Logo
image

জয় হ’লেও ‘বিজয় উৎসৱ’ নহ’ব

◾২ মে’ত সংযমৰ আহ্বান সৰ্বদলীয় বৈঠকৰ

◾ভোটগণনাত বিশেষ ক’ভিডবিধি

আমাৰ অসম, ২৩ এপ্ৰিলঃ ভোটত জয়ী হ’লেও এইবাৰ নহ’ব বিজয় উৎসৱ৷ ক’ভিডসৃষ্ট পৰিস্থিতি সন্দৰ্ভত অনুষ্ঠিত সৰ্বদলীয় বৈঠকত এই কথা প্ৰায় নিশ্চিত কৰা হয়৷ ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সকলো ৰাজনৈতিক দলে ২ মে’ত বিজয় উৎসৱ অনুষ্ঠিত নকৰিবলৈ সংকল্পবদ্ধ হয়৷ বৃহস্পতিবাৰ সাম্প্ৰতিক জটিল ক’ভিড পৰিস্থিতি সম্পৰ্কত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত সৰ্বদলীয় বৈঠকত ৰাজ্যৰ সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে ২ মে’ত সংযমী হোৱাৰ বাবে সংকল্প গ্ৰহণ কৰে৷ মুখ্যমন্ত্ৰী সোণোৱালে সকলো ৰাজনৈতিক দলক দুই মে’ত সংযম ৰক্ষা কৰিবলৈ আহ্বান জনায়৷ ইয়াৰ পৰিপ্ৰেক্ষিতত বিজয় উৎসৱ সন্দৰ্ভত ২৫/২৬ এপ্ৰিলত এখন নতুন এছ অ’ পি প্ৰকাশ কৰা হ’ব বুলি প্ৰকাশ কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ মন্ত্ৰী শৰ্মাই ভোটগণনা কেন্দ্ৰত ক’ভিড প্ৰট’কল কঠোৰভাৱে বলৱৎ কৰা হ’ব বুলি স্পষ্ট কৰি দিয়ে৷ ৰাজনৈতিক দলসমূহে বিজয় উৎসৱ পালন নকৰো বুলি সংকল্পবদ্ধ হৈছে যদিও সেয়া কাৰ্যক্ষেত্ৰত হৈ উঠেনে নাই সেয়া ৰাজ্যবাসীয়ে দেখিব ২ বা ৩ মে’ত৷ বৃহস্পতিবাৰে গুৱাহাটীৰ প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত সৰ্বদলীয় বৈঠকৰ পাছত মুখ্যমন্ত্ৰী সোণোৱালে কয়–ৰাইজক ৰক্ষা কৰিবলৈ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে৷ লকডাউনৰ দৰে পদক্ষেপ যাতে ল’বলগীয়া নহয় তাৰ বাবে সকলোৱে ঐক্যবদ্ধভাৱে কাম কৰিব লাগিব৷ সৰ্বদলীয় বৈঠকত অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, ৰাজইৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই পুনৰ লকডাউন দিয়াৰ পৰিৱৰ্তে আন ফলপ্ৰসু পদক্ষেপ গ্ৰহণৰ পৰামৰ্শ দিয়ে৷ বৈঠকত অধ্যক্ষতা কৰি মুখ্যমন্ত্ৰীয়ে ক’ভিড-১৯ৰ এই জটিল পৰিস্থিতিত সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলক ঐক্যবদ্ধভাৱে এই অতিমাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে আহ্বান জনায়৷ মুখ্যমন্ত্ৰীয়ে লগতে তৃণমূল পৰ্যায়ত ক’ভিড-১৯ অতিমাৰী আৰু চৰকাৰে জাৰি কৰা নিৰ্দেশাৱলীসমূহ আখৰে আখৰে পালন কৰা  সন্দৰ্ভত জনসচেতনতা সৃষ্টি কৰাৰ দিশত প্ৰতিটো ৰাজনৈতিক দলৰ কৰ্মকৰ্তাসকলক নিয়োজিত কৰাৰ বাবেও আহ্বান জনায়৷ বৈঠকত মুখ্যমন্ত্ৰীয়ে লগতে জনায় যে ৰাজ্য চৰকাৰে টেষ্টিং, ট্ৰেচিং, চিকিৎসা, ক’ভিড বিধিৰ যথোচিত পালন আৰু টিকাকৰণৰ দৰে ক’ভিড-১৯ অতিমাৰীৰ বিৰুদ্ধে পঞ্চসূত্ৰ নীতিৰে আগবঢ়াৰ পদক্ষেপ লৈছে৷ এই মুহূৰ্তত জনসাধাৰণৰ জীৱন ৰক্ষা কৰাটোৱে চৰকাৰৰ জনসাধাৰণে ক’ভিড বিধি মানি চলাৰ ওপৰতে এই অতিমাৰীৰ বিৰুদ্ধে সফলতাৰে যুদ্ধ কৰাটো বহু পৰিমাণে নিৰ্ভৰ কৰিছে ৷ ৰাজ্য চৰকাৰে জনসাধাৰণক যথাসম্ভৱ উৎকৃষ্ট সেৱা আগবঢ়োৱাৰ দিশত বদ্ধপৰিকৰ৷ নিজৰ লগতে পৰিয়াল তথা আত্মীয়-স্বজনক সুৰক্ষিত কৰি ৰখাৰ দিশত জনসাধাৰণ অধিক সচেষ্ট হ’ব লাগিব৷ ক’ভিডৰ প্ৰথম জোৱাৰৰ সময়ত ৰাজ্যখনৰ স্বাস্থ্য আন্তঃগাঁথনি কিছু পৰিমাণে দুৰ্বল আছিল বিগত সময়ছোৱাত চৰকাৰখনে এই ক্ষেত্ৰত শক্তিশালী এক ব্যৱস্থাৰ সৃষ্টি কৰিছে৷ বৈঠকত স্বাস্থ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বক্তব্য প্ৰদান কৰি ক’ভিডৰ নীতি-নিয়ম যথোচিতভাৱে পালনৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে এই দিশত সজাগতা আৰু ঐক্যবদ্ধ প্ৰয়াস চলাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে৷ ক’ভিডৰ দ্বিতীয় জোৱাৰ যথেষ্ট জটিল বুলি উল্লেখ কৰি স্বাস্থ্যমন্ত্ৰীজনে এই দিশত সংঘবদ্ধ প্ৰয়াস চলোৱাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে৷ বৰ্তমান এই ৰোগৰ চিকিৎসাৰ দিশত প্ৰয়োজনীয় আন্তঃগাঁথনি বা ব্যৱস্থা পৰ্যাপ্ত পৰিমাণে আছে৷ ৰোগীৰ সংক্ৰমণৰ সংখ্যা বৃদ্ধি হ’লে ই এক কঠিন প্ৰত্যাহ্বান হিচাপে থিয় হ’ব ৷ ইয়াৰ বাবে স্বাস্থ্য আন্তঃগাঁথনি বৃদ্ধি, আই চি ইউ বেড তথা অক্সিজেনৰ যোগান বৃদ্ধি কৰাৰ ওপৰত যথেষ্ট পৰিমাণে গুৰুত্ব আৰোপ কৰা হৈছে৷ ৪৫ বছৰ বয়ৰ ঊদ্ধৰ্ৰ ব্যক্তিসকলৰ টিকাকৰণ প্ৰক্ৰিয়া বৰ্তমানে চলাই থকা হৈছে আৰু মে’ৰ প্ৰথম সপ্তাহৰ পৰা ১৮ ৰ পৰা ৪৫ বছৰ বয়সৰ ব্যক্তিসকলৰ টিকাকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব৷ ইতিমধ্যে ভাৰত বায়’টেকৰ ওচৰত ইয়াৰ বাবে ১ কোটি ভেকচিন যোগান ধৰাৰ বাবে যোগাযোগ চলোৱা হৈছে আৰু চেৰাম ইনষ্টিটিউটৰ পৰাও অতিৰিক্ত ৰ কোটি ভেকচিন যোগান ধৰাৰ সম্পৰ্কত আজিয়েই সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলিও তেওঁ কয়৷ অসম আৰোগ্য নিধিত সম্প্ৰতি জমা থকা প্ৰায় ১১৯ কোটি টকা টিকাকৰণৰ এই প্ৰক্ৰিয়াত ব্যয় কৰা হ’ব৷ বৈঠকত এজেপিৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই ৰাজ্য চৰকাৰক ক’ভিডসৃষ্ট পৰিস্থিতিৰ সুযোগ লৈ ব্যক্তিগত খণ্ডৰ হাস্পতালসমূহে যাতে জধে-মধে অতিৰিক্ত নিৰিখ ল’ব নোৱাৰে তাৰ তীক্ষ্ণ নজৰ দিবলৈ আহ্বান জনায়৷ তদুপৰি তেওঁ ক’ভিড ৰোগীৰ বাহিৰেও অন্যান্য ৰোগীও যাতে উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত নহয়, তাৰো ব্যৱস্থা কৰিবলৈ আহ্বান জনায়৷ বৈঠকত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি  ৰিপুণ বৰা, অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, চি পি আই [এম এল]. চি পি আই [এম], ইউ পি পি এল, ৰাইজৰ দল, এন পি পি, নেশ্যনেল ৰিপাব্লিকান কংগ্ৰেছ, ৰাষ্ট্ৰীয় জনতা দলৰ প্ৰতিনিধিসকলেও নিজৰ মত ব্যক্ত কৰে৷