
ছিপাঝাৰত বিধ্বস্ত পথৰ মেৰামতিৰ দাবীত প্ৰতিবাদ
'আমাৰ অসম'ৰ ছিপাঝাৰৰ প্ৰতিবেদকঃ এটা বিধ্বস্ত পথ মেৰামতিৰ দাবীত আজি ছিপাঝাৰৰ দুৱৰী পাৰাত একাংশ ৰাইজৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ছিপাঝাৰ আঞ্চলিক সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখ্য যে ছিপাঝাৰ-টংলা সংযোগী অসম মালা পথ সংলগ্ন তথা লোক নিৰ্মাণ বিভাগৰ অধীনস্থ কঠামাৰা-চেঙেলীয়াঝাৰ সংযোগী বিধ্বস্তপ্ৰায় পথটোৰ মেৰামতিৰ দাবীত ৰূপায়ণ কৰা উক্ত প্ৰতিবাদী কাৰ্যসূচীত মহিলা সকলেও অংশগ্ৰহণ কৰে।
উল্লেখযোগ্য যে মহিলাসকলে পথটোৰ দুৱৰী পাৰা অংশত আৱদ্ধ হোৱা পানীত জাকৈ-জুলুকীৰে মাছ মাৰি অভিনৱ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । আনহাতে পশ্চিম দৰঙৰ শ শ লোকৰ লগতে কেইবাখনো বিদ্যালয়, মহাবিদ্যালয়ৰ বিদ্যাৰ্থী আহ-যাহ কৰা এই গুৰুত্বপূৰ্ণ পথটো সুদীৰ্ঘ বছৰ ধৰি জৰাজীৰ্ণ হৈ পৰে। উল্লেখ্য যে ৰাইজে পথটো মেৰামতি কৰি যাতায়তৰ বাবে সুচল কৰি তুলিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়কৰ ওচৰতো আবেদন জনায়। কিন্তু সংশ্লিষ্ট কৰ্তৃপক্ষই পথটোৰ উন্নয়নত গুৰুত্ব নিদিয়াত আজি ক্ষোভিত হৈ ৰাইজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । ৰাইজৰ লগতে ছাত্ৰ সংগঠনটোৰ আঞ্চলিক সমিতিখনে অতিশীঘ্ৰেই জৰাজীৰ্ণ পথটো মেৰামতি কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়।