
প্ৰমাণ নাই, জামিন লাভ কৰি আজি মুক্ত হ’ব চুমি বৰা
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক আৰু ডিব্ৰুগড়ৰ প্ৰতিনিধিঃ সুদীৰ্ঘ ৮ মাহৰ মূৰত কাৰাগাৰৰ বন্ধ কুঠৰীৰ পৰা মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হ’ল কৰিঅ’গ্ৰাফাৰ-অভিনেত্ৰী চুমি বৰাৰ৷ ভাতৃ বিশাল ফুকনৰ ট্ৰেডিং কেলেংকাৰিক লৈ ডিব্ৰুগড়ৰ বৰবৰুৱা থানাত ৰুজু তৃতীয়টো গোচৰত বুধবাৰে জামিন মঞ্জুৰ কৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ে৷ তদন্তকাৰী আৰক্ষীয়ে পতিয়নযোগ্য প্ৰমাণ দিব নোৱৰাত ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ আদালতে বুধবাৰে ১৩৩৩য২০২৫ নম্বৰত জামিন আবেদনৰ গোচৰটোত জামিন মঞ্জুৰ কৰে চুমি বৰাৰ৷ উল্লেখ্য, অনলাইন ট্ৰেডিং কেলেংকাৰিৰ অভিযোগত অভিনেত্ৰী চুমি বৰাৰ লগতে চুমিয়ে পাতি লোৱা ভাতৃ বিশাল ফুকন আৰু চুমিৰ স্বামীৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ থানা, বৰবৰুৱা থানা আৰু দুলীয়াজান থানাত পৃথকে পৃথকে গোচৰ ৰুজু কৰা হৈছিল৷ পূৰ্বৰ দুটা গোচৰত ইতিমধ্যে জামিন লাভ কৰিছে যদিও বৰবৰুৱা থানাৰ ৮৫য২০২ নম্বৰৰ গোচৰটোত অৱশেষত বুধবাৰে উচ্ছ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰে৷ অৱশ্যে, জামিন লাভ কৰিলেও চুমি বৰাই কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰেহে কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা আছে৷ অভিযুক্ত চুমি বৰাৰ হৈ আদালতত দ্বাৰস্থ হোৱা গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ অধিবক্তা আনন্দ ভূঞাই কয়– ‘চুমি বৰাৰ বিৰুদ্ধে কোনো প্ৰমাণে নাই৷ দুলীয়াজান থানাত এজাহাৰকাৰীয়ে কেৱল সাক্ষ্যত চুমি বৰাক চিনি পাওঁ বুলি কৈছে৷ কোনোবাই চিনি পাওঁ বুলি ক’লেই অপৰাধী হ’ব পাৰে নেকি? বাকী ২১ জন সাক্ষীৰ সাক্ষ্যত কোনেও চুমি বৰাৰ কোনো নাম লোৱা নাই৷ এইখিনি প্ৰমাণ চুমি বৰাক দোষী সাব্যস্ত কৰিবলৈ পৰ্যাপ্ত নহয়৷ মিডিয়াৰ পেচাৰতহে চুমি বৰাক গ্ৰেপ্তাৰ কৰা হ’ল৷ মই অতি দুখেৰে কওঁ–তদন্তৰ নামত আৰক্ষীয়ে একো নকৰিলে৷
সংবাদ মাধ্যমে চুমিৰ বিৰুদ্ধে এটা বাতৰি কৰিলে, অসম মুখ্যমন্ত্ৰীয়ে এটা ষ্টেটমেণ্ট’ দিলে৷ তাৰ পাছত চুমিৰ পাছত আৰক্ষীয়ে লাগি গ’ল৷, উল্লেখ্য, ইতিপূৰ্বে বিশাল ফুকন, তাৰ্কিক বৰা আৰু চুমি বৰাই ডিব্ৰুগড় সদৰ থানাৰ ৩৫২/২০২৪ আৰু ১৯৮/২০২৪ নম্বৰৰ গোচৰ দুটাত জামিন লাভ কৰিছিল৷ আনহাতে বৰবৰুৱা থানাৰ তৃতীয়টো গোচৰত জামিন লাভ কৰি বিগত ৩ মে’ত মুকলি আকাশৰ তললৈ ওলাই আহিছিল চুমিৰ পাতি লোৱা ভায়েক বিশাল ফুকন৷ উল্লেখ্য, চুমি বৰাই স্বামী তাৰ্কিক বৰাৰ সৈতে অতি নাটকীয়ভাৱে বিগত বৰ্ষত ১২ ছেপ্টেম্বৰত আৰক্ষীক ধৰা দিছিল৷ সেইদিনাই দুয়োটাক আদালতত হাজিৰ কৰোৱাৰ পাছত আৰক্ষীয়ে জিম্মাত লৈ চ্ছ ছেপ্টেম্বৰত কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল তাৰ্কিক বৰা আৰু চুমি বৰাক৷ শেহতীয়াকৈ ইজনৰ পিছত সিজন ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্তই জামিন লাভ কৰাৰ পাছতে বিয়াগোম কেলেংকাৰিৰ সকলো অভিযুক্তই মুকলি আকাশৰ তললৈ ওলাই অহাৰ পথ প্ৰশস্ত হৈ পৰিছে৷ উল্লেখ্য, ২০২৪ চনৰ ২ ছেপ্টেম্বৰৰ নিশা বিশাল ফুকনৰ গান্ধীনগৰস্থিত এপাৰ্টমেণ্টৰ ৫০৩ নম্বৰ কোঠাত অভিযান চলাই ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰি পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰিছিল৷ এই সময়ছোৱাত আৰক্ষীয়ে এপাৰ্টমেণ্টটোৰ পৰা আৰবীয় মুদ্ৰা, কেইবাটাও বেংকৰ একাউণ্ট, ৬ টাকৈ আইফোন উদ্ধাৰ কৰিছিল৷ এই বিয়াগোম কেলেংকাৰিত জড়িত থকাৰ অভিযোগত পৰৱৰ্তী সময়ত বিশালৰ পাতি লোৱা বায়েক চুমি বৰাৰ লগতে স্বামী তাৰ্কিক বৰাসহ বহুকেইজনক গ্ৰেপ্তাৰ কৰিছিল৷ আনহাতে ৰাজস্থানৰ জয়পুৰত বিশালে পাতি লোৱা বায়েকৰ ডেষ্টিনেশ্যন ৱেডিঙৰ নামত কিদৰে পানীৰ দৰে টকা উৰুৱাইছিল সেই তথ্য আৰক্ষীৰ তদন্তত ফাদিল হৈছিল৷ পৰৱৰ্তী সময়ত সমগ্ৰ গোচৰটোৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰে এছ টি আই টি গঠন কৰি তদন্তৰ দায়িত্ব অৰ্পন কৰে৷ কিন্তু কেলেংকাৰি অধিক জটিল হৈ পৰাত এছ আই টিয়ে চিবিআইক তদন্তৰ সকলো দায়িত্ব হস্তান্তৰ কৰিছিল৷ চিবিআইয়ে চলোৱা এই তদন্তত চুমি-বিশাল আৰু তাৰ্কিক বৰাই ব্যৱহাৰ কৰা ৯ খনৰো অধিক বাহন জব্দ কৰিবলৈ সক্ষম হয়৷ ইফালে চিবিআইয়ে আটাইকেইজন অভিযুক্তকে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ আনিছিল৷