Logo
image

এজোপা আহত গছৰ ভিতৰত জুই, ব্যৰ্থ অগ্নি নিৰ্বাপক বাহিনীও

'আমাৰ অসম'ৰ হাউলীৰ প্ৰতিবেদকঃ বৰপেটা জিলাৰ হাউলীত প্রকাণ্ড এজোপা আহত গছৰ ভিতৰত জ্বলা জুইক কেন্দ্র কৰি ৰাইজৰ মাজত এক কৌতূহলী পৰিৱেশ বিৰাজ কৰিছে। জানিব পৰা মতে, হাউলীৰ ওচৰৰ দাবালিয়াপাৰাত বৰপেটা-হাউলী সংযোগী ৰাজ্যিক ঘাইপথৰ কাষৰ বহু বছৰ পুৰণি এজোপা আহত গছৰ ভিতৰৰ পৰা দেওবাৰে হঠাত ধোঁৱা উলোৱাত চাবলৈ যাওঁতে স্থানীয় লোকে ভিতৰত জুই জ্বলি থকা প্ৰত্যক্ষ কৰে।


এজোপা জীয়া আহত গছৰ ভিতৰত জুই কেনেকৈ জ্বলিল এইলৈ ৰাইজৰ মাজত কৌতুহলৰো সৃষ্টি হয়। পিছত ভিতিগ্ৰস্ত হৈ অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোকে আপ্ৰাণ চেষ্টা কৰিও জুইকুৰা নুমুৱাবলৈ সক্ষম নহ'ল বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। জুইৰ সুত্রপাত কিদৰে ঘটিল সেই লৈ ৰাইজ সন্দিহান যদিও উক্ত ঘটনাই স্থানীয় ৰাইজক বিস্মিত কৰি তুলিছে।