অসমৰ এগৰাকী মহিলালৈ পাকিস্তানৰ পৰা আহিল ফোন, কি ক'লে মহিলাগৰাকীক?
'আমাৰ অসম'ৰ আগমনিৰ প্ৰতিবেদকঃ ভাৰতে পাকিস্তানক 'অপাৰেশ্যন সিন্দূৰ'ৰ জৰিয়তে যোগ্য প্ৰত্যুত্তৰ দিয়াৰ পাছতে ভাৰতীয় বীৰ সেনা জোৱানৰ ওচৰত একপ্ৰকাৰ সেও মানিবলৈ বাধ্য হয়। তাৰ পাছতে দুয়োখন দেশৰ মাজত আনুষ্ঠানিকভাৱে যুদ্ধবিৰতি ঘোষণা কৰা হয়। যুদ্ধবিৰতি ঘোষণা কৰা হৈছে যদিও সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এতিয়াও 'অপাৰেশ্যন সিন্দূৰ' অব্যাহত আছে বুলি পাকিস্তানক সকিয়নী দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তাৰ মাজতে অসমৰ এটা পৰিয়াললৈ পাকিস্তানৰ পৰা আহিছে ফোন। বুধবাৰে পুৱা গোলকগঞ্জ থানাৰ সমীপৰ এটি পৰিয়ালৰ মোবাইলত পাকিস্তানৰ পৰা বাৰে বাৰে ফোন কল অহা ঘটনাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
জানিব পৰা মতে, গোলকগঞ্জৰ বিশিষ্ট ব্যৱসায়ী শংকৰ চন্দৰ পত্নী প্ৰীতি চন্দৰ মোবাইলত পুৱা ৫ বজাত এটা ফোন কল আহে। চিলমিল টোপনিত ফোনটো ৰিচিভ কৰে যদিও সিফালৰ পৰা কোনা উত্তৰ নাহে। কিছু সময় পিছত পুনৰ অহা ফোন কল ৰিচিভ কৰাতো সিফালৰ পৰা কোনো মাত নাহে। উপায়ন্তৰ হৈ মোবাইল চাইলেন্ট কৰি শুই থাকে। পিছত টোপনিৰ পৰা উঠি মোবাইলত ফোন নম্বৰ দেখি আচৰিত হৈ পৰে তেওঁ। কাৰণ নম্বৰৰ আৰম্ভণি +92 ৰে অৰ্থাত পাকিস্তানৰ পৰা অহা ফোন কল। সম্পূৰ্ণ নম্বৰটো +923138098094। ফোন কলটো পাকিস্তানৰ পৰা অহা বুলি নিশ্চিত হোৱাত পৰিয়ালৰ লোক যথেষ্ট চিন্তিত হৈ পৰে। কাৰণ ৫ বাৰকৈ ফোন আহিছিল এই নম্বৰটোৰ পৰা। উপায়ন্তৰ হৈ পৰিয়ালৰ লোকে গোলকগঞ্জ থানাত এই সন্দৰ্ভত লিখিত ভাবে অৱগত কৰে। এয়া পাকিস্তানৰ ছাঁয়া যুদ্ধৰ অংশ বিশেষ চাইবাৰ যুদ্ধ বুলি অভিজ্ঞ মহলে মত প্ৰকাশ কৰিছে।






