মহিলাৰ বিৰুদ্ধে অশালীন মন্তব্য লিখি আটক ইছমাইল হুছেইন
'আমাৰ অসম'ৰ মঙলদৈৰ প্ৰতিবেদকঃ মঙলদৈৰ এগৰাকী শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সামাজিক মাধ্যমত অশালীন মন্তব্য লিখাৰ অপৰাধত মঙলদৈ কাৰাগাৰৰ আলহী হ'ল বিতৰ্কিত লিখক ইছমাইল হুছেইন৷ মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন জ্যোতি বৰাৰ নেতৃত্বত এটি আৰক্ষীৰ দলে বৃহস্পতিবাৰে নিশা যোৰহাট গড় আলিৰ এটি মছজিদৰ পৰা আটক কৰে ইছমাইল হুছেইনক। উল্লেখযোগ্য যে শিক্ষয়িত্ৰী গৰাকীয়ে ইছমাইল হুছেইনৰ বিৰুদ্ধে সামাজিক মাধ্যমত দত্তক অশালীন মন্তব্য কৰাৰ বাবে মঙলদৈ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল।
উক্ত এজাহাৰৰ ভিত্তিতেই মঙলদৈ আৰক্ষী থানাত ৰজু হোৱা ভাৰতীয় ন্যায় সংহিতাৰ ৭৯ ধাৰা আৰু তথ্য প্ৰযুক্তি আইনৰ ৬৭ (ক) ধাৰাৰ অধীনৰ ৮৪/২৫ গোচৰত ইছমাইল হুছেইনক আটক কৰে বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে হুছেইনৰ মোবাইল ফোনৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত যোৰহাটৰ গড়আলিৰ পৰা আটক কৰে। আৰক্ষীয়ে আজি আবেলি ইছমাইল হুছেইনক ন্যায়িক আদালতত হাজিৰ কৰোৱাত আদালতে বিতৰ্কিত লিখক গৰাকীক মঙলদৈ জিলা কাৰাগাৰৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷






