Logo
image

‘ভাইমনদা’ৰ প্ৰচাৰত মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ   মুনিন বৰুৱা৷ ভাইমনদা নামেৰে জনপ্ৰিয় মুনিন বৰুৱা অসমীয়া চলচ্চিত্ৰৰ এজন অন্যতম কাণ্ডাৰী৷ কেইবাখনো অসমীয়া চিনেমাৰ পৰিচালনাৰ জৰিয়তে অসমীয়া সাংস্কৃতিক  জগতলৈ অনবদ্য বৰঙণি আগবঢ়াই যোৱা মুনিন বৰুৱাৰ জীৱন আৰু কৰ্মৰ আধাৰত নিৰ্মাণ কৰা অসমীয়া চলচ্চিত্ৰ ‘ভাইমনদা’ সম্প্ৰতি অসমৰ বিভিন্ন ছবিগৃহৰ লগতে ৰাজ্যৰ বাহিৰৰো ছবিগৃহত সগৌৰৱে চলি আছে৷ ভাইমনদাৰ অলেখ-অযুত অনুৰাগীৰ ভিতৰত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাও আছে৷ সেইবাবেই সামাজিক মাধ্যমত নতুন অসমীয়া চিনেমা ‘ভাইমনদা’ সম্পৰ্কে প’ষ্ট আপলোড কৰিছে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীৰ এই প’ষ্ট ইতিমধ্যে সৰ্বত্ৰ বিয়পি পৰিছে৷ কাজেই ‘ভাইমনদা’ৰ প্ৰচাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে মুখ্যমন্ত্ৰীয়ে, মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ প’ষ্টে৷ সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে ‘ভাইমনদা’ সন্দৰ্ভত এইদৰে উল্লেখ কৰিছে– ‘ৰূপকোঁৱৰৰ মহান অৱদান ‘জয়মতী’ৰ পাছৰে পৰা অসমীয়া চলচ্চিত্ৰই বহু বাট অতিক্ৰম কৰি আহি ইতিমধ্যে ৯০ বছৰীয়া বৰ্ণিল পৰিক্ৰমা সম্পন্ন কৰিছে৷ বহু কৃতবিদ্য ব্যক্তিয়ে সমৃদ্ধ কৰিছে অসমীয়া চলচ্চিত্ৰক৷


অসমীয়া চলচ্চিত্ৰ জগতৰ এক সম্ভ্ৰান্ত নাম, আমাৰ সকলোৰে শ্ৰদ্ধাৰ মুনিন বৰুৱাদেৱ৷ বহুজনৰ বাবে তেখেত ভাইমনদা৷ বহুকেইখন কালজয়ী অসমীয়া চিনেমা উপহাৰ দিয়া মুনিন বৰুৱাদেৱে চলচ্চিত্ৰ পৰিচালক হিচাপে নিজৰ খ্যাতি কাললৈ অক্ষুন্ন ৰখাৰ লগতে অসমৰ সাংস্কৃতিক জগতক দি গৈছে অনন্য উপহাৰ৷ আমাৰ কলেজীয়া দিনত দূৰদৰ্শনযোগে প্ৰচাৰ হোৱা ‘পাপু-নিকু সংবাদ’ নামৰ জনপ্ৰিয় ধাৰাবাহিকখনৰ যোগেদি তেখেতৰ সৈতে মোৰ সম্পৰ্ক গঢ় লৈ উঠিছিল৷ পৰৱৰ্তী সময়ত চিনেমা জগতৰ বহু বিষয় লৈ তেখেতৰ সৈতে মোৰ যোগাযোগ অব্যাহত আছিল৷ মুনিন বৰুৱাদেৱৰ জীৱনৰ আধাৰত ‘ভাইমনদা’ শীৰ্ষক চিনেমা এখন নিৰ্মাণ হোৱা বাতৰিয়ে মোক আনন্দিত কৰিছিল৷ চিনেমাখনে শেহতীয়াকৈ মুক্তিলাভো কৰিছে৷ ৰাইজে মৰমেৰে আঁকোৱালি লৈছে ‘ভাইমনদা’ক৷ আমি আশা ৰাখিছোঁ– এই চিনেমাখনে আমাৰ ছবি জগতৰ ইতিহাসৰ এটা টুকুৰা নি(য়কৈ জিলিকাই তুলিব৷ চিনেমাখনৰ লগত জড়িত প্ৰতিগৰাকীকে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰি শ্ৰদ্ধাৰ ভাইমনদালৈ শত-সহস্ৰ প্ৰণিপাত জনালোঁ৷’