
ঐতিহাসিক সমলেৰে ভৰপুৰ বাঘবৰ পাহাৰক পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ দাবী
'আমাৰ অসম'ৰ নগৰবেৰাৰ প্ৰতিবেদকঃ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত অসমত পৰ্যটনৰ বিপুল সম্ভাৱনা থকাৰ পাছতো ইয়াক পর্যটনৰ হটস্পট হিচাপে গঢ়ি তুলিব পৰা নাই ৰাজ্য চৰকাৰে ৷ তেনে এটি পৰ্যটন সম্ভাৱনাপূৰ্ণ ঠাই হৈছে 'বাঘবৰ'। উল্লেখযোগ্য যে ঐতিহাসিক সমল আৰু প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ বাঘবৰক ৰাজ্যৰ অন্যতম পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিলে জিলাখনৰ লগতে ৰাজ্যৰ অৰ্থনৈতিক ভঁৰাল চহকী হোৱাৰ উপৰিও বহু যুৱক-যুৱতীয়ে কৰ্মসংস্থাপন লাভ কৰিব বুলি ব্যক্ত কৰিছে একাংশ লোকে। আনহাতে নামনি অসমৰ বৰপেটা জিলাৰ ঐতিহ্যবাহী, ঐতিহাসিক আৰু মনোৰম প্ৰাকৃতিক দৃশ্যৰে পৰিপূৰ্ণ বাঘবৰ, ফুলৰা আৰু চতলা পাহাৰৰ চৌপাশে হাতবাউলী মাতে পৰ্যটকক । উল্লেখ্য যে জানিব পৰা মতে, বাঘবৰ পাহাৰত দুঃসাহসিক জলক্রীড়াৰ পৰিসৰ, সাংস্কৃতিক বৈচিত্র্য আৰু শান্তিপূৰ্ণ। অতি নিৰাপদ পৰিৱেশত জিৰণি ল'ব পৰা আহল বহল ঠাই আছে । এনে বর্ণিল সম্ভাৱনাক বাস্তবায়িত কৰিবলৈ পৰ্যটনৰ বাবে বিশেষ আন্তঃগাঁথনিৰ লগতে যাতায়াতৰ বাবে ভাল পথ, দূৰ সংযোগ ব্যৱস্থা, পৰ্যটকৰ বাবে ভাল হোটেল, ছাফাৰী, ৰিজৰ্ট আদি নির্মাণ কৰি বাঘবৰক সুন্দৰ পর্যটন কেন্দ্র হিচাপে গঢ়ি তুলিব পৰাৰ প্ৰচুৰ সম্ভাৱনা আছে । তদুপৰি পাহাৰ চুই যোৱা বিশাল ব্রহ্মপুত্ৰ নদীৰ পানীত বিনন্দীয়া চৰাইৰ জাক আৰু মৰুভূমি সদৃশ ধু-ধু বালিচৰ, বিভিন্ন সেউজীয়া খেতি-পথাৰ আৰু ঘাটোৱাল নাইয়াৰ ভাটিয়ালী গীতে পাৰ হোৱা পথচাৰীৰ হৃদয় চুই যায়।
উল্লেখযোগ্য যে ঐতিহাসিক বাঘবৰতে আজিও বিদ্যমান হৈ আছে শ্ৰীশ্ৰী মাধৱদেৱৰ বৈঠা পুটা সত্ৰ, ৰজা আৰিমত্তই স্থাপন কৰা বাঘেশ্বৰী মন্দিৰ আৰু দেৱবালাই সতীত্ব ৰক্ষা কৰা জপা শিলৰ সুৰঙ্গ। জানিব পৰা মতে, ১৬৬২ চনত মীৰজুমলাই অসম আক্ৰমণ কৰাৰ সময়ত বাঘবৰ পাহাৰত এক বিশাল সৈন্য বাহিনীৰ ঘাটি পাতিছিল । যাৰ বাবে বাঘবৰ পাহাৰত আৱিষ্কৃত হৈছে মীৰজুমলা যুগৰ সমসাময়িক মুদ্রাৰ লগতে অন্যান্য সামগ্ৰীও । আনহাতে সম্প্ৰতি উক্ত মুদ্রা বৰপেটা জিলা সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে । খনন কৰিলে হয়তো ঐতিহাসিক আৰু বহু তথ্য পোৱা যাব। ৬৭২ ফুট উচ্চতা আৰু ৯৩৫ বিঘা মাটিকালিৰ বাঘবৰ পাহাৰতে আছে ইণ্ডিয়ান চাৰ্ভেৰ জিটিএছ ষ্টেচন। পাহাৰৰ মাজভাগত আছে প্রকাণ্ড পুখুৰী। বাঘবৰ পাহাৰৰ কিছু দূৰৈত আছে শৈলধৰ ৰাজখোৱাই নিজৰ লিখনিত বৰ্ণনা কৰা ঐতিহাসিক ফুলৰা আৰু চতলা নামৰ আন দুখন পাহাৰ ।
উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ বুকুত থকা ফুলৰা পাহাৰকে আহোম ৰজাৰ হাদিৰাচকী বুলি কোৱা হয়। ইয়াতে ১৮২২ চনৰ ২১ জুনৰ দিনা মান সকলৰ লগত হোৱা যুদ্ধত আহোম স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই পৰাজয় বৰণ কৰিছিল । সম্প্রতি বাঘবৰ পাহাৰত ১৯৫৮ চনত স্থাপিত থানা, বহু বিদ্যালয় আৰু এখন মডেল কলেজ আছে। লগতে বাঘবৰৰ চৰ-চাপৰি অঞ্চলৰ বৃহৎ নদী ঘাট, শ শ ভুটভুটি নাৱেৰে চৰাঞ্চলৰ উৎপাদিত ধান, মৰাপাট, কুঁহিয়াৰ,মাকৈ ,গম, চীনাধান,জলকীয়া, আলু আৰু শাক-পাচলি আদি কৰি বিভিন্ন শস্যৰ আমদানি-ৰপ্তানিৰ বজাৰ হৈছে বাঘবৰ। সমগ্র চৰাঞ্চলৰ উপৰিও গোৱালপাৰা, গুৱাহাটীলৈ ৰপ্তানি কৰি ইতিমধ্যে কৃষক সকলে স্বাৱলম্বী হৈ পৰিছে। পৰ্যটনৰ বিপুল সম্ভাৱনা থকা ঐতিহাসিক বাঘবৰ পাহাৰৰ আশে পাশে থকা প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ অঞ্চলটোৰ মূল সমস্যা হৈছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া। গৰাখহনীয়া প্ৰতিৰোধৰ লগতে পৰ্যটনৰ বিপুল সম্ভাৱনা থকা বাঘবৰ পাহাৰত পৰ্যটন কেন্দ্র স্থাপন কৰি দেশী-বিদেশী পর্যটকক আকৰ্ষণ কৰিব পৰাকৈ সজাগতা আৰু সুবিধা সৃষ্টি কৰি নিবনুৱা সমস্যা সমাধানৰ লগতে জনসাধাৰণৰ আশা পূৰণ কৰিবলৈ পৰ্যটন মন্ত্ৰীৰ দৃষ্টি আৰ্কষণ কৰিছে বাঘবৰবাসী ৰাইজে। এই ক্ষেত্ৰত শীঘ্ৰেই প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছে অঞ্চলবাসীয়ে।