
তামুলপুৰ জিলা আয়ুক্তৰ ব্যতিক্ৰমী পদক্ষেপ
'আমাৰ অসম'ৰ তামুলপুৰৰ প্ৰতিবেদকঃ তামুলপুৰ জিলাৰ তামুলপুৰ উন্নয়ন খণ্ডৰ ৰৌমাৰী গাঁওৰ ভেলামাৰী চুবুৰী আৰু নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ বাল্টিপাৰ গাঁৱৰ সৰ্বাংগীণ উন্নয়নৰ বাবে তামুলপুৰ জিলাৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে গাঁও দুখনৰ জনসাধাৰণৰ সৰ্বাংগীণ উন্নয়নৰ বাবে মিছন বিকল্প নামৰ এক আঁচনি নিজাববীয়াকৈ হাতত লৈছে ৷ এক ব্যতিক্ৰমী প্ৰচেষ্টাৰে গাঁও দুখনৰ লোকসকলৰ মাজত চৰকাৰী আঁচনি সমূহে যাতে ঢুকি পায় আৰু আৰ্থ-সামাজিক দিশত আন ঠাই সমূহৰ দৰে ফেৰ মাৰি তেওঁলোকৰ স্বাভাৱিক জীৱনধাৰণৰ মানদণ্ড উন্নত হয় তাৰেই অংশ হিচাপে আয়ুক্ত গৰাকীয়ে এই প্ৰয়াস কৰিছে ৷ আনহাতে মহামহিম ৰাজ্যপাল ডাঙৰীয়াই এই মিছন বিকল্পৰ কথা উমান পায় মিছনৰ কাৰ্যকলাপৰ প্ৰশংসা কৰাৰ উপৰিও প্ৰকল্পৰ অধীনস্থ এই গাঁও দুখন নিজে তুলি (Adopt) লৈ চোৱাচিতাৰ দায়িত্ব লোৱাৰ কথা সদৰি কৰাত জিলা আয়ুক্ত তথা চৰকাৰী বিভাগৰ বিষয়ববীয়া সকল আনন্দিত হয় আৰু এই খবৰে জিলাখনৰ বাবেই এক ইতিবাচক খবৰ হৈ পৰে। উল্লেখ্য যে মিছন বিকল্পৰ কামকাজ ক্ষিপ্ৰতাৰে আগবঢ়াৰ বাবে মহামহিম ৰাজ্যপাল গৰাকীয়ে ৰাজ্যপালৰ বিশেষ পুঁজিৰ পৰা এক অনুদান আগবঢ়াইছে বুলি জিলা আয়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে ৷ লগতে জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে এই মিছন বিকল্পৰ প্ৰাথমিক কাম কাজ চোৱাচিতা কৰাৰ বাবে স্বেচ্ছাসেৱী সংস্থা গ্ৰাম্য বিকাশ মঞ্চক দায়িত্ব অৰ্পন কৰে ৷ ইয়াৰ মাজতে জিলা আয়ুক্ত গৰাকীয়ে গ্ৰাম্য বিকাশ মঞ্চই ভাৰত ৰুৰেল লাভলি হুদ মিছন আৰু আজিম প্ৰেমজি ফাউণ্ডেচনৰ অনুদানেৰে ৰূপায়িত হৈ থকা ডৈমু প্ৰকল্পৰ জৰিয়তে প্ৰস্তুত কৰা গি আই এচ মানচিত্ৰ সমূহ পৰীক্ষা কৰি প্ৰশংসা কৰে আৰু উক্ত মানচিত্ৰৰ জৰিয়তে PRA কাৰ্যসূচী কৰি গাঁওখনৰ এক সামগ্ৰিক পৰিকল্পনা প্ৰস্তুত কৰে৷ আনহাতে গ্ৰাম্য বিকাশ মঞ্চৰ স্বেচ্ছাসেৱক সকলে ইতিমধ্যেই তামুলপুৰ জিলাত ৰূপায়িত হৈ থকা ডৈমু প্ৰকল্পৰ অধীনত নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ বাল্টিপাৰ গাঁও পৰিভ্ৰমণ কৰি লোকসকলৰ জীৱন প্ৰণালী, জীৱনধাৰণৰ উপায় শিক্ষা, স্বাস্থ্য, কৃষি, জলসিঞ্চন ৰেচম, হস্ততাঁত, পশুপালন আদিৰ সকলো তথ্য সংগ্ৰহ কৰি এই বিভাগ সমূহক মিছন বিকল্পৰ অধীনত সামৰি লয়। উল্লেখযোগ্য যে উক্ত ডৈমু প্ৰকল্পৰ জৰিয়তে সংগ্ৰহ কৰা তথ্য অনুযায়ী বাল্টিপাৰ গাঁৱৰ মুঠ মাটিকালীৰ ৬৭ হেক্টৰ (প্ৰায় ৫০০ বিঘা) কৃষি ভূমিত কোনো জলসিঞ্চনৰ ব্যৱস্থা নাই ৷ তদুপৰি খেতিৰ বাবে কৃষক সকলে সম্পূৰ্ণ বৰষুণৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়৷ উক্ত তথ্য মতে গাঁওখনৰ মুঠ পৰিয়ালৰ সংখ্যা ১০৭ টা, মুঠ জনসংখ্যা প্ৰায় ৮০০ গৰাকী ৷ তামুলপুৰ জিলাত পি.এম.-কুছুম আঁচনিৰ প্ৰথমবাৰৰ বাবে ৰূপায়ণৰ পৰিকল্পনা এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি ৷ বাল্টিপাৰৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাই বাল্টিপাৰৰ কৃষিক্ষেত্ৰত নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত অগ্ৰণী কৰি তুলিব। আনহাতে ৰৌমাৰীৰ ভেলামাৰী গাঁওৰ মুঠ পৰিয়াল ৯৭ টা ৷ এই গাঁওখনৰো সৰ্বাংগীণ উন্নয়নৰ বাবেই ইতিমধ্যেই কাম হাতত লৈ স্বাস্থ্য, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা, শিশু আৰু মহিলাৰ পুষ্টিকৰণ, জলসিঞ্চন, কৃষি ৰেচম, পশুপালন সহ ২২টা বিভাগৰ বিষয়া তাত গৈ চৰজমিন জৰীপ আৰম্ভ কৰি বেচৰকাৰী সংস্থাৰ দ্বাৰা গাঁওখনৰ সৰ্বাংগীণ উন্নয়নৰ বাবে কাম কাজ হাতত লোৱা হৈছে।
জিলা আয়ুক্তই ৰৌমাৰীৰ ভেলামাৰী আৰু বাল্টিপাৰক স্থায়ী আৰু গ্ৰাম্য উন্নয়নৰ আদৰ্শ গাঁও হিচাপে ৰূপান্তৰিত কৰিবলৈ বিভাগীয় সমন্বয় আৰু ৰাইজৰ অংশগ্ৰহণতো অধিক গুৰুত্ব আৰোপ কৰিছে ৷ আনকি নাৰ্বাডৰ দৰে সংস্থা আহি বিভিন্ন ক্ষেত্ৰত গাঁও খনৰ লোক সকলৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰি আৰ্থ-সামাজিক দিশ উন্নতি কৰিবলৈ বদ্ধপৰিকৰ। এই ক্ষেত্ৰত জিলা আয়ুক্তৰ এনে পদক্ষেপক সঁহাৰি জনাইছে স্থানীয় ভিচিডিচি তথা সামাজিক সংগঠন সমূহে। জিলা আয়ুক্তৰ এই মিছন বিকল্প আচঁনিয়ে এতিয়া গাঁও দুখনৰ সৰ্বাংগীণ উন্নয়নত আশা বতৰা কঢ়িয়াইছে ৷ জিলা আয়ুক্তই ৰৌমাৰীৰ ভেলামাৰী আৰু বাল্টিপাৰক স্থায়ী আৰু গ্ৰাম্য উন্নয়নৰ আদৰ্শ গাঁও হিচাপে ৰূপান্তৰিত কৰিবলৈ বিভাগীয় সমন্বয় আৰু ৰাইজৰ অংশগ্ৰহণতো অধিক গুৰুত্ব আৰোপ কৰিছে ৷