
২,৩৬৯ বাংলাদেশীৰহে তথ্য বিদেশ মন্ত্ৰণালয়ৰ, অসমৰ অনুপ্ৰৱেশকাৰী ক’ত হেৰাল
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদকঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে প্ৰতিখন ৰাজ্যকে অবৈধ বাংলাদেশী চিনাক্ত কৰিবলৈ ৩০ দিনৰ সময়সীমা বান্ধি দিয়াৰ পাছত এইবাৰ চিনাক্ত হোৱা বাংলাদেশীক বিতাড়নৰ বাবে সাজু হৈছে মোদী চৰকাৰ৷ দেশৰ ৰাজধানী চহৰ নতুন দিল্লীকৈ ধৰি গুজৰাট, মুম্বাই আদি বিভিন্ন স্থানত জাকে জাকে বাংলাদেশী গ্ৰেপ্তাৰ হোৱাৰ পাছতেই প্ৰথমবাৰলৈ যেন অবৈধ বাংলাদেশীক লৈ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰৰ বিজেপি চৰকাৰ৷ অসম কাৰ্যতঃ বাংলাদেশীৰ চৰণীয়া পথাৰ হোৱাৰ পাছতো কংগ্ৰেছৰ দৰেই বৰ্তমানৰ বিজেপি চৰকাৰেও বাংলাদেশী ইচ্ছুটোক ইমান দিনে কেৱল ৰাজনীতিকৰণ কৰিহে আহিছিল৷ এতিয়া জোৰ পুৰি হাত পোৱাৰ পাছত যেন সম্বিৎ ঘূৰাই পাইছে নতুন দিল্লীয়ে৷ সম্প্ৰতি সমগ্ৰ দেশতে অবৈধ বাংলাদেশী নাগৰিক সন্ত্ৰাসৰ কাৰণ হৈ পৰাত এইবাৰ চিনাক্ত কৰা বাংলাদেশীক ঘূৰাই লোৱাৰ বাবে আনুষ্ঠানিকভাৱে ঢাকাক অনুৰোধ জনাইছে মোদী চৰকাৰে৷ শুকুৰবাৰে ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এখন সংবাদমেল সম্বোধন কৰি ভাৰতত আশ্ৰয় লোৱা অবৈধ বাংলাদেশী নাগৰিকৰ পৰিসংখ্যা দাঙি ধৰি নাগৰিকত্ব নিশ্চিত কৰিবলৈ বাংলাদেশ চৰকাৰক আহ৩ান জনায়৷ কিন্তু কেন্দ্ৰীয় চৰকাৰে ভাৰতত আশ্ৰয় লোৱা অবৈধ বাংলাদেশীৰ সংখ্যাগত যি তথ্য ঢাকাক দিলে, তাক লৈ সমগ্ৰ দেশতে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বিদেশ মন্ত্ৰণালয়ৰ মতে বৰ্তমান দেশত অবৈধভাৱে আশ্ৰয় লৈ আছে মাত্ৰ ২,৩৬০জন বাংলাদেশী নাগৰিক৷ এই সকল বাংলাদেশীৰ বহুতেই ইতিমধ্যে ভাৰতীয় আইন অনুসৰি শাস্তি হিচাপে কাৰাবাসৰো ম্যাদ অন্ত পৰিছে৷ আনকি একাংশৰ নাগৰিকত্ব পৰীক্ষণ ২০২০ চনৰ পৰাই আধৰুৱা হৈ আছে বুলিও বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্ৰজনে সদৰী কৰে৷ যি সময়ত অসমত ৫০ লাখ বাংলাদেশীয়ে অবৈধভাৱে আশ্ৰয় লৈ থকা বুলি সৌ তাহানিতেই তদানীন্তত ৰাজ্যপাল এছ কে সিনহাৰ প্ৰতিবেদনত প্ৰকাশ পোৱাই নহয়, খোদ কেন্দ্ৰীয় চৰকাৰেই কেইবাবাৰো সংসদৰ মজিয়াতো প্ৰকাশ কৰিছে৷
তদুপৰি বাংলাদেশী নাগৰিকে কিদৰে খিলঞ্জীয়াৰ ওপৰত আগ্ৰাসন চলাইছে সেই তথ্যও প্ৰকাশ পাইছে উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া ক’ট কমিচনাৰ উপমন্যু হাজৰিকাৰ প্ৰতিবেদনত৷ কিন্তু ইয়াৰ পাছতো কেন্দ্ৰৰ মোদী চৰকাৰে অসমত আশ্ৰয় লোৱা বাংলাদেশীক বিতাড়নৰ বাস্তৱ পদক্ষেপ গ্ৰহণ কৰাৰ পৰিৱৰ্তে দেশত মাত্ৰ ২,৩৬০জন বাংলাদেশী থকা বুলি ঢাকাক দিয়া তালিকাক লৈ স্বাভাৱিকতেই সচেতনমহলক ভবাই তুলিছে৷ চৰকাৰী প্ৰতিবেদনত প্ৰকাশ পোৱা অসমৰ লাখ লাখ অনুপ্ৰৱেশকাৰী ক’ত হেৰাল তাক লৈ চৰ্চা লাভ কৰিছে৷ আনকি বিজেপি চৰকাৰে অসমত বাংলাদেশী সমস্যাক কেৱল নিৰ্বাচনী ইচ্ছু হিচাপে জীয়াই ৰাখিব নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে৷ কেৱল অসমতেই নহয়, পশ্চিমবংগ, ত্ৰিপুৰা, ঝাৰখণ্ড আদি ৰাজ্যতো অবৈধ বাংলাদেশীয়ে ভৰি পৰিছে৷ বিগত বৰ্ষৰ ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনত বিজেপি দলৰ সহ প্ৰভাৰীৰ দায়িত্ব লাভ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডৰ বাংলাদেশী অনুপ্ৰৱেশকাৰীক বিতাড়নক ইচ্ছু হিচাপে লৈ প্ৰচাৰ চলাইছিল৷ কিন্তু ইয়াৰ পাছতো ভাৰত চৰকাৰে মাত্ৰ আঢ়ৈ হাজাৰ বাংলাদেশীকহে আনুষ্ঠানিকভাৱে বিতাড়ন কৰিব বুলি ঘোষণা কৰাত অসমৰ পৰা অবৈধ বাংলাদেশীক যে চিনাক্ত কৰি খেদি পঠোৱাৰ সদিচ্ছা নাই, সেয়া যেন পুনৰ বাৰ স্পষ্ট হৈ পৰিল৷ কিয়নো বিদেশ মন্ত্ৰণালয়ে চমজি লোৱাৰ বাবে ঢাকাত দিয়া তালিকাত থকা বাংলাদেশী নাগৰিকসকল উত্তৰ প্ৰদেশ, দিল্লী, গুজৰাট আৰু মহাৰাষ্ট্ৰত আটক হৈছিল৷ শুকুৰবাৰে সংবাদমেলত বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে ভাৰতত থকা ২,৩৬০ জন অবৈধ বাংলাদেশীৰ নাগৰিকত্ব পৰীক্ষা কৰিবলৈ বাংলাদেশ চৰকাৰক আহ৩ান জনাই কয়–‘আমি অবৈধ নাগৰিকসকলৰ নাগৰিকত্ব বাংলাদেশে পৰীক্ষা কৰাটো বিচাৰিছো৷ বাংলাদেশী বা আন দেশৰ বিদেশী হ’লেও আইনমতে ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ তেওঁলোকক বিতাড়ন কৰা হ’ব৷ বাংলাদেশ নাগৰিকত্ব পৰীক্ষা কৰি দিয়া তালিকা মতেই তেওঁলোকক প্ৰত্যাৰ্পন কৰা হ’ব৷’
তেজপুৰত ধৃত ছয় অবৈধ বাংলাদেশী
‘আমাৰ অসম’ৰ তেজপুৰৰ ষ্টাফ ৰিপ’টাৰঃ অবৈধ বাংলাদেশীসকলক দেশ ত্যাগ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে দিয়া নিৰ্দেশৰ পাছতে তেজপুৰত ছজনীয়া অবৈধ বাংলাদেশী নাগৰিকৰ এটা দল কৰায়ত্ত কৰে আৰক্ষীয়ে৷ শোণিতপুৰ আৰক্ষীয়ে ছজনীয়া দলটোৰ সকলো নথি-পত্ৰ পৰীক্ষা কৰি গোৱালপাৰালৈ প্ৰেৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, তেজপুৰৰ বৰঘাট অঞ্চলৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা এইসকল বাংলাদেশী লোকক কৰায়ত্ত কৰিছিল শোণিতপুৰ আৰক্ষীয়ে৷ ইয়াৰ পাছতে আজি তেজপুৰস্থিত আৰক্ষী ছাউনীত দলটোৰ সবিশেষ পৰীক্ষা কৰাৰ লগতে যাৱতীয় ব্যৱস্থাৰ মাজেৰে আজি নিশা প্ৰায় আঠ বজাত গোৱালপাৰালৈ প্ৰেৰণ কৰিছে৷