শোণিতপুৰৰ ঠেলামৰাত পাকিস্তান পিজি! কোনে খুলিলে এই পিজি?
'আমাৰ অসম'ৰ ঢেকীয়াজুলিৰ প্ৰতিবেদকঃ সামাজিক মাধ্যমত পাকিস্তানক সমৰ্থন কৰি ইতিমধ্যে বহু লোকে দেশ বিৰোধী কাৰ্যকলাপৰ অভিযোগত ৰঙাঘৰৰ আলহী হৈছে৷ ইয়াৰ মাজতে এইবাৰ শোণিতপুৰ জিলাৰ ঠেলামৰাত ওলাইছে পাকিস্তান পিজি৷ ঠেলামৰাস্থিত পলিটেকনিক কলেজৰ ওচৰত অৱস্থিত ব্যক্তিগত পিজি এখনৰ নাম গুগল মেপত ‘পাকিস্তান পিজি' ৰূপে দেখা পোৱাক কেন্দ্ৰ কৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। ঠেলামৰাৰ ঔবাৰী গাঁৱৰ সাধাৰণতে ‘পল্লবী পিজি’ নামেৰে পৰিচিত এই ব্যক্তিগত পিজিৰ স্বত্বাধিকাৰী মৃত্যুঞ্জয় দাসে ঘটনাটোক গুৰুত্ব সহকাৰে লৈ তদন্তৰ দাবীত ঠেলামৰা আৰক্ষী থানাত এটা এজাহাৰ দাখিল কৰিছে। ঘটনাটো পোহৰলৈ আহে যেতিয়া গুগল মেপত ‘পাকিস্তান পিজি’ নামটো উল্লেখ হৈ থকা অৱস্থাত পিজিটোৰ লোকেশ্যন ঠেলামৰাত দেখুওৱা হয়। এই নামৰ পৰিৱর্তনে সামাজিক মাধ্যমতো চৰ্চাৰ সৃষ্টি কৰিছে।
বহুতে প্রশ্ন উত্থাপন কৰিছে—‘পল্লবী পিজি’ কেনেকৈ ‘পাকিস্তান পিজি’ হ’ল? ঘটনাটোত দেশবিৰোধী মনোভাৱৰ সন্দেহ কৰা হৈছে, বিশেষকৈ যেতিয়া ৰাজ্যত পাকিস্তানক সমৰ্থন কৰা একাংশ লোকৰ ভূমিকা লৈ বিতর্ক চলি আছে। এই সন্দৰ্ভত গুগলত নাম পৰিৱর্তন কাক উদ্দেশ্য কৰি, কোনে, কেতিয়া, আৰু কিদৰে কৰিলে সেয়া জানিবলৈ তদন্ত জৰুৰী বুলি মন্তব্য কৰিছে স্থানীয় লোকসকলে। ইপিনে, ঠেলামৰা আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে আৰু বিষয়টোৰ প্ৰকৃত সত্য উদঘাটনৰ চেষ্টা চলাইছে। আৰক্ষীয়ে সম্ভৱপৰ ডিজিটেল প্ৰমাণ সংগ্ৰহ কৰাৰ লগতে গুগল প্লেটফৰ্মত তথ্য সঠিকভাৱে আপডেট কৰা সম্পৰ্কে স্বত্বাধিকাৰীৰ সহায় লোৱাৰ পদক্ষেপও গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে ব্যক্তিগত পিজি বা হোষ্টেলৰ নাম এনে গুগলত উল্লেখ হোৱা এটা গুৰুত্বপূৰ্ণ সমস্যা হ’ব পাৰে আৰু ইয়াক লৈ আৰক্ষীৰ তদন্তত আগন্তুক দিনত অধিক তথ্য উন্মোচন কৰিব বুলি আশা কৰা হৈছে।






