Logo
image

গৌৰৱক প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব দিয়াৰ প্ৰস্তুতি, দৌৰত প্ৰদ্যুতো

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ মেঃ  ইটোৰ পিছত সিটো নিৰ্বাচনত ধাৰাবাহিকভাৱে মুখ থেকেচা খোৱাৰ পাছত দিল্লীৰ কংগ্ৰেছৰ হাইকমাণ্ডে এইবাৰ প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতিৰ সন্ধানত ‘অভিযান’ আৰম্ভ কৰিছে৷ কংগ্ৰেছৰ এটা উচ্চ স্তৰীয় সূত্ৰই জনোৱা মতে গৌৰৱ গগৈ হ’ব পাৰে প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি৷  বৰ্তমানৰ সভাপতি ভূপেন কুমাৰ বৰাৰ ঠাইত নতুন সভাপতিৰ নাম ঘোষণা কৰিবৰ বাবে নতুন দিল্লীত শুকুৰবাৰে সন্ধিয়া অনুষ্ঠিত হয় কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বৰ বিশেষ বৈঠক৷ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী, কে চি বেণু গোপাল আৰু জীতেন্দ্ৰ সিঙৰ লগতে বৈঠকত অসমৰ পৰা উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ ৰকিবুল হুছেইন, সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু জাকিৰ হুছেইন শিকদাৰ৷ জানিব পৰা মতে এই হাইভল্টেজ বৈঠকতে শেহতীয়া পঞ্চায়ত নিৰ্বাচনত দলৰ শোচনীয় পৰাজয়ৰ সন্দৰ্ভত হাইকামাণ্ডৰ ওচৰত প্ৰতিবেদন দাখিল কৰে ভূপেন বৰাই৷ উল্লেখ্য যে লোকসভাৰ নিৰ্বাচনৰ লগতে বিধানসভাৰ পাচটা সমষ্টিৰ উপ-নিৰ্বাচন, স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন তথা শেহতীয়া পঞ্চায়ত নিৰ্বাচনত অসমত কংগ্ৰেছ দলে শোচনীয় প্ৰদৰ্শন কৰিছে৷ সঠিক নীতি আৰু বাক্য বচনেৰে দলক আগবঢ়াই নিয়াৰ পৰিৱৰ্তে অসম কংগ্ৰেছৰ একাংশ নেতাই শাসকীয় বিজেপিৰ সুবিধা হোৱাকৈহে কাম কৰা বুলি অভিযোগ উঠিছে৷


এনে প্ৰেক্ষাপটত মৃতপ্ৰায় কংগ্ৰেছ দলক উদ্ধাৰৰ বাবে কংগ্ৰেছৰ হাইকমাণ্ডে আন এজন নেতাক সভাপতিৰ গুৰুদায়িত্ব অৰ্পন কৰাৰ বিষয়ে চিন্তা কৰিছে৷ এইক্ষেত্ৰত কংগ্ৰেছ হাইকমাণ্ডৰ প্ৰথম পছন্দ গৌৰৱ গগৈ৷ কিন্তু কংগ্ৰেছ হাইকমাণ্ডৰ এটা প্ৰভাৱশালী অংশই গৌৰৱ গগৈক এতিয়াই ৰাজ্যৰ ৰাজনীতিলৈ পঠিয়াব খোজা নাই৷ কাৰণ সংসদত গৌৰৱ গগৈয়ে দলৰ হৈ এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে৷ তেনেক্ষেত্ৰত হাইকমাণ্ডৰ দ্বিতীয় পছন্দ হ’ল সাংসদ প্ৰদ্যুৎ বৰদলৈ৷ অৱশ্যে প্ৰদ্যুৎ বৰদলৈয়ে এই দায়িত্ব ল’বলৈ ৰাজি হয়নে নহয়, সেয়া সময়তহে গম পোৱা যাব৷ উল্লেখ্য, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা তথা বিজেপিৰ বাৰম্বাৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে গৌৰৱ গগৈ৷ ৰাজনৈতিক সমালোচকৰ মতে বিজেপিৰ কৰ্মকাণ্ড দেখিলে এনে লাগে যেন কেৱল গৌৰৱ গগৈকহে ভয় কৰে বিজেপিয়ে৷ সেয়েহে হয়তো অসমত বিজেপিৰ চৰকাৰৰ বেলি মাৰ ঘটোৱাৰ লক্ষ্যৰে কংগ্ৰেছে তুৰুপৰ তাচ হিচাপে আগবঢ়াই দিব পাৰে গৌৰৱ গগৈক৷ সেয়ে হ’লে ভূপেন বৰাৰ এআইচিচিৰ বিশেষ দায়িত্ব দিয়া হ’ব৷ অৱশ্যে গৌৰৱ গগৈৰ সমান্তৰালভাৱে প্ৰদ্যুৎ বৰদলৈৰ লগতে দেৱব্ৰত শইকীয়া আৰু ৰিপুণ বৰাৰ নামো চৰ্চালৈ আহিছে৷ অন্তিম মুহূৰ্তত কংগ্ৰেছৰ হাইকামাণ্ড কি সিদ্ধান্ত গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব৷