Logo
image

৯৯.৪ শতাংশ নম্বৰ লাভেৰে নলবাৰী জিলাৰ ভিতৰত শীৰ্ষ স্থান নন্দিনীৰ

'আমাৰ অসম'ৰ নলবাৰীৰ প্ৰতিবেদকঃ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড চমুকৈ CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ আজি ঘোষিত ফলাফলত নলবাৰী জিলাৰ পানীগাঁৱৰ ছেইণ্ট মেৰিজ স্কুলৰ ছাত্ৰী নন্দিনী ভড়ালীয়ে শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। ৯৯.৪ শতাংশ নম্বৰ লাভেৰে নলবাৰী জিলাৰ ভিতৰত শীৰ্ষ স্থান লাভ কৰি নন্দিনীয়ে জিলাখনলৈ সুনাম কঢ়িয়াই আনিছে৷


জিলাখনৰ বলোৱা গাঁৱৰ ভড়ালী চুবুৰীৰ শিক্ষক কিশোৰ ভড়ালী আৰু অসমী ভড়ালীৰ কন্যা নন্দিনী ভড়ালীয়ে ইংৰাজী বিষয়ত ৯৩, অসমীয়াত ১০০, গণিতত ১০০, বিজ্ঞানত ৯৮, সমাজ বিজ্ঞানত ৯৯, কম্পিউটাৰ বিজ্ঞানত ১০০ নম্বৰসহ মুঠ ৪৯৭ নম্বৰ লাভ কৰি জিলাখনৰ ভিতৰতে শীৰ্ষ স্থান লাভ কৰে। উল্লেখ্য যে এইবাৰৰ দশম শ্ৰেণীৰ পৰীক্ষাত ছেইণ্ট মেৰিজৰ পৰা অৱতীৰ্ণ মুঠ ৬০ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৫৯ গৰাকীয়ে প্ৰথম বিভাগত আৰু এগৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে ২৭ গৰাকীয়ে ডিষ্টিংশ্বন, ১৩ গৰাকীয়ে ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হয়।