শিৱসাগৰত স্কুটী বিচাৰি মেধাৱী ছাত্ৰীৰ উত্তাল প্ৰতিবাদ
'আমাৰ অসম'ৰ শিৱসাগৰৰ প্ৰতিবেদকঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ মেধাৱী ছাত্ৰীয়ে অসম চৰকাৰৰ পৰা স্কুটী বিচাৰি আজি শিৱসাগৰৰ ৰাজপথত প্ৰতিবাদ সমদল উলিয়াই। শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়, আৰ্যভট্ট একাডেমী, শিৱসাগৰ চিনিয়ৰ চেকেণ্ডেৰী স্কুল, ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়, বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি থকা একাংশ মেধাৱী ছাত্ৰীয়ে শিৱদৌলৰ সন্মুখৰ পৰা আয়ুক্তৰ কাৰ্যালয়লৈ প্ৰতিবাদ সমদল উলিয়াই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৬০ শতাংশ নম্বৰ লাভ কৰা ছাত্ৰী সকলক স্কুটী প্ৰদান কৰিবলৈ দাবী জনাই শিৱসাগৰ জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে। ছাত্ৰী সকলে হাতে-হাতে বেনাৰ-ফেষ্টুন লৈ স্কুটী আমাক লাগিবই শীৰ্ষক ধ্বনিৰে শিৱসাগৰ জিলাৰ আয়ুক্তৰ কাৰ্য্যালয়ৰ প্ৰৱেশ পথ উত্তাল কৰি তোলে।
প্ৰতিবাদী ছাত্ৰী সকলে চৰকাৰৰ শেহতীয়া নীতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। মুখ্যমন্ত্ৰীক পূৰ্বৰ ৬০ শতাংশ নম্বৰ প্ৰাপ্তিক স্কুটী প্ৰদানৰ নীতি বলৱৎ কৰিবলৈ দাবী জনায়। দৰিদ্ৰ ছাত্ৰী সকলৰ সমস্যাক গুৰুত্ব দি উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীক স্কুটী প্ৰদানৰ পূৰ্বৰ নিয়ম অব্যাহত ৰাখিবলৈ দাবী জনায়। ছাত্ৰী সকলে সাংবাদিকৰ কয়, 'চিলেবাছ সলনি হোৱা নাই। সেয়েহে পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি অসম চৰকাৰে আমাক স্কুটী দিবয়েই লাগিব। চৰকাৰে সকলোকে সমভাৱে চোৱা উচিত। স্কুটী প্ৰদান কৰিলে ছাত্ৰী সকলে দূৰ-দূৰণিত থকা স্কুল - কলেজলৈ আহিবলৈ সুবিধা হয়। বিশেষকৈ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী সকল বেছি উপকৃত হয়।'






