Logo
image

পাকিস্তানৰ বিৰুদ্ধে জনমত গঢ়িবলৈ দেশ-বিদেশলৈ সৰ্বদলীয় প্ৰতিনিধি

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৬ মেঃ   আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ স্বৰূপ আৰু সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষক হিচাপে দেশখনে অব্যাহত ৰখা কাৰ্যকলাপ উন্মোচন কৰিবলৈ ভাৰতে দেশে দেশে সাংসদৰ প্ৰতিনিধি দল প্ৰেৰণ কৰিব৷ দেশৰ সকলো ৰাজনৈতিক দল নিৰ্বিশেষে কেন্দ্ৰীয় চৰকাৰে প্ৰায় ৩০-৪০জন সাংসদৰ প্ৰতিনিধিক পৃথকে পৃথকে ভিন ভিন দেশলৈ প্ৰেৰণ কৰিব৷ সম্ভৱতঃ অহা ২২ কিম্বা ২৩ মে’ৰ পৰা এই প্ৰতিনিধি দলক পৃথক পৃথক ৰাষ্ট্ৰলৈ প্ৰেৰণ কৰা হ’ব৷ প্ৰতিনিধি দলে বিদেশী ৰাষ্ট্ৰত সাংসদ-মন্ত্ৰী, বিৰোধী দলক সাক্ষাৎ কৰি ভাৰত-পাক শেহতীয়া সংঘাত সন্দৰ্ভত প্ৰকৃত পৰিস্থিতি কি সেয়া বৰ্ণনা কৰিব৷ শেহতীয়াকৈ পাকিস্তানে সাম্প্ৰতিক সংঘাতৰ কেতবোৰ ‘প্ৰপাগাণ্ডা’ সৃষ্টি কৰি ভাৰতৰ বিৰুদ্ধে অপযশ অনাৰ প্ৰয়াস চলাই আছে৷ পাকিস্তানে দেশবাসীক ভুৱা বাতৰি দি থকাৰ লগতে সমগ্ৰ বিশ্বত প্ৰচাৰ চলাই আছে যে, শেহতীয়া সংঘাতত পাকিস্তানে ভাৰতক পৰাস্ত কৰিছে৷ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ, উপ-প্ৰধানমন্ত্ৰী ইছাক ডাৰে দেশৰ ঠায়ে ঠায়ে পাকিস্তানৰ বিজয় উৎসৱ উদ্‌যাপন কৰি আছে৷ অথচ ভাৰতৰ সামৰিক বাহিনীৰ আঘাতত দেশৰ বিমানঘাটি আৰু সামৰিক ঘাটিত হোৱা ক্ষত এতিয়ালৈকে মেৰামতি কৰিব পৰা নাই দেশখনে৷ প্ৰসংগতঃ উল্লেখযোগ্য, ১৯৭১ চনত ভাৰতৰ সৈতে হোৱা যুদ্ধ শেষ হোৱাৰ পাছত পাকিস্তানৰ জনগনে সেই যুদ্ধত পাকিস্তান বিজয়ী হোৱা বুলিয়েই জানি আছিল৷ পাছত বি বি চিয়ে ভাৰতৰ বিজয় আৰু বাংলাদেশ সৃষ্টি হোৱাৰ খবৰ প্ৰকাশ কৰাতহে পাকিস্তানী নাগৰিকে কৰোঁ-নকৰোঁকৈ প্ৰকৃত সত্যটো বিশ্বাস কৰিছিল৷


পাকিস্তানৰ ‘প্ৰপাগাণ্ডা’ উন্মোচন কৰাৰ বাবেই ভাৰতৰ এই বিৰাট কূটনৈতিক অভিযান৷ ইতিমধ্যে ভাৰতৰ বৈদেশিক মন্তণালয়ে চৰকাৰী পক্ষ বিজেপিৰ সাংসদৰ উপৰি কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, ডি এম কে, এন চি পি, জে ডি ইউ, বিজেডি, চি পি আই [এম] আদি দলৰ সাংসদক ২২-২৩ মে’ৰ পৰা ১০ দিনীয়া বিদেশ ভ্ৰমণৰ বাবে সাজু থাকিবলৈ পত্ৰ প্ৰেৰণ কৰিছে৷ যাত্ৰাৰ পূৰ্বে তেওঁলোকক বৈদেশিক মন্ত্ৰণালয়ে ভাৰতৰ মন্তব্য কি হ’ব সেয়া বুজাই দিব৷ ইয়াৰ একোটাকৈ দলে একাধিক দেশ ভ্ৰমণ কৰিব৷

সাম্প্ৰতিক সংঘাতত কংগ্ৰেছৰ দলীয় স্থিতিৰ পৰা আঁতৰি ব্যক্তিগত মন্তব্যৰে কংগ্ৰেছক অস্বস্তিত পেলাই থকা শশী থাৰুৰৰ উপৰি মনীষ তিৱাৰী, ছালমান খুৰছিদ, অমৰ সিং, তৃণমূল কংগ্ৰেছৰ সুদীপ বেনাৰ্জী, জেডিইউৰ সঞ্জয় ঝা, এন চি পিৰ সুপ্ৰিয়া সূলে, ডি এম কেৰ কানিমোঝি, চি পি আইৰ জন ব্ৰিটাছ, এ আই এম আই এমৰ আছাদুদ্দিন অৱেইছি, বিজেপিৰ অনুৰাগ ঠাকুৰ, অপৰাজিত সাৰেংগীৰ বিদেশ ভ্ৰমণ নিশ্চিত হৈছে৷ অৱশ্যে ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ অন্যতম গুৰুত্বপূৰ্ণ সদস্য গৌৰৱ গগৈৰ যাত্ৰা সন্দৰ্ভত এতিয়ালৈকে কোনো তথ্য নাই৷ এই সমগ্ৰ অভিযান এতিয়া পৰিচালনা কৰি আছে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে৷