Logo
image

‘টীম গৌৰৱ’ দিল্লীলৈ, আজি ৰাহুলৰে বৈঠক

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ   প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণৰ পূৰ্বে শুকুৰবাৰে দিনৰ ১২ বজাত সাংসদ গৌৰৱ গগৈয়ে সদলবলে ৰাহুল গান্ধী আৰু দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেক সাক্ষাৎ কৰি বৈঠকত মিলিত হ’ব৷ এই বৈঠকত অসম কংগ্ৰেছৰ ভৱিষ্যত ৰণনীতি সন্দৰ্ভত বিতং পৰ্যালোচনা হ’ব৷ বৈঠকত উপস্থিত থকাৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সদ্য প্ৰাক্তন সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেবব্ৰত শইকীয়া, দলৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ৰিপুন বৰা আদি আজি নতুন দিল্লী অভিমুখে ৰাওনা হয়৷ ৰাজীৱ ভৱনৰ সূত্ৰৰ মতে অসমৰ দায়িত্বত থকা এ আই চি চিৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে নিৰ্বাচনী প্ৰচাৰ সমিতিৰ অধ্যক্ষ ভূপেন বৰা, সমন্বয়  সমিতিৰ অধ্যক্ষ দেবব্ৰত শইকীয়া, ঘোষণা পত্ৰ সমিতিৰ অধ্যক্ষ প্ৰদ্যুৎ বৰদলৈ, প্ৰচাৰ সমিতিৰ অধ্যক্ষ ৰকিবুল হুছেইন আৰু নিৰ্বাচন পৰিচালনা সমিতিৰ অধ্যক্ষ ৰিপুন বৰাক এই বৈঠকৰ বাবে নতুন দিল্লীলৈ মাতি পঠিয়ায়৷ তিনি নৱনিযুক্ত কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, ৰ’জলিনা তিৰ্কী আৰু প্ৰদীপ সৰকাৰকো বৈঠকত উপস্থিত থাকিবলৈ কোৱা হৈছে৷ ২০২৬ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নতুনকৈ দায়িত্ব প্ৰাপ্ত বিষয়ববীয়াসকলৰ সৈতে ৰাহুল গান্ধী আৰু সভাপতি খাৰ্গে বৈঠকত মিলিত হৈ ভৱিষ্যত কৰ্মসূচী সন্দৰ্ভত আলোচনা কৰিব৷ এই বৈঠকত নৱনিযুক্ত সভাপতি গৌৰৱ গগৈও উপস্থিত থাকিব৷ সভাপতি হিচাপে এ আই চি চিৰ সৈতে গৌৰৱ গগৈৰ এইখন প্ৰথম বৈঠক হ’ব৷ এই বৈঠকৰ পাছতে গৌৰৱ গগৈয়ে ৩১ মে’ত নতুন দিল্লীৰ পৰা পোনে পোনে আহি যোৰহাটত উপস্থিত হ’ব৷ ৩ জুনত তেওঁ দলৰ নতুন সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিব৷ নতুন সভাপতিৰ দায়িত্ব গ্ৰহণৰ পূৰ্বে দলৰ তিনিজন নেতাক গৌৰৱ গগৈৰ সংলগ্ন কৰি দিয়া হৈছে৷ দলৰ জ্যেষ্ঠ মুখপাত্ৰ ঋতুপৰ্ণ কোৱৰ এপিচিচিৰ সম্পাদকদ্বয় উদীত ভানু দাস আৰু মেঘনাথ ছেত্ৰীক গৌৰৱ গগৈৰ নিৰ্দেশ মতে এই নতুন দায়িত্ব অৰ্পন কৰা হৈছে৷


গৌৰৱৰ প্ৰশংসাত পঞ্চমুখ ভূপেন-ৰিপুণ, ব্যস্ত ৰেকিবুদ্দিন

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ   ‘গৌৰৱ গগৈ ইতিমধ্যে তিনিবাৰকৈ লোকসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছে৷ সংসদত তেওঁৰ ভূমিকা শত্ৰু মিত্ৰ সকলোৱে প্ৰশংসা কৰিছে৷ ঠেকি-দেখি তেওঁ বহুত শিকিছে৷ যথেষ্ট অভিজ্ঞতাও বুটলিছে৷ মই ভাবো গৌৰৱ গগৈৰ নেতৃত্বত আমি সফল হ’ম৷ –এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ বিদায়ী সভাপতি ভূপেন বৰাৰ৷ বৰাই এনেদৰে নতুন সভাপতি গৌৰৱ গগৈক আদৰণি জনায়৷ লক্ষণীয় যে গৌৰৱ গগৈয়ে কালি এক সংবাদমেলত ভূপেন বৰাক যথেষ্ট প্ৰশংসা কৰিছিল৷ ভূপেন বৰাৰ নেতৃত্বত দল যথেষ্ট আগবাঢ়ি যোৱা বুলিও তেওঁ মন্তব্য কৰিছিল৷ ইফালে গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পাছত কংগ্ৰেছ কৰ্মীসকল উদ্ধুদ্ধ আৰু অনুপ্ৰাণিত হৈছে বুলি দাবী কৰে দলটোৰ আন এগৰাকী প্ৰাক্তন সভাপতি ৰিপুন বৰাই৷ তেওঁ কয়–কেৱল কংগ্ৰেছ কৰ্মীয়েই নহয় ৰাইজেও যথেষ্ট সমৰ্থন আগবঢ়াইছে৷ ইফালে ৰাজীৱ ভৱনত গৌৰৱ গগৈক আদৰিবৰ বাবে ঘনে ঘনে অনুষ্ঠিত হৈছে প্ৰস্তুতি বৈঠক৷ বিধায়ক ৰেকিবুদ্দিন আহমেদক এইকেইদিন ৰাজীৱ ভৱনত যথেষ্ট সক্ৰিয় ৰূপত দেখা গৈছে৷ সমান্তৰাল ব্যস্ততা দেখা গৈছে দিছপুৰৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সতো৷ কাৰণ ইয়াতে গৌৰৱ গগৈয়ে সভাপতি হিচাপে প্ৰথমটো ভাষণ আগবঢ়াব৷

তিতাবৰত গৌৰৱ গগৈৰ পুত্তলিকা দাহ

‘আমাৰ অসম’ৰ তিতাবৰৰ বিশেষ প্ৰতিবেদকঃ   আজি বিয়লি তিতাবৰ চাৰিআলিত ৰাজপথৰ ওপৰত সাংসদ গৌৰৱ গগৈৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে তিতাবৰৰ একাংশ যুৱকে৷ গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া দিয়াৰ পাছতেই তিতাবৰত যুৱকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে গৌৰৱ গগৈৰ বিৰুদ্ধে৷ গৌৰৱ গগৈৰ পিতৃ তথা তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্যকালত কি কাৰণত গৌৰৱ গগৈয়ে পাকিস্তান ভ্ৰমণ কৰিবলগীয়া হ’ল তাৰ উত্তৰ অসমবাসীক শীঘ্ৰে দিবলৈ আহ৩ান জনায় প্ৰতিবাদকাৰীসকলে৷ গৌৰৱ গগৈ হুঁচিয়াৰ, গৌৰৱ গগৈ মুৰ্দাবাদ আদি গৌৰৱ গগৈবিৰোধী বিভিন্ন শ্লোগান দি তিতাবৰৰ পৰিৱেশ উত্তাল কৰি তোলে৷ গৌৰৱ গগৈৰ পত্নী, সন্তানৰ ভাৰতীয় নাগৰিকত্ব নথকা আৰু গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণৰ বিষয়ত অতিশীঘ্ৰে উচিত তদন্তৰো দাবী তোলে প্ৰতিবাদকাৰীসকলে৷