কৃষি কৰ্মৰে স্বাৱলম্বী হোৱাৰ পথ বাচি লৈছে বিশেষভাৱে সক্ষম আমিৰে
'আমাৰ অসম'ৰ মুকালমুৱাৰ প্ৰতিবেদকঃ কৃষি কৰ্মৰে জীৱিকাৰ পথ বাচি লৈছে এজন ব্যতিক্ৰমী যুৱকে । শাৰীৰিক ভাৱে অক্ষম হৈও চাকৰিৰ পিছত দৌৰি ভাগৰি পৰি কৃষি কৰ্মকে জীৱিকাৰ পথ হিচাপে বাচি লৈছে বিশেষভাৱে সক্ষম যুৱকজনে । নলবাৰী জিলাৰ মুকালমুৱাৰ ২ নং কাপলাবৰীৰ বিশেষভাৱে সক্ষম যুৱক আমিৰ আলী এতিয়া বহুতৰ বাবে প্ৰেৰণা হৈ পৰিছে । বছৰ বছৰ ধৰি কৃষি কৰ্মৰে জীৱিকাৰ পথ মুকলি কৰি পৰিয়াল পোহপাল দি আহিছে আমিৰ আলীয়ে । অইন বেলিৰ দৰে এইবেলিও আমিৰ আলীয়ে লিজত মাটি লৈ ১০ বিঘা মাটিত ধানৰ খেতি কৰিছে । এ.বি এণ্টাৰপ্ৰাইজৰ টপ ভেৰাইটিৰ জি.বি ১, জি.বি ৩, দিশা ধানৰ বীজ লৈ খেতি কৰিছে ।
যি সময়ত বিভিন্ন ধানৰ বীজ লৈ কৃষকে ধানৰ সলনি পতান ওলাইছে সেই সময়তে এ.বি এণ্টাৰপ্ৰাইজৰ টপ ভেৰাইটিৰ জি.বি ১, জি.বি ৩, দিশাৰ ধানৰ বীজেৰে লাভান্নিত হৈছে বিশেষভাৱে সক্ষম যুৱক আমিৰ আলীয়ে । বছৰি প্ৰায় ১০০ ৰ পৰা ১২০ কুইন্টল ধান লাভ কৰাৰ লগতে সেই ধান বিক্ৰী কৰি নিজৰ পোহপাল দি আহিছে । শাৰীৰিক বাধাকো নেওচি চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হৈও নিজৰ কৰ্মৰে নৱ প্ৰজন্মৰ বাবে আদৰ্শ হৈ পৰিছে আমিৰ আলী । বৰক্ষেত্ৰী মহকুমা কৃষি বিষয়াৰ কাৰ্যালৰে নিচেই ওচৰতে বছৰ বছৰ ধৰি খেতি কৰিও আজিলৈকে একো সুবিধা লাভ নকৰাত ক্ষোভ উজাৰে আমিৰ আলীয়ে । প্ৰকৃত খেতিয়কে যে চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে আমিৰ আলীয়ে তাৰ জ্বলন্ত প্ৰমাণ।






