Logo
image

জিলিকাব লুইতৰে পাৰ...

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৌদ্ধিক মান সম্পৰ্কে কিছুদিন আগতে পোৱা উৎসাহজনক বাতৰি অসমবাসীৰ বাবে অপাৰ আনন্দদায়ক৷ এই বাতৰিয়ে বিশ্ববিদ্যালয় পৰিয়ালক নিশ্চয় গৌৰৱান্বিত কৰিছে৷ Times Higher Education Asia University Rankingত বিশ্ববিদ্যালয়খনে প্ৰথম ৪০০ (চাৰিশ)খন বিশ্ববিদ্যালয়ৰ মাজত স্থান লাভ কৰি আমাৰ দেশৰ উচ্ছশিক্ষা অনুষ্ঠানসমূহৰ ভিতৰত  ৪৮সংখ্যক স্থানলৈ উন্নীত হোৱাটো কৃতিত্বৰ কথা৷ গোলকীয় ক্ষেত্ৰত, The world University Ranking ২০২৫ত, গুৱাহাটী বিশ্ববিদ্যালয় প্ৰথম ১,৫০০ স্থানৰ মাজত আছে বুলি পোৱা বাতৰিয়ে সংকেত দিয়ে যে বিশ্ববিদ্যালয়খনে আন্তৰ্জাতিক মান ৰক্ষাৰ ক্ষেত্ৰত আশাব্যঞ্জকভাৱে আগবাঢ়িব পাৰিছে৷ এনে উৎসাহজনক সাফল্য লাভ কৰাত অৰিহণা যোগোৱা সকলো ব্যক্তি প্ৰশংসাৰ যোগ্য৷ বিশ্ববিদ্যালয় পৰিয়ালে ভৱিষ্যতে অধিক চেষ্টা কৰি গুণগত মান আৰু উন্নত কৰিব বুলি  আশা কৰিব পাৰি৷

গুৱাহাটী বিশ্ববিদ্যালয় আৰম্ভ হৈছিল ১৯৪৮ চনৰ ১ জানুৱাৰী তাৰিখে আৰু বিশ্ববিদ্যালয় কোৰ্টৰ প্ৰথমখন সভা অনুষ্ঠিত হৈছিল ২৬ জানুৱাৰী তাৰিখে (সেই সময়ত সেইটো বন্ধৰ দিন নাছিল)৷ সেই একে বছৰতে মহীশূৰ বিশ্ববিদ্যালয়ো স্থাপিত হৈছিল আৰু স্বাধীনতাৰ বাবে হোৱা দেশ বিভাজনৰ পাছত ভাৰতৰ বিশ্ববিদ্যালয়ৰ সংখ্যা ২০লৈ বৃদ্ধি পাইছিল৷ সেই হিচাপে, স্বাধীন ভাৰতৰ প্ৰথম কুৰিখন বিশ্ববিদ্যালয়ৰ অন্যতম আছিল গুৱাহাটী বিশ্ববিদ্যালয়৷ প্ৰথম উপাচাৰ্য পণ্ডিতপ্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈদেৱৰ নেতৃত্বত আমাৰ দেশৰ প্ৰায় সকলো অংশৰ পৰা শিক্ষক হিচাপে বিশ্ববিদ্যালয়খনলৈ অহা পণ্ডিত ব্যক্তিসকলে প্ৰথমৰ পৰাই বৌদ্ধিক উৎকৰ্ষতা লাভৰ বাবে চেষ্টা কৰিছিল৷ তেতিয়াৰ পৰা সেই চেষ্টা অবিৰতভাৱে চলি আহিছে– অসম আন্দোলনৰ ফলত কিছুকাল বাধাপ্ৰাপ্ত হ’লেও৷ বৰ্তমানৰ সাফল্য এনে চেষ্টাৰ ফলতে সম্ভৱ হৈছে৷ ইয়াক অধিক শক্তিশালী কৰাটো বিশ্ববিদ্যালয় পৰিয়ালৰ নৈতিক দায়িত্ব আৰু তেওঁলোকক সকলো ধৰণে সহায় কৰি উৎসাহিত কৰাটো অসমৰ চৰকাৰ আৰু ৰাইজৰ পবিত্ৰ কৰ্তব্য৷


উপাচাৰ্য সন্দিকৈদেৱৰ দিনত হোৱা মেট্ৰিকুলেচন পৰীক্ষাৰ উত্তৰবহীত ছপা কৰি থোৱা Quality rather than quantity কথাষাৰে বিশ্ববিদ্যালয়খনে গুণগত মানৰ ওপৰত দিয়া গুৰুত্বৰ আভাস দিছিল৷ কিন্তু সংখ্যা অধিক হ’লেও যে উচ্চ মান ৰক্ষা কৰিব পাৰি সেইটো দেখা গৈছে আমেৰিকা আৰু আন কিছুমান দেশৰ বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত৷ আমেৰিকাৰ কিছুমান বিশ্ববিদ্যালয়ত আন দেশৰ পৰা যোৱা শিক্ষাৰ্থীৰ সংখ্যা মুঠ শিক্ষাৰ্থীৰ চাৰিভাগৰ এভাগততৈও বেছি আৰু তাৰে বুজনসংখ্যক আমাৰ দেশৰ পৰা যোৱা৷ প্ৰাপ্ত তথ্য মতে, কলম্বিয়া বিশ্ববিদ্যালয়ৰ ৫২ শতাংশ আৰু আৰবানা-চেম্পেইনৰ ইউনিভাৰ্চিটী অব ইলিনয়ৰ ৪ শতাংশ শিক্ষাৰ্থী বিদেশী৷ সেই দেশৰ বিশ্ববিদ্যালয়বোৰত বহু বিদেশী পণ্ডিত ব্যক্তিয়েও অধ্যাপনা আৰু গৱেষণা কৰি আছে৷ বিভিন্ন দেশৰ পৰা যোৱা মেধাৱী শিক্ষক আৰু শিক্ষাৰ্থীয়ে উচ্চ গুণগত মান সৃষ্টি কৰাত সহায় কৰি আহিছে৷ আন দেশৰ মেধাৱী শিক্ষাৰ্থী আৰু গৱেষকক আকৰ্ষণ কৰাৰ ব্যৱস্থা কৰি আমেৰিকাৰ বিশ্ববিদ্যালয়সমূহ উপকৃত হৈছে৷ বৰ্তমানৰ মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সেই দেশৰ বিশ্ববিদ্যালয়ৰ স্বতন্ত্ৰতা বিঘ্নিত কৰাৰ চেষ্টা চলোৱাৰ বাবে বিদেশী ছাত্ৰ-ছাত্ৰীৰ আকৰ্ষণ হ্ৰাস পোৱাৰ সম্ভাৱনা দেখা গৈছে৷ সেইটো উপলব্ধি কৰিয়েই বোধকৰোঁ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীয়ে আন দেশৰ মেধাৱী গৱেষকক আকৰ্ষণ কৰাৰ বাবে আঁচনি লৈছে৷ ফ্ৰান্স আৰু ইউৰোপৰ আন দেশসমূহেও একেধৰণৰ ব্যৱস্থা লোৱাৰ যো-জা কৰিছে৷ গুৱাহাটী বিশ্ববিদ্যালয়েও আন ৰাজ্যৰ মেধাৱী শিক্ষক আৰু গৱেষকক আকৰ্ষণ কৰিব পাৰিলে উপকৃত হ’ব৷ গুৱাহাটী বিশ্ববিদ্যালয় আন এটা দিশৰ বিষয়েও সজাগ হোৱা উচিত হ’ব৷ বিশ্ববিদ্যালয় এখনত অধিকসংখ্যক স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থী থকাটো বাঞ্ছনীয়, কিয়নো অধিক উৎসাহী আৰু অনুসন্ধিৎসু মনৰ এই কম বয়সীয়া শিক্ষাৰ্থীসকলে বৌদ্ধিক বাতাবৰণ তেজাল কৰি তোলা দেখা যায়৷ যথেষ্ট সংখ্যক স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীয়ে অধ্যয়ন কৰাৰ সুবিধা সৃষ্টি কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উৎকৃষ্টতা লাভৰ চেষ্টা অধিক ফলপ্ৰসূ হ’ব৷ তাৰবাবে, প্ৰয়োজন হ’লে বৰ্তমানৰ শৈক্ষিক আন্তঃগাঁথনিৰ ব্যৱহাৰ দিনত দুবাৰকৈ কৰাৰ ব্যৱস্থা কৰিব পাৰি৷ শিক্ষাৰ্থীৰ আবাসৰ সুবিধা ওচৰৰ অঞ্চলসমূহত গঢ়ি উঠাৰ সম্ভাৱনা আছে কাৰণে সেই বিষয়ে সিমান চিন্তা কৰিবলগীয়া নাই৷