Logo
image

কোকৰাঝাৰত পশ্চিমবংগ, বিহাৰৰ ১১টা চিলনী চোৰক আটক

'আমাৰ অসম'ৰ কোকৰাঝাৰৰ প্ৰতিবেদকঃ কোকৰাঝাৰ আৰক্ষীৰ বৃহৎ সফলতা। বৃহস্পতিবাৰে ভাৰতীয় ষ্টেট বেংকৰ কোকৰাঝাৰ চহৰ স্থিত কোৰ্টপাৰা মুখ্য শাখাৰ সমীপৰ পৰা বলেৰ' বাহনৰ আইনা ভাঙি দুইলাখ লুট কৰি নিয়াৰ ঘটনাৰ পিছতে কোকৰাঝাৰ আৰক্ষীয়ে বিভিন্ন অঞ্চলত অভিযান চলাই কোকৰাঝাৰত সন্ত্ৰাসৰ সৃষ্টি কৰা ১১টা চিলনী চোৰ আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে আটক কৰা চিলনী চোৰকেইটা বিহাৰ আৰু পশ্চিমবংগৰ বুলি কোকৰাঝাৰ আৰক্ষীয়ে সদৰি কৰিছে। আটকাধীন চিলনী চোৰকেইটা হৈছে বিহাৰৰ অমিত কুমাৰ যাদৱ(৩৫), ৰাহুল কুমাৰ যাদৱ(৪০), পশ্চিমবংগৰ জিতু গোৱালা(৫০), ৰোহিত গোৱালা(৩০), কুবেৰ গোৱালা(৩০), দীপক সিং(৫৫), মুন্না গোৱালা(৫৫), শৰ্মা গোৱালা(৫৫), অজয় গোৱালা(৪৮), ছনী গোৱালা(২৫) আৰু ৰূপ লাল সিং(৫৫)। 


উল্লেখযোগ্য যে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পৃথ্বিৰাজ ৰাজখোৱাৰ নেৰ্তৃত্বত চিলনী চোৰৰ বিৰুদ্ধে অভিযান চলিছিল। আৰু ২৪ ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে ১১ টাকৈ  চিলনী চোৰক আটক কৰাত সন্তোষ প্ৰকাশ কৰিছে সচেতন নাগৰিকে। ইফালে বিহাৰ আৰু পশ্চিমবংগৰ চিলনী চোৰৰ গেং উৎখাত কৰাটো কোকৰাঝাৰ আৰক্ষীৰ বাবে বৃহৎ সফলতা বুলি বিবেচিত হৈছে। আৰক্ষীয়ে তদন্তৰ স্বাৰ্থত অধিক তথ্য প্ৰদানৰ পৰা বিৰত আছে আৰু চিলনী চোৰকেইটাক অধিক তথ্যৰ বাবে সোধ-পোছ অব্যাহত ৰাখিছে। আৰক্ষীয়ে আটক কৰা চিলনী চোৰ কেইটাৰ পৰা নগদ ধন, মোবাইল ফোন স্ক্ৰু ড্ৰাইভাৰ সহ বিভিন্ন সা সৰঞ্জাম আৰু নথি-পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।