Logo
image

নগাঁৱৰ বিপঞ্চিকা বৰালৈ ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় জলপানি

'আমাৰ অসম'ৰ নগাঁৱৰ প্ৰতিবেদকঃ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনৰ চি চি আৰ টিৰ ২০২৪-২৫ বৰ্ষৰ ৰাষ্ট্ৰীয় জলপানি লাভ কৰিবলৈ সক্ষম হৈছে নগাঁৱৰ ছাত্ৰী বিপঞ্চিকা বৰাই। নগাঁৱৰ মণিকাঞ্চন কলা-কৃষ্টি বিদ্যালয়ৰ প্ৰশিক্ষাৰ্থী বিপঞ্চিকা বৰাই বিশিষ্ট সত্ৰীয়া শিল্পী কেহুৰাম বৰাৰ তত্বাৱধানত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰি এই কৃতিত্ব অৰ্জন কৰিছে। 


সদ্যঘোষিত এই ফলাফলত সফলতা লাভ কৰা বিপঞ্চিকা বৰা হৈছে নগাঁৱৰ কনচেপ্ট উচ্চ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী। চাৰি বছৰ বয়সৰ পৰাই সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰি অহা বিপঞ্চিকা বৰা নগাঁৱৰ মৌখাতিৰ নাট্যশিল্পী সঞ্জীৱ কুমাৰ বৰা আৰু নৃত্যপ্ৰেমী মালৱিকা বৰাৰ জীয়ৰী। আজৰি সময়ত গান শুনি ভালপোৱা ছাত্ৰী গৰাকীৰ এই সফলতাক লৈ এতিয়া উৎফুল্লিত হৈ পৰিছে মৌখাতি অঞ্চলবাসী।