সৰ্প দংশনৰ চিকিৎসাৰ ক্ষেত্ৰত এক নতুন অধ্যায় সূচনা বিশ্বনাথ চাৰিআলি মহকুমা চিকিৎসালয়ৰ
'আমাৰ অসম'ৰ বিশ্বনাথ চাৰিআলিৰ প্ৰতিবেদকঃ সৰ্প দংশনৰ চিকিৎসাৰ ক্ষেত্ৰত বিশ্বনাথ চাৰিআলি মহকুমা চিকিৎসালয়ে এক নতুন অধ্যায় সূচনা কৰিবলৈ সক্ষম হৈছে। চিকিৎসলয়খনৰ জেষ্ঠ চিকিৎসক ডাঃ ৰিপুন চেতিয়াৰ নেতৃত্বত অতিকৈ মাৰাত্মক সাপ গোৱালা সাপে দংশন কৰা এজন লোকক বিশটাকৈ এন্টীভেনম প্ৰদান কৰি সুস্থ কৰা ঘটনাই বিশ্বনাথৰ বাবে সৰ্প দংশন কৰা চিকিৎসাৰ ক্ষেত্ৰত এক নতুন অধ্যায় বুলি বিবেচিত হৈছে। উল্লেখ্য যে দেওবাৰে নিশা চতিয়াৰ বৰঙাবাৰী গাঁৱৰ পবিত্ৰ দাস নামৰ এজন লোকক নিশা প্ৰায় ১০.৩০ বজাত বিষাক্ত গোৱালা সাপে দংশন কৰে। কিন্তু দংশন কৰা লোকজনক নিশা ১২ বজাত বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত অতি জটিল অৱস্থাত লৈ আনে পৰিয়ালৰ লোকে। এই খবৰ বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ জেষ্ঠ চিকিৎসক ডাঃ ৰিপুন চেতিয়াই অৱগত হোৱাৰ লগে লগে অলপো পলম নকৰি মাজ নিশাই চিকিৎসালয়ত উপস্থিত হৈ বিষাক্ত সাপে দংশন কৰা লোক জনৰ চিকিৎসা আৰম্ভ কৰে।
অতি জটিল আৰু অচেতন অৱস্থাত থকা পবিত্ৰ দাসক ডাঃ ৰিপুন চেতিয়াৰ নেতৃত্বত চিকিৎসকৰ দলটোয়ে পৰীক্ষা নিৰীক্ষা কৰি বিশটাকৈ এন্টীভেনম প্ৰদান কৰে। তাৰ পিছতহে দংশন কৰা লোকজনৰ অৱস্থা লাহে লাহে সংকতমুক্ত হোৱাৰ লগতে বৰ্তমান লোকজনৰ অৱস্থা সম্পূৰ্ণ সুস্থ হৈ উঠে। মাজ নিশা এইদৰে ডাঃ ৰিপুন চেতিয়াই অলপো পলম নকৰি অতি জটিল অৱস্থাত থকা লোকজনক চিকিৎসা সেৱা আগবঢ়াই লোকজনক নতুন জীৱন দান কৰাৰ লগতে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়তো নতুন এক অভিলেখৰ সূচনা কৰে। ইয়াৰ পূৰ্বে কিন্তু অতি বিষাক্ত গোৱালা সাপৰ দংশন কৰা লোকক বিশ্বনাথ চাৰিআলি অসমাৰিক চিকিৎসালয়ত চিকিৎসা কৰা হোৱা নাছিল। তথাপিও কিন্তু বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ জেষ্ঠ চিকিৎসক ডাঃ ৰিপুন চেতিয়াই দংশন হোৱা লোকজনৰ জীৱন ৰক্ষাৰ বাবে যি পদক্ষেপ ল'লে তাৰ বাবে ডাঃ চেতিয়াৰ লগতে ডাঃ প্ৰিয়া দত্ত আৰু স্বাস্থ্য কৰ্মী পিণ্টুমণি, লুইজা, নয়ন আৰু নীলয়ক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ভুক্তভোগী লোকজনৰ লগতে পৰিয়ালৰ লোকে।






