Logo
image

সমষ্টিৰ শত সংগঠনত আৰ্থিক সহায়, নতুন-পুৰণি জালুকবাৰীৰ উন্নয়নৰ পদচিহ্ন

 'আমাৰ অসম'ৰ আমিনগাঁৱৰ প্ৰতিবেদকঃ   আমিনগাঁৱৰ জালুকবাৰী বিধানসভা সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিধায়ক উন্নয়ন পুঁজি আৰু অসম চৰকাৰৰ আছুতীয়া পুঁজিৰ ধনেৰে  আজি  নতুন আৰু পুৰণি জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত  প্ৰায় ১০০ টা ধৰ্মীয় অনুষ্ঠান,নামঘৰ, ক্লাৱ আৰু পু্থিভড়ালৰ উন্নয়নৰ বাবে বিতৰণ কৰা হয়।  উল্লেখযোগ্য যে সমষ্টিটোৰ ধৰ্মীয় অনুষ্ঠান  মন্দিৰ-নামঘৰ, ক্লাৱ আৰু পু্থিভড়াল আন্তঃগাঠঁনিৰ উন্নয়নৰ বাবে এই  আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হয়। আনহাতে আমিনগাওঁ লোক নিৰ্মাণ বিভাগৰ সভাগৃহত অনুষ্ঠিত হোৱা  সাহাৰ্য্য প্ৰদান অনুষ্ঠানত এই আৰ্থিক সাহাৰ্য্য বিতৰণ কৰে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে।


 উল্লেখ্য যে চৌধুৰীয়ে আৰ্থিক সাহাৰ্য্য সমূহ বিতৰন কৰি সকলো অনুষ্ঠানৰ বিষয়ববীয়া সকলক স্বচ্ছতাৰে কাম কৰিবলৈ আহ্বান জনায়। উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়ক প্ৰাণজিৎ ডেকাৰ লগতে শুৱালকুছি জিলা পৰিষদৰ সদস্য ধীৰাজ মহন্ত, কামৰূপ জিলাৰ অৱসৰপ্ৰাপ্ত  জ্যেষ্ঠ পৰিকল্পনা বিষয়া  কালিচন্দ সেন উপস্থিত থাকে। উল্লেখ্য যে বিগত ২০০১ চনৰ পৰা জালুবকাৰী সমষ্টিৰ বিধায়ক তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সমষ্টিৰ উন্নয়নৰ বাবে এনেদৰে বিধায়ক পুজি আৰু অসম চৰকাৰৰ আছুতীয়া পুঁজিৰ ধন প্ৰদান কৰি আহিছে।