
জামুগুৰিহাটত শংকৰ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশনকলৈ ৰাইজৰ ব্যাপক প্ৰস্তুতি
'আমাৰ অসম'ৰ জামুগুৰিহাটৰ প্ৰতিবেদকঃ শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশন অহা বৰ্ষৰ ৬,৭ আৰু ৮ ফেব্ৰুৱাৰীত শংকৰদেৱ সংঘৰ তেজপুৰ জিলা শাখাৰ আতিথ্যত বিস্তৃত কাৰ্যসুচীৰে শোণিতপুৰ জিলাৰ জামুগুৰিহাটত অনুষ্ঠিত হব ৷ আনহাতে এই উদ্দেশ্যৰে প্ৰভাকৰ বৰ্মনক সভাপতি,নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক কাৰ্যকৰী সভাপতি আৰু বিপুল বৰাক সাধাৰণ সম্পাদক হিচাপে লৈ এক শক্তিশালী আদৰণি সমিতি গঠন কৰাৰ লগতে ৩৫ খন বিভিন্ন উপসমিতিও গঠন কৰা হয় ৷ উল্লেখ্য যে অধিৱেশনৰ প্ৰস্তুতিক লৈ আজি জামুগুৰিহাটত বাৰেচহৰীয়া সাংস্কৃতিক প্ৰকল্পত সংঘৰ এখনি সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত হয় ৷ লগতে আদৰণি সমিতিৰ সভাপতি প্ৰভাকৰ বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত সংঘৰ তেজপুৰ জিলা শাখাৰ সাতখনকৈ আঞ্চলিক সমিতিৰ বিষয়ববীয়া সকলৰ লগতে জিলাখনৰ বিভিন্ন অৰাজনৈতিক দল সংগঠনৰ সদস্য সকলে অংশগ্ৰহণ কৰে ৷
উল্লেখযোগ্য যে আদৰণি সমিতিৰ সাধাৰণ সম্পাদক বিপুল বৰাই আঁত ধৰা সভাখনিত অংশগ্ৰহণ কৰি নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই অধিৱেশনখনি সাফল্যমণ্ডিত কৰাত সকলো শ্ৰেণী ৰাইজৰ সহায় সহযোগিতা কামনা কৰে ৷ আনহাতে বিধায়ক গৰাকীয়ে অধিৱেশনস্থলীৰ আন্তগাঠনি উন্নয়নৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱ তথা অতিথি সকলক অধিৱেশনৰ দিনকেইটিত সকলো ধৰণে আতিথ্য আগবঢ়াবলৈ জামুগুৰিবাসী ৰাইজ সাজুৱেই নহয় প্ৰবল আগ্ৰহৰে বাট চাই আছে বুলিও মন্তব্য কৰে বিধায়ক পদ্মই ৷ তদুপৰি সভাত প্ৰায় ৫ কোটি টকাৰ এখনি বাজেটো দাখিল কৰে সম্পাদক বিপুল বৰাই ৷ আজিৰ সভাতে অধিৱেশনস্থলীৰ নাম জ্যোতি-বিষ্ণু স্থলী হিচাপে নামাকৰণ কৰাৰ লগতে অধিবেশন সাফল্যমণ্ডিত কৰিব পৰাকৈ প্ৰয়োজনীয় ধন সংগ্ৰহৰ বহীও প্ৰস্তুত কৰাৰো সভাৰ পৰামৰ্শ বিচাৰে সম্পাদক গৰাকীয়ে ৷ উল্লেখ্য যে অধিৱেশনখনি সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া বিভিন্ন আচঁনি সন্দৰ্ভত সংঘৰ জিলা সভাপতি ড° সুনন্দ তামুলী, সম্পাদক প্ৰদীপ ৰায় প্ৰমুখ্যে বিভিন্নজনে বক্তব্য আগবঢ়ায় ৷ সভাৰ আৰম্ভণিতে যোৱা ২২ এপ্ৰিলত পেহেলগামত সংঘটিত নাৰকীয় হত্যাকাণ্ডত নিহত ব্যক্তি আৰু দেশমাতৃৰ সুৰক্ষাত নিয়োজিত মৃত জোৱান সকলৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ লগতে সুগায়িকা গায়ত্ৰী হাজৰিকাৰ অকাল বিয়োগত দুখ প্ৰকাশ কৰি আত্মাৰ সদগতি কামনা কৰি প্ৰাৰ্থনা জনায় ৷