Logo
image

পাকিস্তানৰ লগতে চীনৰে হাত মিলালে তালিবানেও

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদনঃ   তালিবানক বিশ্বাস কৰা টান !  ভাৰতৰ ‘অপাৰেচন সিন্দূৰ’ আৰম্ভ হোৱাৰ পূৰ্বে নতুন দিল্লীৰ সৈতে দৃঢ় কূটনৈতিক সম্পৰ্ক স্থাপন কৰি পাকিস্তানক বিপাঙত পেলোৱা আফগানিস্তানৰ তালিবান চৰকাৰে ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিৰ দহ দিন ওকলোতেই এইবাৰ একেসময়তে পাকিস্তান আৰু চীনৰ সৈতে হাত মিলাইছে৷ পাকিস্তানে খেদি উলিয়াই পঠিওৱা আফগান নাগৰিকক ভাৰতে শৰণাৰ্থীৰ মৰ্যাদা দি পোহপাল দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হোৱাৰ পাছতে আফগানিস্তানৰ তালিবানৰ এই ৩৬০ ডিগ্ৰী পাকত নতুন দিল্লীও আ(ৰ্যান্বিত হৈছে৷ এটা দিশে পাকিস্তানৰ খাইবাৰ পাখটুনখাৱা সীমান্তত পাকিস্তানৰ সৈতে যুদ্ধ কৰি থকা তালিবানে দেশৰ মাজেৰে ‘চীন-পাকিস্তান ইক’নমিক কৰিডৰ’ [চিপিইচি] স্থাপনত সন্মতি জ্ঞাপন কৰিছে৷ বুধবাৰে বেইজিঙত চীনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ৱাং ই আৰু পাকিস্তানৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ইছাক ডাৰৰ সৈতে অনুষ্ঠিত বৈঠকত তালিবান চৰকাৰৰ আফগান বৈদেশিক মন্ত্ৰী আমিৰ খান মুট্টাকিয়ে নিজ দেশত ‘চিপিইচি’ স্থাপনত সন্মতি জ্ঞাপন কৰে৷ দেশৰ সাৰ্বিক উন্নতিৰ স্বাৰ্থত চীন আৰু পাকিস্তানৰ সৈতে ‘বেল্ট  এণ্ড ৰোড ইনিচিয়েটিভ’ [বিআৰআই] আফগানিস্তানৰ মাজেৰে স্থাপন কৰিবলৈ দেশখনে সন্মতি দিয়া বুলি আমিৰ খান মুট্টাকিয়ে মন্তব্য কৰে৷ আনহাতে পাক মন্ত্ৰী ইছাক ডাৰে কয়– ‘আঞ্চলিক শান্তি, স্থিৰতা আৰু উন্নয়নৰ স্বাৰ্থত চীন-পাকিস্তান-আফগানিস্তান একেলগে থিয় হৈছে৷’ 


ভাৰত-পাকিস্তানৰ শেহতীয়া সংঘাতৰ পাছত পাকিস্তানৰ ইছাক ডাৰৰ এয়া প্ৰথম চীন ভ্ৰমণ, য’ত তেওঁ চীনৰ পৰা ‘ফিফ্‌থ জেনেৰেচন ষ্টিল্‌থ’ শ্ৰেণীৰ ৪১ খন জে-৩৫এ যুদ্ধবিমানৰ প্ৰথমকেইখন অহা আগষ্টতে লাভ কৰাৰ প্ৰতিশ্ৰুতি আদায় কৰিবলৈ সক্ষম হৈছে৷ সেই যুদ্ধবিমান ৫০ শতাংশ ৰেহাই মূল্যত লাভ কৰাটো পাকিস্তানৰ বাবে বিৰাট কূটনৈতিক সফলতা৷ একেসময়তে বিগত কেইবাবছৰো সংঘাতত লিপ্ত হৈ থকা আফগান তালিবান চৰকাৰক চীনৰ জৰিয়তে কাষ চপাই লোৱাটোও দেশখনৰ বৃহৎ সাফল্য হিচাপে পৰিগণিত হৈছে৷ আনহাতে, ভাৰতে চীন-পাকিস্তানৰ ‘চিপিইচি’ প্ৰয়াস দীৰ্ঘদিনৰ পৰা বিৰোধিতা কৰি আহিছে৷ এনেস্থলত শেহতীয়াকৈ কূটনৈতিক সম্পৰ্ক দৃঢ় হোৱা আফগানিস্তানে এই ‘চিপিইচি’ গ্ৰহণ কৰাটো ভাৰতৰ বাবে মুঠেই সন্তোষজনক ঘটনা নহয়৷