জুৰীয়াত অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত মহিলাৰ প্ৰতিবাদ
'আমাৰ অসম'ৰ জুৰীয়াৰ প্ৰতিবেদকঃ জুৰীয়াৰ কলনিজলাহ গাঁৱত বহু কেইগৰাকী চিৰৰুগীয়া, বিশেষভাৱে সক্ষম, বিধৱা, বৃদ্ধ আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ শ্ৰেণীৰ মহিলাই অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা বঞ্চিত হোৱাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাছনি কৰাৰ বাবে প্ৰশাসনে স্থানীয় সমাজ সেৱকসকলক দায়িত্ব দিছিল যদিও এওঁলোকে ধনী শ্ৰেণীৰ লোকসকলক এই আঁচনিৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে।
বাছনি কমিটীয়ে প্রকৃত হিতাধিকাৰীক বঞ্চিত কৰি নিজৰ পৰিয়ালৰ লগতে পচন্দৰ লোকসকলক অৰুণোদয় আঁচনিত নাম অন্তর্ভুক্ত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। যাৰ ফলত বঞ্চিত হৈছে দুখীয়া দৰিদ্ৰ হিতাধিকাৰীসকল। সেয়ে ভুক্তভোগী হিতাধিকাৰীয়ে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। ইয়াৰে বহুতে আগতে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিছিল যদিও বৰ্তমানে এওঁলোকৰ নাম কৰ্তন কৰা হৈছে। ইফালে অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা বঞ্চিত হোৱা মহিলাসকলক শীঘ্ৰেই এই আঁচনিত নাম অন্তৰ্ভুক্ত কৰিবলৈ মুখ্যমন্ত্ৰীৰ প্ৰতি কাতৰ আহ্বান জনাইছে বঞ্চিত হিতাধিকাৰীসকলে।






