Logo
image

ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিঠি লিখা প্ৰতিযোগিতাত দ্বিতীয় স্থান অধিকাৰ নলবাৰীৰ হিৰণ্য বৰ্মনৰ

'আমাৰ অসম'ৰ বৰভাগৰ প্ৰতিবেদকঃ ভাৰত চৰকাৰৰ যোগাযোগ মন্ত্ৰণালয়ৰ অধীনস্থ ডাক বিভাগৰ উদ্যোগত আয়োজিত চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় ভিত্তিক চিঠি লিখা প্ৰতিযোগিতাত নলবাৰীৰ জাপাৰকুছিৰ হিৰণ্য কুমাৰ বৰ্মনে সমগ্ৰ দেশৰ ভিতৰতে দ্বিতীয় স্থান অধিকাৰ কৰি অসমলৈ গৌৰৱৰ বাৰ্তা বহন কৰিছে৷ প্ৰতিযোগিতাৰ বিষয়বস্তু আছিল 'লিখাৰ আনন্দ: ডিজিটেল যুগত পত্ৰৰ গুৰুত্ব'৷ আকৰ্ষণীয় প্ৰতিযোগিতাখনত তেওঁ অসমৰ ভিতৰত শ্ৰেষ্ঠ হোৱা সূত্ৰে ইনলেণ্ড লেটাৰ কেটেগৰীৰ মুকলি শাখাত অংশগ্ৰহণৰ সুবিধা লাভ কৰিছিল৷ 


এই শাখাত প্ৰথম আৰু তৃতীয় স্থান অধিকাৰ কৰে ক্ৰমে মহাৰাষ্ট্ৰৰ দাদাচাহেব চাদোলকৰ আৰু চত্তিছগড়ৰ ভুৱনেশ্বৰ প্ৰসাদ আগ্ৰেই৷ প্ৰতিযোগিতাৰ চাৰিটা কেটেগৰীত অংশ লৈছিল দেশৰ আটাইকেইখন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ কেইবা লক্ষ প্ৰতিযোগীয়ে৷ ডাক বিভাগৰ সূত্ৰ মতে, কেৱল মহাৰাষ্ট্ৰ ডাক চক্ৰতে অভিলেখ সংখ্যক ১,০৭,৩৮৬ গৰাকী প্ৰতিযোগীয়ে অংশ লৈছিল। নলবাৰীত সাংবাদিকতাৰ বাটকটীয়া প্ৰয়াত হৰি বৰ্মন আৰু আদৰ্শ গৃহিণী কিৰণ বৰ্মনৰ জ্যেষ্ঠ পুত্ৰ হিৰণ্য কুমাৰ বৰ্মনে এখন দৈনিক বাতৰি কাকতত উপ-সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।