Logo
image

পেহেলগামৰ সন্ত্ৰাসবাদীৰ তথ্য দিলেই ২০ লাখ টকা

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৩ মেঃ  ভাৰত-পাকিস্তানৰ মাজত আনুষ্ঠানিক যুদ্ধবিৰতি ঘোষণা হ’ল যদিও পেহেলগাম-কাণ্ডৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে বৰ্তমানেও অভিযান অব্যাহত ৰাখিছে ভাৰতীয়-আৰক্ষীয়ে৷ পেহেলগাম-কাণ্ডৰ প্ৰতিশোধস্বৰূপে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত ‘অপাৰেচন সিন্দূৰ’ চলালেও পেহেলগামত ২৬ জনকৈ পৰ্যটকক গুলীয়াই হত্যা কৰা সন্ত্ৰাসবাদীকেইটাক বৰ্তমানেও ঢুকি পোৱা নাই ভাৰতীয় সেনাই৷  অৱশ্যে পেহেলগাম-কাণ্ডৰ সন্ত্ৰাসবাদীকেইটাক চিনাক্ত কৰাৰ লগতে সন্ত্ৰাসবাদীকেইটা জম্মু-কাশ্মীৰতে আত্মগোপন কৰি থকাৰো সন্দেহ নুই কৰা নাই ভাৰতীয় সেনা তথা জম্মু আৰক্ষীয়ে৷ যাৰ বাবে দক্ষিণ কাশ্মীৰৰ শ্বোপিয়ান জিলাৰ অলিয়ে গলিয়ে দেৱালে দেৱালে ‘সন্ত্ৰাসমুক্ত কাশ্মীৰ’ লিখি পেহেলগাম-কাণ্ডৰ ৩ সন্ত্ৰাসবাদীৰ ফটোসম্বলিত পোষ্টাৰ আঁৰি দি সন্ধান দিওঁতালৈ পুৰস্কাৰো ঘোষণা কৰিছে স্থানীয় আৰক্ষীয়ে৷ আৰক্ষীয়ে সন্ত্ৰাসবাদীকেইটাৰ পোষ্টাৰ আঁৰি দি সন্ধান দিব পাৰিলে ২০লাখ টকাৰ নগদ ধনৰ পুৰস্কাৰ ঘোষণা কৰা দেখা গৈছে৷ আৰক্ষীয়ে লগতে সন্ধান দিওঁতাৰ পৰিচয় গোপনে ৰখাৰো প্ৰতিশ্ৰুতি দিছে৷


নিৰাপত্তা সংস্থাই দাবী কৰা মতে পেহেলগাম-কাণ্ডৰ তিনিও সন্ত্ৰাসবাদী লস্কৰ-ঈ-তৈবাৰ দুৰ্ধৰ্ষ কেডাৰ৷ চিনাক্ত কৰা ৩ সন্ত্ৰাসবাদীৰ অন্যতম আদিল হুছেইন ঠোকাৰ কাশ্মীৰৰ অনন্তনাগৰ বাসিন্দা৷ বাকী দুজন আলী ভাই ওৰফে তালহ ভাই আৰু হাছিম মুছা ওৰফে ছুলেমান হৈছে পাকিস্তানী নাগৰিক৷ ইফালে, ভাৰতীয় সেনাই অব্যাহত ৰখা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই মঙলবাৰে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ‘অপাৰেচন কেলাৰ’ শীৰ্ষক আন এটা সন্ত্ৰাসবাদী অভিযান চলায়৷ মঙলবাৰে পুৱাই কাশ্মীৰৰ শ্বোপিয়ান জিলাৰ কেলাৰ নামৰ অঞ্চলটোত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতীয় সেনাৰ বিশেষ বিদ্ৰোহী বিৰোধী ৰেজিমেণ্ট ‘ৰাষ্ট্ৰীয় ৰাইফল্‌ছে’ অভিযান চলায়৷ এই অভিযানক ৰাষ্ট্ৰীয় ৰাইফল্‌ছে নাম দিয়ে ‘অপাৰেচন কেলাৰ’৷ অভিযানত সেনাৰ গুলীত নিহত হয় ৩টাকৈ সন্ত্ৰাসবাদী৷ নিহত দুজন সন্ত্ৰাসবাদীক চিনাক্ত কৰিছে যদিও এজনক বৰ্তমানেও চিনাক্ত কৰিব পৰা নাই৷ চিনাক্ত হোৱা এটা সন্ত্ৰাসবাদীৰ নাম ছাহিদ কুট্টে৷ ২০২৩ চনৰ ৮ মাৰ্চত লস্কৰ-ই-তৈবাত যোগদান কৰা সন্ত্ৰাসবাদীটোৱে বিগত বৰ্ষৰ ৭ এপ্ৰিলত দানিছ ৰিজ’ৰ্টত গুলীচালনাৰ ঘটনাৰে জড়িত আছিল৷ য’ত দুজন জাৰ্মান পৰ্যটকসহ এজন গাড়ী চালক আহত হৈছিল৷ দ্বিতীয়টো সন্ত্ৰাসবাদীৰ নাম হৈছে আদনন ছফি দাৰ৷ ২০২৪ চনত লস্কৰ-ই-তৈবাত যোগদান কৰা আদননে শ্বোপিয়ানতে এজন প্ৰব্ৰজিত শ্ৰমিকৰ হত্যাৰ ঘটনাৰে জড়িত আছিল৷