Logo
image

ন’ মেন্‌ছ লেণ্ডৰ পৰা বিতাড়িত নাগৰিকক ঘূৰাই ল’লে ভাৰতে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদকঃ   সমগ্ৰ ৰাজ্যতে এতিয়া বাংলাদেশীৰ বিৰুদ্ধে যুদ্ধকালীন ক্ষীপ্ৰতাৰে অভিযানত নামি পৰিছে আৰক্ষীবাহিনী৷ অসম আৰক্ষীয়ে মৰিগাঁও, নগাঁও, বৰপেটা, গোৱালপাৰা আদি বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰা সন্দেহজনক বাংলাদেশী নাগৰিকক নিশাটোৰ ভিতৰতে কাটাতাঁৰৰ বেৰা পাৰ কৰি বাংলাদেশৰ ন’ মেন্‌ছ লেণ্ডলৈকো খেদি পঠাইছে৷ বিদেশী প্ৰত্যাৰ্পণৰ নীতি-নিয়ম পালনৰ পৰিৱৰ্তে সীমান্তৰ গেট খুলি  সন্দেহৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা একাংশ নাগৰিকক বাংলাদেশত এৰি দিয়াক লৈ স্বাভাৱিকতেই চুবুৰীয়া ৰাষ্ট্ৰখনৰ সীমান্তৰক্ষীৰ দায়িত্ব পালন কৰা ব’ৰ্ডাৰ গাৰ্ড অৱ বাংলাদেশ চমুকৈ বিজিবিকো ক্ষুব্ধ কৰি তুলিছে৷ মঙলবাৰে মানকাচৰৰ ঠাকুৰণবাৰী সীমান্তৰে মৰিগাঁৱৰ প্ৰাথমিক শিক্ষক খাইৰুল ইছলামসহ ১৪জন ‘সন্দেহজনক’ বাংলাদেশীক বিএছএফে বাংলাদেশলৈ খেদি পঠোৱাক লৈ বাংলাদেশৰ সীমান্তত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ আনকি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বিএছএফে শূন্যলৈ গুলীচালনা কৰিবলৈকো বাধ্য হৈছিল৷ অসম, মেঘালয়, পশ্চিম বংগ আৰু ত্ৰিপুৰা চাৰিও ৰাজ্যৰ সীমান্তৰ বিভিন্ন স্থানেৰে জাকে জাকে সন্দেহজনক বাংলাদেশীক বি এছ এফে বাংলাদেশলৈ বিতাড়নৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও বাধা দিয়া দেখা গৈছে বাংলাদেশৰ সীমান্তৰক্ষীক৷ বুধবাৰে বাংলাদেশৰ লালমণিৰহাটৰ তিনিখন উপ-জিলাৰ প্তটা সীমান্ত পইণ্টৰে শিশু-মহিলাসহ ৫৮জন সন্দেহজনক লোকক বি এছ এফে বাংলাদেশৰ ন’ মেন্‌ছ লেণ্ডত এৰি থৈ আহিছিল যদিও বাংলাদেশৰ সীমান্তৰক্ষী বিজিবিৰ বাধাৰ বাবেই ১৭ ঘণ্টীয়া নাটকৰ লোককেইজনক ঘূৰাই আনিবলৈ বাধ্য হ’ল বিএছএফে৷ বাংলাদেশৰ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি বুধবাৰে পুৱাৰ ভাগতে লালমণিৰহাটৰ সীমান্তৰ পথসমূহে এই ৫৮জন নাগৰিকক বিএছএফে ভাৰতৰ কাটা তাঁৰৰ বেৰাৰ গেট খুলি বাংলাদেশ সীমান্তলৈ পাৰ কৰাই দিছিল৷


ঘটনাৰ বিষয়ে অৱগত হোৱাত বাংলাদেশ সীমান্তৰক্ষী অৰ্থাৎ বিজিবিয়ে স্থানীয় ৰাইজক লগত লৈ সীমান্তত অৱস্থান কৰি কোনো কাৰণতে নাগৰিককেইজনক চমজি লোৱা নহয় বুলি বিএছএফক স্পষ্ট কৰি দিয়ে৷ ফলত ভাৰতৰ পৰা বিতাড়িত নাগৰিককেইজন বাংলাদেশ সীমান্তৰ ন’ মেন্‌ছ লেণ্ডতে আবদ্ধ হৈ পৰে৷ ইয়াৰ পাছতেই বিজিবিৰ ১৫নং বেটেলিয়নৰ অধিনায়কৰ নেতৃত্বত বিএছএফৰ সৈতে ফ্লেগ বৈঠক অনুষ্ঠিত হয়৷ ফ্লেগ বৈঠকত বিএছএফে লোককেইজন বাংলাদেশৰ নাগৰিক বুলি দাবী কৰে যদিও বিজিবিৰ ফালৰ পৰা নাগৰিকত্ব প্ৰমাণ নোহোৱাকৈ কোনো এজন লোককে চমজি লোৱা নহয় বুলি স্পষ্ট কৰি দিয়ে৷ ইয়াৰ পাছত বিএছএফে বিষয়টো অনুসন্ধানৰ বাবে কিছু সময় বিচাৰে৷ পৰৱৰ্তী সময়ত সন্ধ্যাৰ ভাগত অনুষ্ঠিত দ্বিতীয়লানি ফ্লেগ বৈঠকত বিএছএফে লোককেইজনক ঘূৰাই ল’বলৈ সন্মত হয়৷ বাংলাদেশৰ সংবাদ মাধ্যমক বিজিবিৰ অধিনায়ক লেফটেনেণ্ট কৰ্নেল মেহদী ইমাম জামানে জানিবলৈ দিয়া মতে সম্পূৰ্ণ ১৭ ঘণ্টাৰ পাছত বুধবাৰে নিশা ৯.৩০ বজাত বিএছএফে আদিতমাৰীৰ দুৰ্গাপুৰ আৰু হাতীবন্ধাৰ বনচৌকী সীমান্ত গেটেৰে ১৯জন লোকৰ লগতে পাটগ্ৰাম সীমান্ত গেটেৰে বাকী ৩৯জন নাগৰিকক ঘূৰাই নিয়ে৷ বাংলাদেশৰ সীমান্তৰক্ষীৰ শীৰ্ষ বিষয়াজনে বিএছএফে ঘূৰাই নিয়া নাগৰিককেইজনৰ অধিকাংশই অসমৰ বাসিন্দা বুলিও সংবাদ মাধ্যমক অৱগত কৰিছে৷ উল্লেখ্য, বাংলাদেশৰ সংবাদ মাধ্যমত বিএছএফে বিতাড়ন কৰা নাগৰিকসকলৰ ভিতৰত অসমৰ মৰিগাঁও জিলাৰ শিক্ষক খাইৰুল ইছলাম, দৰঙৰ মানিকজান বেগম, ধুবুৰীৰ গৌৰীপুৰ সমষ্টিৰ পশুৱালা খালৰ প্ৰথম খণ্ডৰ মমৰ আলী, বৰপেটাৰ গৰৈমাৰীৰ চাবিনা বেগম, বৰপেটাৰ সুনাভানুৰ ভিডিঅ’ তথা ফটো প্ৰকাশ পাইছে৷ বাংলাদেশৰ সংবাদ মাধ্যমত আপোনজনক দেখা পাই শোকস্তব্ধ হৈ পৰিছে অসমত থকা আত্মীয়সকল৷