
কলগাছিয়াত সম জিলাৰ কাৰ্যালয় স্থাপনৰ দাবী ৰাইজৰ
'আমাৰ অসম'ৰ কলগাছিয়াৰ প্ৰতিবেদকঃ অসমত পূৰ্বে ঘোষণা কৰা ৩৯ খন সমজিলাৰ উপৰিও চলিত বৰ্ষৰ ১৫ আগষ্টৰ ভিতৰত আন দহটা সমজিলা কাৰ্যক্ষম কৰা হ'ব বুলি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পিছতেই কলগাছিয়াত সমজিলাৰ কাৰ্যালয় স্থাপন কৰিবলৈ আশা আৰু উদ্দীপনাৰে মুখ্যমন্ত্ৰীক কাতৰ আহ্বান জনাইছে কলগাছিয়াৰ সচেতন ৰাইজৰ লগতে বয়োজ্যেষ্ঠ একাংশ হিন্দু সমাজে। উল্লেখযোগ্য যে অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত মৰ্মে অহা ১৫ আগষ্টৰ ভিতৰত কামৰূপ জিলাৰ বকো ছয়গাঁও আৰু পলাশবাৰী, শোণিতপুৰ জিলাৰ ৰঙাপাৰা আৰু বৰছলা, যোৰহাট জিলাৰ মৰিয়নি আৰু টিয়ক, তিনিচুকীয়া জিলাৰ মাকুম আৰু ডিগবৈৰ উপৰিও কাছাৰৰ ধলাই আৰু গোৱালপাৰাৰ দুধনৈত দহটাকৈ সমজিলা কাৰ্যক্ষম কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। সেয়েহে পৰৱৰ্তী তালিকাত বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ অঞ্চলৰ দুই লক্ষাধিক ৰাইজ আৰু বাঘবৰ ৰাজহ চক্ৰৰ প্ৰায় লক্ষাধিক ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কলগাছিয়াত সমজিলাৰ কাৰ্যালয় স্থাপন কৰিবলৈ দাবী জনাইছে ৰাইজে। নৱ গঠিত মন্দিয়া সমষ্টিৰ প্ৰায় মাজভাগত অৱস্থিত যাতায়ত আৰু যোগাযোগৰ ফালৰ পৰা সুবিধাজনক, পৰ্যাপ্ত আন্তঃগাঁথনি থকা কলগাছিয়াত সমজিলাৰ কাৰ্যালয় স্থাপন হ'লে সৰ্বস্তৰৰ ৰাইজৰ উপকাৰ হ'ব বুলি ৰাইজে জানিবলৈ দিছে। তদুপৰি ২০১৬ চনৰ ১ জানুৱাৰীত ৩ য় প্ৰস্তাৱিত কলগাছিয়া মহকুমাক বৰপেটা জিলাৰ ‘কলগাছিয়া অসামৰিক মহকুমা’ হিচাপে চৰকাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰি আধাৰশিলা স্থাপন কৰিছিল যদিও বৰ্তমান চৰকাৰ খনে মহকুমা ব্যৱস্থাৰ বিলুপ্তি ঘটাই সম জিলা হিচাপে উন্নত কৰিছে। সেয়ে কলগাছিয়াবাসীৰ প্ৰায় ৭০ বছৰীয়া মহকুমা স্থাপনৰ দাবীৰ প্ৰতি সন্মান জনাই পৰৱৰ্তী কেবিনেটত সম জিলাৰ কাৰ্যালয় স্থাপনৰ তালিকাখনত কলগাছিয়াৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ বৃহত্তৰ কলগাছিয়া অঞ্চলৰ সচেতন ৰাইজৰ লগতে একাংশ হিন্দু সমাজে দাবী উত্থাপন কৰিছে।
উল্লেখ্য যে তেওঁলোকৰ ভিতৰত জনতাৰ অখিল চন্দ্ৰ ঘোষ, বালাগাও-ক্ষুদ্ৰকুছিৰ বাদল চন্দ্ৰ আৰ্য, মইনবৰীৰ খিতিশ চন্দ্ৰ সাহা, খগেন চন্দ্ৰ পাল, ক্ষুদ্ৰকুছিৰ চন্দ্ৰকান্ত আৰ্য্য, কলগাছিয়াৰ কমল ৰায়, শেফালী মালাকাৰ, বালাগাৱৰ সোমা আৰ্য্য, বগুলামাৰীৰ সুশীল কুমাৰ সৰকাৰ, অনিৰুদ্ধ আৰ্য্যৰ উপৰিও অসম লোকসেৱা আয়োগৰ প্ৰাক্তন সদস্য এম মোজাম্মেল হুছেইন, অৱসৰপ্ৰাপ্ত অধ্যাপক খন্দকাৰ আব্দুল গফুৰ, সমাজ সেৱিকা ফাহমিদা খান, পাৰবীন মজিদ আদি বিশিষ্ট ব্যক্তিসকলে কলগাছিয়াত সমজিলাৰ কাৰ্যালয় স্থাপন কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত কাতৰ আহ্বান জনাইছে। মন কৰিবলগীয়া যে মন্দিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত মান আহোমৰ শেষ ৰণস্থলী হাদিৰা চকী, বিখ্যাত কবি শৈলধৰ ৰাজখোৱাৰ মনোমতী উপন্যাসত উল্লেখিত সেই ফুলৰা-চতলাৰ পৰা ভট্টদেৱৰ জন্মস্থান ভেৰা গাঁৱলৈ এই মাজৰ বৃহত্তৰ অঞ্চলেই হ'ল কলগাছিয়া। আনহাতে কালৰূপী বেকী নদীয়ে বৰপেটা সদৰৰ পৰা দুভাগ কৰা, সিফালে মানাহ নদীয়ে অভয়াপুৰীৰ পৰা পৃথক কৰা মাজৰ মাজুলী সদৃশ ভূখণ্ডৰ একমাত্ৰ ব্যৱসায় বাণিজ্য আৰু স্বাস্থ্য সেৱাৰ সুবিধাজনক স্থান হ'ল কলগাছিয়া। সেয়ে কলগাছিয়াক সদৰ কাৰ্যালয় হিচাপে লৈ চৰকাৰে সমজিলাৰ পৰৱৰ্তী তালিকা প্ৰকাশ কৰিব বুলি আশা কৰিছে মন্দিয়া সমষ্টিখনৰ ৰাইজে।