আন্তঃৰাষ্ট্ৰীয় ৰিলছ আৰু ৰোছনি চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ গীতিকাৰৰ সন্মান অমিয় চাছনীৰ
'আমাৰ অসম'ৰ ঢেকীয়াজুলিৰ প্ৰতিবেদকঃ আমি শুনা প্ৰায় ভাগ গীত-নাটক-চিনেমা বা অন্যান্য বহু ভিডিঅ' এলবাম আদিত কণ্ঠ নিগৰোৱা ব্যক্তি গৰাকীক ভালে সংখ্যক লোকেই দেখা পাওঁ বা চিনি পাওঁ। কিন্তু আমি প্ৰায়েই পাহৰি যাওঁ বা মন নকৰোঁ সেই ব্যক্তি গৰাকীক, যিগৰাকী ব্যক্তিয়ে গীতটো ৰচনা কৰে বা লিখে। তেনে এগৰাকী ব্যক্তিয়েই হ'ল ঢেকীয়াজুলিৰ ৰাক্ষসমাৰীৰ বাসিন্দা প্ৰয়াত বীৰেন চাছনীৰ পুত্ৰ অমিয় চাছনী। ছাত্ৰ অৱস্থাৰ পৰাই বৌদ্ধিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ সক্ষম হোৱা অমিয় চাছনীয়ে প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা কালতেই ৰেডিঅ'ত গান শুনি শুনি নিজেও গীত ৰচনা কৰিছিল। এম. ই স্কুলত পঢ়ি থকা কালৰ পৰাই তেওঁ কবিতা লিখিবলৈ আৰম্ভ কৰিছিল। পৰৱৰ্তী কালত তেওঁৰ কবিতাবোৰ গানলৈ ৰূপান্তৰিত হয়। যুৱ শিল্পী গৰাকীৰ কবিতা আৰু গানৰ লগতে নাটকৰ প্ৰতিও আকৰ্ষণ আছিল। ২০০১ চনতে অমিয় চাছনীয়ে 'এই জীৱন তোমাৰ বাবে' নামৰ এখন নাটক লিখি উলিয়াইছিল আৰু সেই নাটকখন বিভিন্ন ঠাইত মঞ্চস্থ হৈছিল। ২০১০ চনত অমিয় চাছনীয়ে এটি অডিঅ' এলবামত গীত লিখাৰ প্ৰথম সুযোগ পাইছিল। আৰু তাৰ পিছৰ পৰাই তেওঁ পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই। ইতিমধ্যে তেওঁ অসমীয়া, উড়িয়া আৰু চাদ্ৰী ভাষাত দুই শতাধিক গীত ৰচনা কৰিছে আৰু তেওঁৰ গীতসমূহত ৪০ৰো অধিক কণ্ঠশিল্পীয়ে কণ্ঠদান কৰিছে। স্বীকাৰ কৰিবলগীয়া যে হিন্দী গীতৰ তুলনাত অসমীয়া, উড়িয়া আৰু চাদ্ৰী ভাষাৰ সংগীত জগতৰ উদ্যোগটোৰ বৰ্তমান বাণিজ্যিক ক্ষেত্ৰখনত পিছপৰা।
ভাৰতবৰ্ষৰ অন্য বহুকেইখন প্ৰদেশৰ তুলনাত এই ক্ষেত্ৰখনত জড়িত লোকসকল ৰাষ্ট্ৰীয় পৰ্যায়ত বৰ বেছি পৰিমাণে সফল হোৱা দেখা নাযায়। বিশেষকৈ গীত ৰচনা কৰা ব্যক্তিসকল। তেনেস্থলত অমিয় চাছনীৰ সফলতাই বাৰুকৈয়ে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰা দেখিবলৈ পোৱা গৈছে। উল্লেখযোগ্য যে সূত্ৰধৰ প্ৰডাকচনৰ 'দাদাগিৰি চুটাই দেৱ(২০১৬)' আৰু জৈষ্ণৱী প্ৰডাকচনৰ 'টেম্পাৰ' (২০২১) নামৰ দুখন বিগ বাজেটৰ চিনেমাত চাছনীয়ে ইতিমধ্যে গীত লিখিছে। ইয়াৰ উপৰি তেওঁ বিভিন্ন অসমীয়া, উড়িয়া, আদিবাসী চাদ্ৰী ভাষাৰ এলবাম আদিত তেওঁৰ দ্বাৰা ৰচিত গীতে স্থান লাভ কৰিছে। সাংস্কৃতিক কৰ্মীৰ লগতে এগৰাকী সমাজ সেৱক হিচাপে পৰিচিত চাছনীয়ে গীত লিখাৰ উপৰিও বৰ্তমান তেওঁ অমিয়পুৰ সমবায় সমিতিৰ সভাপতিৰ গুৰু দায়িত্ব বহন কৰিছে। এনেবোৰ কৃতিত্বৰ বাবেই এটি বিশেষ দিনত আকাশবাণী গুৱাহাটী কেন্দ্ৰত এটি বিশেষ সাক্ষাৎকাৰ অনুষ্ঠানলৈ আমন্ত্ৰণ লাভ কৰি তেওঁ নিজ অনুভৱ ব্যক্ত কৰিছিল। উল্লেখ্য যে এতিয়ালৈকে দুখনকৈ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত উজলি উঠিছে ঢেকীয়াজুলিৰ যুৱ শিল্পী, গীতিকাৰ অমিয় চাছনী। মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত অনুষ্ঠিত হোৱা ৰিলছ আন্তর্জাতিক চলচ্চিত্র মহোৎসৱ ২০২৩ত জনপ্রিয় চাদ্রি চলচ্চিত্র 'টেম্পাৰ'ৰ গীতৰ বাবে শোণিতপুৰৰ ঢেকীয়াজুলিৰ অমিয় চাছনীয়ে শ্রেষ্ঠ গীতিকাৰৰ সন্মান লাভ কৰিছিল। একেদৰেই আন্তঃৰাষ্ট্ৰীয় ৰোচনি চলচ্চিত্র মহোৎসৱত অসমত নির্মাণ হোৱা চাদ্ৰী ভাষাৰ 'টেম্পাৰ' বোলছবিখনৰ এটি জনপ্রিয় গীতৰ বাবে গীতিকাৰ অমিয় চাছনীয়ে শ্রেষ্ঠ গীতিকাৰৰ সন্মান লভিবলৈ সক্ষম হৈছিল।






