Logo
image

পাকিস্তানলৈ গৈ বিপদত অসমৰ ইউটিউবাৰ ভূষণ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদকঃ   গ্ৰেপ্তাৰ হ’ব নেকি অসমৰ ভূষণ পাঠক নামৰ ইউটিউবাৰজন ? পাকিস্তানৰ আইএছআইৰ সৈতে সম্পৰ্ক ৰখা ইউটিউবাৰ তথা দেশৰ জনপ্ৰিয় ব্লগাৰ জ্যোতি মালহোত্ৰাক গ্ৰেপ্তাৰৰ পাছতেই অসমৰ ভূষণ পাঠকো গ্ৰেপ্তাৰ হ’ব নেকি বুলি চৰ্চা লাভ কৰিছে৷ কিয়নো ‘দেশদ্ৰোহী’ গোচৰত অভিযুক্ত হাৰিয়ানাৰ জ্যোতি মালহোত্ৰাৰ দৰেই পাকিস্তান ভ্ৰমণ কৰিছিল অসমৰ ভূষণ পাঠক নামৰ ইউটিউবাৰজন৷ ‘ট্ৰেভেল উইথ-জো’ নামেৰে ইউটিউব চলোৱা ভাৰতৰ জনপ্ৰিয় ব্লগাৰ জ্যোতি মালহোত্ৰাক শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ  গুপ্তচৰক গোপন তথ্য যোগান ধৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰাক লৈ আজিও দেশজুৰি চাঞ্চল্য অব্যাহত আছে৷ সামাজিক মাধ্যমত প্ৰায় ৪ লাখ অনুৰাগী তথা ফ’ল’ৱাৰ থকা জ্যোতি মালহোত্ৰাই পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পূৰ্বেও পাকিস্তান ভ্ৰমণ কৰাৰ তথ্য পোহৰলৈ আহিছে৷ কেৱল পাকিস্তানেই নহয়, ইউটিউবাৰ জ্যোতি মালহোত্ৰাই চীনো ভ্ৰমণ কৰিছিল৷ ইউটিউবাৰ জ্যোতি মালহোত্ৰাৰ দৰে অসমৰ জনপ্ৰিয় ইউটিউবাৰ ভূষণ পাঠকো ভ্ৰমণ কৰিছিল শত্ৰু ৰাষ্ট্ৰ পাকিস্তান৷ অসম চৰকাৰে পাকিস্তান ভ্ৰমণ কৰা ব্যক্তি বিশেষৰ ক্ষেত্ৰত কঠোৰ হোৱাৰ পাছতেই বৰপেটাৰ ইউটিউবাৰ ভূষণ পাঠকো গ্ৰেপ্তাৰ হ’ব নেকি বুলি চৰ্চা লাভ কৰিছে৷ লক্ষণীয়ভাৱে বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাকিস্তান ভ্ৰমণ কৰা ইউটিউবাৰৰ তথ্য থাকিলে জনাবৰ বাবে ৰাইজক আহ্বান জনোৱাত অসম আৰক্ষীয়ে ভূষণ পাঠকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ আশংকা যেন প্ৰৱল হৈ পৰিছে৷ আনকি মুখ্যমন্ত্ৰীয়ে পাকিস্তান ভ্ৰমণ কৰা এজন ইউটিউবাৰৰ কথা তেওঁ জ্ঞাত বুলিও সংবাদ মেলত উল্লেখ কৰিছে৷ পাকিস্তান ভ্ৰমণ কৰা ইউটিউবাৰ তথ্য দিলে ব্যৱস্থা লোৱাৰ কথাও জানিবলৈ দিছে মুখ্যমন্ত্ৰীয়ে৷


অৱশ্যে, মুখ্যমন্ত্ৰী পাকিস্তান ভ্ৰমণ কৰা ইউটিউবাৰজনৰ নাম প্ৰকাশ কৰা নাই যদিও ভূষণ পাঠকৰ কথাকে ইংগিত দিয়া বুলিও চৰ্চা লাভ কৰিছে৷ উল্লেখ্য, হাৰিয়ানা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জ্যোতি মালহোত্ৰাই ব্লগ প্ৰস্তুত কৰাৰ চলেৰে দুবাৰকৈ পাকিস্তান ভ্ৰমণ কৰিছিল৷ ২০২৩ চনত প্ৰথমবাৰ পাকিস্তান ভ্ৰমণ কৰাৰ পাছত শেহতীয়াকৈ পেহেলগাম কাণ্ডৰ পূৰ্বেও পাকিস্তানলৈ গৈছিল জ্যোতি৷ আনহাতে অসমৰ ভূষণ পাঠকে তিনিবছৰ পূৰ্বে পাকিস্তান ভ্ৰমণ কৰিছিল৷ ভূষণ পাঠকে নিজৰ ‘আছামিজ মিক্সাৰ’ নামৰ ইউটিউব চেনেলটোত পাকিস্তান ভ্ৰমণৰ ভিডিঅ’ প্ৰচাৰ কৰিছিল৷ কেইবাদিনে ধৰি পাকিস্তানৰ ইখন চহৰৰ পৰা সিখন চহৰ ভ্ৰমণ কৰা ভূষণে পাক সেনাৰ সৈতে কথা পতা দৃশ্যয়ো ভিডিঅ’ত আপলোড কৰিছিল৷ তিনিবছৰৰ পূৰ্বে শত্ৰুৰাষ্ট্ৰ পাকিস্তান ভ্ৰমণ কৰাৰ পাছত ভূষণ পাঠকে শেহতীয়াকৈ প্ৰায় সাত মাহ পূৰ্বে আন এখন শত্ৰু ৰাষ্ট্ৰ চীনো ভ্ৰমণ কৰিছিল৷ চীন ভ্ৰমণৰো ভিডিঅ’ ইউটিউবত আপলোড কৰিছিল ভূষণ পাঠকে৷ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে পাকিস্তান ভ্ৰমণ কৰাৰ অভিযোগ তুলি ৰাষ্ট্ৰ দ্ৰোহৰ অপৰাধ কৰা বুলি প্ৰচাৰ চলোৱাৰ ৰাজ্য চৰকাৰে এতিয়া ইউটিউবাৰ ভূষণ পাঠকৰ বিৰুদ্ধেও ব্যৱস্থা ল’ব নেকি, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে৷