতা বৰুৱা, দ্বাৰ বাগৰিত বিজেপিৰ জিতেন গৌৰ, দ্বাৰ শালনাত অগপৰ অনিল ঠাকুৰ বিজয়ী হৈছে৷ ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত চাপৰমুখ জিলা পৰিষদত বিজেপিৰ জোনালীম দাস, মাধাৱপাৰাত কংগ্ৰেছৰ আব্দুল জব্বৰ,  পাখিমৰীয়া জামুগুৰিত বিজেপিৰ অৰ্ণৱ দাস, ফুলগুৰি বাৰপূজীয়াত বিজেপিৰ ৰূপজ্যোতি বৰদলৈ দাস বিজয়ী হৈছে৷

কাছাৰ জিলা পৰিষদ বিজেপিৰ দখলত 

‘আমাৰ অসম’ৰ শিলচৰৰ প্ৰতিনিধিঃ  কাছাৰ জিলা পৰিষদ বিজেপিৰ দখলত৷ ২৫খন জিলা পৰিষদ আসনৰ ভিতৰত বিজেপি ১৬, কংগ্ৰেছ  ৭, নিৰ্দলীয় ২গৰাকী প্ৰাৰ্থী জয়ী হৈছে৷ উল্লেখ্য, কাছাৰত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা সুকলমে সম্পূৰ্ণ হয়৷ কালিৰে পৰা জিলাখনৰ আই এছ বি টি আৰু আই এছ টি টিত আৰম্ভ হোৱা ভোটগণনা আজি দ্বিতীয় দিনা পুৱাৰ ভাগত সম্পন্ন হয়৷ তদুপৰি, সম-জিলা লক্ষ্মীপুৰত নিশাৰ ভাগত ভোটগণনা সমাপ্ত হয়৷ ইতিমধ্যে বিভিন্ন দলৰ প্ৰাৰ্থীয়ে নিজৰ বিজয় উদ্‌যাপন কৰিছে৷ কাছাৰত জিলা পৰিষদৰ আসনৰ ভিতৰত বিজেপিয়ে ১৬খন, কংগ্ৰেছে  ৭খন, আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে ২টাত জয়লাভ কৰে৷ ইফালে লক্ষ্মীপুৰ সম-জিলাৰ  ৪খন জিলা পৰিষদৰ আসনৰ ভিতৰত  ৪খন আসনত বিজেপিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিবলৈ সক্ষম হয়৷