৯৫.৮ শতাংশ নম্বৰেৰে উজলিল দৰিদ্ৰ ঘৰৰ সন্তান অংকুৰ
'আমাৰ অসম'ৰ কোকৰাঝাৰৰ প্ৰতিবেদকঃ দৰিদ্ৰতা কেতিয়াও সফলতাৰ হেঙাৰ হ'ব নোৱাৰে। এই কথা পুনৰ বাৰ প্ৰমাণিত কৰিছে সদ্যঘোষিত CBSE পৰীক্ষাত কোকৰাঝাৰ জিলাৰ প্ৰতাপ খাতা ভিচিডিচিৰ অন্তৰ্গত হাতাছাৰা গাঁৱৰ অতি দৰিদ্ৰ ঘৰৰ সন্তান অংকুৰ ৰায় নামৰ ছাত্ৰ জনে।উল্লেখ্য যে জগন্নাথ ৰায়ৰ পুত্ৰ অংকুৰ ৰায়ে সদ্য ঘোষিত CBSE পৰীক্ষাত ৯৫.৮ শতাংশ নম্বৰ লাভ কৰি সমগ্ৰ অঞ্চলটোলৈ আনন্দৰ বন্যা বোৱাবলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে অংকুৰ ৰায়ৰ এই সাফল্যত গাঁওবাসী উৎফল্লিত হোৱাৰ লগতে বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেয়ো আনন্দ প্ৰকাশ কৰিছে। আজি হাতাছাৰা গাঁৱৰ গাওঁবুঢ়া সহ চিথিলা ভিচিডিচিৰ অধ্যক্ষ কনকেশ্বৰ ৰায় আৰু প্ৰতাপ খাতা ভিচিডিচিৰ অধ্যক্ষ খৰ্গেশ্বৰ নাথ সহ শিক্ষক দীপক বৰ্মন, নুৰজামাল সেখ, গোপাল বৰ্মন আদি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ অংকুৰ ৰায়ৰ ঘৰত উপস্থিত হয় আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে ইএম অৰূপ কুমাৰ দেই প্ৰেৰণ কৰা আৰ্থিক অনুদানো আগবঢ়ায়।






