Logo
image

২৬ত কংগ্ৰেছৰ ইছ্যু হ’ব বিজেপিৰ দুৰ্নীতি-গুণ্ডাগিৰি

‘আমাৰ অসম’ৰ নতুন দিল্লীৰ প্ৰতিনিধিঃ   ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ ইছ্যু হ’ব বিজেপিৰ দুৰ্নীতি গুণ্ডাগিৰি, ছিণ্ডিকেটৰাজ৷ দিল্লীত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে, লোকসভাৰ বিৰোধী দলপতি  ৰাহুল গান্ধী, সাংগঠনিক সাধাৰণ সম্পাদক কে চি বেণুগোপালৰ সৈতে বৈঠকৰ পাছত এই কথা ঘোষণা কৰে প্ৰদেশ কংগ্ৰেছৰ নৱ নিৰ্বাচিত সভাপতি গৌৰৱ গগৈয়ে৷ উল্লেখ্য, ৰাইজক সুৰক্ষা দিব নোৱাৰি ৰাইজৰ হাততেই বন্দুক তুলি দিয়া আকণ্ঠ দুৰ্নীতিত নিমজ্জিত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰক ওফৰাই দিয়াৰ বাবে আজি নতুন দিল্লীত টীম গৌৰব গগৈৰ সৈতে এ আই চি চিৰ শীৰ্ষ নেতৃত্বই এখন বৈঠকত মিলিত হয়৷ এ আই চি চিৰ মুখ্যকাৰ্যালয়ত কংগ্ৰেছ সভাপতি মল্লিকাজুৰ্ন খাৰ্গেৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত লোকসভাত বিৰোধী দলনেতা ৰাজুল গান্ধী, সাংগঠিনক সাধাৰণ সম্পাদক কে চি বেণুগোপাল, অসমত দল দায়িত্বত থকা জীতেন্দ্ৰ সিঙে অংশ গ্ৰহণ কৰে৷ বৈঠকৰ অন্তত সাংবাদিকৰ আগত জীতেন্দ্ৰ সিঙে প্ৰকাশ কৰা মতে, ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত কৰাই আছিল আজিৰ বৈঠকৰ মূল উদ্দেশ্য৷ দেশৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী এজনে অসমত কি ধৰণৰ অপশাসন চলাই আছে সেই বিষয়ত বৈঠকত আলোচনা কৰা হৈছে৷ বৈঠকত ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিৰ অবনতিকলৈও আলোচনা কৰা হৈছে৷ সিঙে প্ৰকাশ কৰা মতে, আগন্তুক এবছৰত ৰাহুল গান্ধীয়ে নীৰৱচ্ছিন্নভাবে অসম ভ্ৰমণ কৰিব তথা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰচাৰ চলাব৷ অসমৰ দুৰ্নীতিগ্ৰস্ত চৰকাৰখনক উতখাত কৰিবলৈ অসমৰ সকলো নেতা-কৰ্মীক ঐক্যবদ্ধ ভাবে কাম কৰিবলৈ ৰাহুলে আহ্বান জনায়৷ আনহাতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে অসমৰ জনগণক সুৰক্ষা দিব নোৱাৰে বুলিহে ৰাইজৰ হাতত বন্দুকৰ লাইচেঞ্চ তুলি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জীতেন্দ্ৰ সিঙে সাংবাদিকৰ আগত কটাক্ষ কৰে৷ ইপিনে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব লাভ কৰা গৌৰব গগৈয়ে কয় যে আজিৰ বৈঠকত অসমৰ অৰাজক পৰিস্থিতিকলৈ বিতঙকৈ আলোচনা কৰা হৈছে৷ অসমত চলি থকা চিণ্ডিকেট ৰাজকলৈও আলোচনা কৰা হৈছে৷ কেনেদৰে খোদ মুখ্যমন্ত্ৰী আৰু তেওঁৰ ঘনিষ্ঠ মন্ত্ৰীসকলে ব্যক্তিগত ধন সম্পত্তিকলৈ ব্যস্ত হৈ আছে সেই কথা আমি আজি আলোচনা কৰিছো৷ গগৈয়ে কয় যে আমি ৰাইজৰ মাজত যাম৷ বিভিন্ন জনজাতি, জনগোষ্ঠীয় লোকৰ ওচৰত যাম৷ সংখ্যালঘু ৰাইজৰ ওচৰত যাম৷ তেওঁলোকৰ আশা-আকাংক্ষাবোৰ আজিও আধৰুৱা হৈ আছে৷ তেওঁলোকৰ আধৰুৱা সপোনবোৰ কংগ্ৰেছ পুৰণ কৰিব৷ আনহাতে আজিৰ বৈঠকত ৰাইজৰ পৰা লাভ কৰা ফীডবেকসমূহকলৈও আলোচনা কৰা হৈছে বুলি জানিবলৈ দিয় গগৈয়ে কয় যে অসমৰ ৰাইজ বৰ্তমান চৰকাৰখনৰ বিৰুদ্ধে ক্ষুব্ধ হৈ আছে৷ তেওঁলোক চাকৰি বিচাৰে, উপযুক্ত শিক্ষা বিচাৰে, চিকিৎসা বিচাৰে৷ এইবোৰ বৰ্তমানৰ চৰকাখনে দিব নোৱাৰে৷ ইয়াৰ বিপৰীতে চৰকাৰে কি দিব বিচাৰিছে? ৰাইজৰ হাতত বন্দুক তুলি দিব বিচাৰিছে৷ ৰাইজে চৰকাৰৰ এই নীতিক মুঠেই ভাল পোৱা নাই৷ এই বন্দুক কোনো থলুৱাক নহয়, বিজেপি-আৰ এছ এছ কৰা যুৱচাম, কয়লা-বালি-শিলৰ চিণ্ডিকেট কৰা ব্যক্তিসকলৰ হাততহে চৰকাৰে বন্দুক তুলি দিব যাতে তেওঁলোক আতংকৰ পৰিবেশ এটা সৃষ্টি কৰিব পাৰে৷ আনহাতে আজিৰ বৈঠকত বিধানসভা নিৰ্বাচনত মিত্ৰতাকলৈ কোনো ধৰণৰ আলোচনা হোৱা নাই বুলিহে গগৈয়ে সাংবাদিকৰ আগত জানিবলৈ দি কয় যে দলৰ হাইকমাণ্ডে আমাক এনে কিছুমান নিৰ্দেশ প্ৰদান কৰিছে যি আমি ৰাজহুৱা কৰিব নোৱাৰো৷ উল্লেখ্য যে বৈঠকত গৌৰব গগৈৰ উপৰি বিদায়ী সভাপতি তথা প্ৰচাৰ সমতিৰ অধ্যক্ষ ভূপেন বৰা, সাংসদ ৰকিবুল হুছেইন, বিধায়নী দলৰ নেতা দেবব্ৰত শইকীয়া, তিনি কাৰ্যকাৰী সভাপতি ক্ৰমে, জাকিৰ হুছেইন চিকদাৰ, ৰোজলীনা তিৰ্কী, প্ৰদীপ সৰকাৰ, প্ৰাক্তন প্ৰদেশ কংগ্ৰেছ সভাপতি-সাংসদ ৰিপুণ বৰাকে ধৰি প্ৰদেশ যুৱ কংগ্ৰেছৰো শীৰ্ষ নেতৃত্বই অংশ গ্ৰহণ কৰে৷ 

গৌৰব গগৈকলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভীতগ্ৰস্তঃ   জীতেন্দ্ৰ সিং

গৌৰব গগৈকলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভীতগ্ৰস্ত হৈ পৰিছে৷ সেয়েহে তৰুণ গগৈৰ নিচিনা আধুনিক অসমৰ নিৰ্মাতা এগৰাকী ব্যক্তিৰ পৰিয়ালৰ সদস্যৰ বিৰুদ্ধে এনেকৈ দৈনিক তেওঁ মিছা অভিযোগ কৰি থকা বুলি অসমত কংগ্ৰেছ দলৰ তত্ত্বাবধায়ক জীতেন্দ্ৰ সিঙে আজি সাংবাদিকৰ আগত মন্তব্য কৰে৷ তেওঁ কয় –অসমত একবিংশ শতিকাত লৈ অনা ব্যক্তিৰ পুত্ৰৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাই যি যি অভিযোগ আনিছে সেয়া মুখ্যমন্ত্ৰীৰ বাবে মুঠেই শোভা নাপায়৷ দৰাচলতে ৰাজ্যৰ নিবনুৱা সমস্যাকলৈ মুখ্যমন্ত্ৰী শৰ্মাৰ কোনো চিন্তা নাই৷ দিল্লীত আহি অসমৰ লৰা-ছোৱালী ভিক্ষা মাগিছে৷ বেলেগ বেলেগ ৰাজ্যলৈ গৈ চাকৰি বিচাৰি আছে৷ ৰাজ্যৰ অবনমিত আইন-শৃংখলা পৰিস্থিতিকলৈও মুখ্যমন্ত্ৰীৰ কোনো চিন্তা নাই৷ এজাক বৰুষুণত গুৱাহাটীৰ নিচিনা ৰাজধানী মহানগৰত গাড়ীৰ ঠাইত নাও চলিছে৷ এইবোৰ বিষয়ক লৈ তেওঁৰ কোনো চিন্তা নাই৷ ৰাইজক সুৰক্ষা দিব নোৱাৰি ৰাইজৰ হাততেই বন্দুক তুলি দিব বিচৰা মুখ্যমন্ত্ৰীজনে দৰাচলতে গৌৰব গগৈক লৈ যে কিমান ভীতিগ্ৰস্ত সেয়াই তেওঁৰ অভিযোগসমূহে প্ৰমাণ কৰিছে৷ টীম গগৈয়ে তেওঁৰ অপশাসন যে ভালদৰে মোকাবিলা কৰিব তাকলৈ তেওঁ সন্ত্ৰস্ত হৈ পৰা বুলি সিঙে সাংবাদিকৰ আগত মন্তব্য কৰে৷



গৌৰৱৰ যোৰহাট আগমনৰ সময়তে লাচিত সেনা, বিজেপিৰ তৎপৰতা

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ  যোৰহাটৰ সাংসদ আৰু লোকসভাৰ বিৰোধী দলৰ উপ দলপতি গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি নিযুক্তি দিয়াৰ পাছত কাইলৈ দিল্লীৰ পৰা তেওঁ নিজা সমষ্টিলৈ আহিব৷ লোকসভাৰ দুবাৰকৈ শ্ৰেষ্ঠ সংসদৰ বঁটাপ্ৰাপক গৌৰৱ গগৈক কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত কৰাত উৎফুল্লিত হোৱা কংগ্ৰেছ নেতাকৰ্মীসকলে কাইলৈ যোৰহাট বিমান বন্দৰৰ পৰাই প্ৰিয় নেতাজনক বিপুলভাৱে আদৰণি জনোৱাৰ ব্যৱস্থা কৰিছে৷ উল্লেখ্য, গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়েই নহয় ২০২৬ চনৰ  বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে মুখ্যমন্ত্ৰী পদৰ বাবে প্ৰক্ষেপ কৰাত কংগ্ৰেছ নেতা-কৰ্মীসকলৰ লগতে বিৰোধী ৰাজনৈতিক দলসমূহৰ মাজতো আশাৰ সঞ্চাৰ হোৱাৰ লগতে আনন্দৰ জোৱাৰ উঠিছে৷ সেয়ে কাইলৈ গৌৰৱ গগৈৰ যোৰহাট আগমনৰ বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে৷ ইফালে গৌৰৱ গগৈৰ এই আগমনত যাতে যিকোনো প্ৰকাৰে বিধি পথালি দিব পাৰি তাৰ বাবে বিজেপি দলে সৰ্বস্তৰত ব্যাপক প্ৰচেষ্টা আৰম্ভ কৰিছে বুলিও অভিযোগ উঠিছে৷ উল্লেখ্য, গৌৰৱ গগৈক দলৰ ৰাজ্যিক সভাপতি হোৱাত বাধা দিয়াৰ উদ্দেশ্যে বিগত প্ৰায় দুমাহৰো অধিক কাল গৌৰৱ গগৈৰ বিৰুদ্ধে পাকিস্তানী এজেণ্টৰ অভিযোগ আনিও তেওঁক সভাপতি হোৱাৰ পৰা বঞ্চিত কৰিব নোৱৰাত এইবাৰ গৌৰৱ গগৈৰ গতিবিধিত বাধা দিয়াৰ প্ৰচেষ্টা চলাইছে৷ উল্লেখ্য, আজিৰ পৰাই বিজেপি দলে জিলাই জিলাই ব্যাপক কাৰ্যসূচী গ্ৰহণ কৰি দলীয় কাম কাজ ত্বৰান্বিত কৰিছে৷ কাইলৈ কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত যোৰহাটৰ চন্দ্ৰ কমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত জিলাখনৰ পঞ্চায়ত নিৰ্বাচনত বিজয়ী জিলা  পৰিষদ, আঞ্চলিক পঞ্চায়তৰ সদস্যৰ লগতে ৱাৰ্ড সদস্যসকলক সম্বৰ্ধনা জনোৱাৰ এক কাৰ্যসূচী ৰূপায়ণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ উল্লেখ্য, গৌৰৱ গগৈয়ে বিয়লি প্ৰায় ২ বজাত ৰৰৈয়া বিমান বন্দৰত অৱতৰণ কৰাৰ বিপৰীতে পঞ্চায়ত প্ৰতিনিধিসকলৰ সম্বৰ্ধনা অনুষ্ঠান বিয়লি ৩.৪৫ বজাৰ পৰা অনুষ্ঠিত হ’ব৷ ইফালে কাইলৈৰ দিনটোতে বীৰ লাচিত সেনাই যোৰহাট পৌৰসভাৰ এজন ঠিকাদাৰ তথা পৌৰসভাৰ মাটি লীজত লৈ বসবাস কৰি থকা আজাদ চৌধুৰয়ে কৰা বেদখল  উচ্ছেদ কৰাৰ দাবীৰ লগতে পৌৰসভাৰ মাটি বেদখল কৰি থকা আন সকলৰো উচ্ছেদৰ দাবীত এক বজ্ৰনিনাদৰ কাৰ্যসূচী গ্ৰহণ কৰিছে৷ পুৱা ১০ বজাৰ পৰা প্ৰায় ২ বজালৈ অনুষ্ঠিত কৰিব লগা এই কাৰ্যসূচী যোৰহাট ষ্টেডিয়ামৰ পৰা যোৰহাটৰ পৌৰসভাৰ কাৰ্যালয়লৈকে বাহিৰ কৰিব বুলি উল্লেখ কৰি সংগঠনটোৰ এটা সূত্ৰই কয় যে কাৰ্যসূচীত সমগ্ৰ অসমৰ লগতে যোৰহাটৰ বিভিন্ন দল সংগঠনৰ প্ৰায় প্তহাজাৰ লোকে অংশ গ্ৰহণ কৰিব৷ জানিব পৰা মতে উক্ত কাৰ্যসূচী আজি গ্ৰহণ কৰাৰ কথা আছিল যদিও অভিযোগ মতে কেৱল গৌৰৱ গগৈৰ কাৰ্যসূচীত বাধাৰ সৃষ্টিৰ উদ্দেশ্যেৰেই কাৰ্যসূচী ৩১ মে’লৈ পিছুৱাই দিছে৷ ইয়াৰ আঁৰত ৰাজনৈতিক উদ্দেশ্য থকা বুলি বিভিন্নজনে মন্তব্য কৰিছে৷

সংখ্যালঘুক বিদেশী সজাইছে অসম চৰকাৰেঃ  ৰকিবুল

‘আমাৰ অসম’ৰ নতুন দিল্লীৰ প্ৰতিনিধিঃ  বিদেশী বহিষ্কাৰৰ নামত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত সংখ্যালঘু লোকৰ ওপৰত হাৰাশাস্তি চলাই থকা হৈছে৷ অবৈধ বাংলাদেশীক বহিষ্কাৰৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ৰাজ্যসমূহলৈ যিখন বিজ্ঞপ্তি জাৰি কৰিছে সেয়া অসমৰ বাবে প্ৰযোজ্য নহয়৷ কাৰণ অসমত অসম চুক্তিমৰ্মে গঠিত বিদেশী ন্যায়াধিকৰণৰ জৰিয়তে ঘোষিত বিদেশীকহে বহিষ্কাৰ কৰিব পাৰি৷ নতুন দিল্লীত সংবাদ মেল পাতি কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে আজি এই অভিযোগ উত্থাপন কৰে৷ বাস্তৱত উচ্চতম ন্যায়ালয়েও ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ পৰি যোৱা ১৯ লাখ লোকে নাগৰিকত্বৰ বাবে পুনৰ আবেদন কৰিব পাৰিব বুলি নিৰ্দেশ প্ৰদান কৰিছিল৷ আনকি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়েও উচ্ছতম ন্যায়ালয়ৰ এই নিৰ্দেশনাৰ ভিত্তিত বিজ্ঞপ্তি জাৰি কৰিছিল৷ তাৰ পাছতো সংখ্যালঘুক লক্ষ্য কৰি নি বিদেশী সজাই চৰকাৰে যিদৰে অভিযান চলাই থাকিছে সেয়া বৰকৈ দুৰ্ভাগ্যজনক বুলি হুছেইনে মন্তব্য কৰে৷ এইক্ষেত্ৰত ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীজনে সম্পূৰ্ণ বিফল হোৱা বুলি মন্তব্য কৰি সাংসদ হুছেইনে মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী কৰে৷ আনহাতে প্ৰাক্তন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ মতে, চৰকাৰে হিন্দু-মুছলমান চাইহে বিদেশীক বিতাৰণ কৰিব বিচাৰিছে৷ ধৰ্মৰভিত্তিত নাগৰিকত্ব বিচাৰ কৰাৰ অধিকাৰ সংবিধান কিম্বা ন্যায়ালয়ে কাহানিও প্ৰদান কৰা নাই তথা কেন্দ্ৰীয় গৃহ বিভাগেও হিন্দু-মুছলমান চাই বিদেশী বিতাৰণ কৰিবলৈ দিয়া নাই৷ ইপিনে সমগ্ৰ বিষয়টোকলৈ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰৰ বক্তব্য— অবৈধ বিদেশী নাগৰিকক ভাৰতৰ পৰা বহিষ্কাৰ কৰাৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি থাকিব নোৱাৰে৷ কিন্তু স্বদেশীক বিদেশী সজাই কেৱল ধৰ্মৰভিত্তিত বিদেশী বহিষ্কাৰৰ যি খেল চলি আছে সেয়া কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম সম্পূৰ্ণ নোহোৱাকৈ কেৱল সন্দেহৰভিত্তিত এজন নাগৰিকক কেনেকৈ পুশ্ব বেক কৰিব পাৰে তাকলৈ এতিয়া সন্দেহ ওপজিছে৷ বিশেষকৈ কোনো ধৰণৰ জাননী নিদিয়াকৈ এজন নাগৰিকক কিদৰে বহিষ্কাৰ কৰিব পাৰি তাকলৈও প্ৰশ্ন উত্থাপন কৰে সিকদাৰে৷