Logo
image

শাসকীয় দলে বিভিন্ন আচঁনিৰে ৰাইজক ব্লেকমেইল কৰিছে- অখিল গগৈ

'আমাৰ অসম'ৰ কাজিৰঙাৰ প্ৰতিবেদকঃ সদ্য ঘোষিত পঞ্চায়ত নিৰ্বাচনত শিৱসাগৰ বিধানসভা সমষ্টিত ৰাইজৰ দলৰ পৰাজয় স্বীকাৰ কৰিছে বিধায়ক অখিল গগৈয়ে। মঙ্গলবাৰে কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱবৈচিত্র উদ্যানত অনুষ্ঠিত হোৱা এখন সংবাদ মেলত এই কথা প্ৰকাশ কৰি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কয়, ৰাজনৈতিক দল হিচাপে ৰাইজৰ দল পঞ্চায়ত নিৰ্বাচনত চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হৈছে। মাত্ৰ তিনি বছৰীয়া ৰাজনৈতিক দল এটাই প্ৰথম বাৰৰ বাবে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈ জিলা পৰিষদৰ ৩ জন, আঞ্চলিক পঞ্চায়তৰ ১৯ জন আৰু ২৫০ জন ৱাৰ্ড সদস্য বিজয়ী হবলৈ সক্ষম হৈছে। এটা গুৰুত্বপূৰ্ণ কথা যে ধৰ্মীয় সংখ্যালঘু এলেকাত ৰাইজৰ দলৰ তিনিজন জিলা পৰিষদৰ সদস্য বিজয়ী হৈ আহিবলৈ সক্ষম হৈছে। দলটোৱে উজনি, নামনি অসমৰ লগতে উত্তৰ অসম, মধ্য অসম আৰু বৰাক উপত্যকাতো আশাব্যঞ্জক ফলাফলেৰে নিজৰ অস্তিত্ব বজাই ৰাখিবলৈ সক্ষম হৈছে বুলিও বিধায়ক অখিল গগৈয়ে মত প্ৰকাশ কৰে।  


পঞ্চায়ত নিৰ্বাচনত শাসকীয় দলে ভাল ফলাফল দেখোৱাটো পৰম্পৰা। শাসকীয় দলে চৰকাৰী বিভিন্ন আচঁনিৰে ৰাইজক ব্লেকমেইল কৰিছে বুলি এক অভিযোগ উত্থাপন কৰি বিধায়ক অখিল গগৈয়ে কয়, বিজেপি দলৰ লগত থাকিলেহে অৰুণোদয়ৰ পৰা আৰম্ভ কৰি বিভিন্ন আচঁনি লাভ কৰিব বুলি ৰাইজক প্ৰৰোচিত কৰি পঞ্চায়ত নিৰ্বাচন জিকিছে।  ইফালে বিৰোধী ৰাজনৈতিক দলসমূহ একত্ৰিত নহ'লে কেতিয়াও বিজেপিক হৰুৱাব নোৱাৰিব বুলি বিধায়কজনে মত প্ৰকাশ কৰে। বিৰোধী দল কংগ্ৰেছক সমালোচনা কৰি অখিল গগৈয়ে কয়, কংগ্ৰেছে আমাক চাৰিবাৰ ঠগিছে। এতিয়া আমি আৰু কংগ্ৰেছৰ ওচৰলৈ আগবাঢ়ি নাযাওঁ। কংগ্ৰেছ নিজে আগবাঢ়ি আহিলেহে একত্ৰিত কৰাৰ কথা পতা হ'ব বুলি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে স্পষ্ট কৰি দিয়ে। বিৰোধী ৰাজনৈতিক দলসমূহ একত্ৰিত নোহোৱাৰ বাবে সকলো বিৰোধী দলৰ ক্ষতি হৈছে। এই পঞ্চায়ত নিৰ্বাচনৰ পৰা ৰাজ্যৰ বিৰোধী দলসমূহে শিক্ষা ল'ব লাগে আৰু একত্ৰিত হৈ কাম কৰি যাব লাগে বুলিও মত প্ৰকাশ কৰে। আগন্তুক দিনত বিৰোধী ৰাজনৈতিক দলসমূহৰ মাজত বুজাবুজি নহ'লে ৰাইজৰ দলে আগন্তুক বিধানসভা নিৰ্বাচনত ১২৬ খন আসনত প্ৰাৰ্থী আগবঢ়ায় বুলি অখিল গগৈয়ে জানিবলৈ দিয়ে।