
মুখ্যমন্ত্ৰীক ধন্যবাদ জনালে গৌৰৱ গগৈয়ে
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১ জুনঃ শাসকীয় দল বিজেপিত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰি প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈয়ে দেওবাৰে উজনি অসমৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা আৰম্ভ কৰে৷ আজি পুৱাৰে পৰা গৌৰৱ গগৈৰ ৰোড শ্ব’ক কেন্দ্ৰ কৰি দলীয় নেতা-কৰ্মী আৰু সমৰ্থকৰ মাজত অভাৱনীয় উৎসাহ পৰিলক্ষিত হয়৷ বিজেপি দলক মুকলি প্ৰত্যাহ৩ান জনাই সাংসদ গগৈয়ে শ শ সমৰ্থকৰ সৈতে আজি পুৱাই শিৱসাগৰৰ পিয়লি ফুকন সমাধি ক্ষেত্ৰত উপস্থিত হৈ স্বাধীনতা সংগ্ৰামীজনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ ইয়াৰ পাছতে তেওঁ বিশাল শোভাযাত্ৰা কৰি গৈ শিৱদৌল মন্দিৰত উপস্থিত হয় আৰু পূজা-অৰ্চনা কৰে৷ গৌৰৱ গগৈয়ে শিবদৌলৰ পৰা আৰম্ভ কৰে শুভাযাত্ৰা কাৰ্যসূচী৷ গৌৰৱ গগৈৰ প্ৰতিটো কাৰ্যসূচীত দেখিবলৈ পোৱা যায় উজনি অসমৰ দলীয় নেতা-কৰ্মী আৰু সমৰ্থকৰ সীমাহীন উৎসাহ৷ শিৱসাগৰৰ বিভিন্ন স্থানৰ মাজেদি ৰোড শ্ব’ কৰি আহি সভাপতি গগৈ উপস্থিত হয় যোৰহাটত৷ যোৰহাটৰ স্বৰ্গদেউ চাওলুং চ্যুকাফা সমন্বয় ক্ষেত্ৰত তেওঁ পৰম্পৰা অনুসৰি পূৰ্বপুৰুষৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে৷ আজি পুৱাৰ পৰা বিশাল জনসমুদ্ৰক লগত লৈ সভাপতি গগৈয়ে শিৱসাগৰ আৰু যোৰহাট জিলাৰ মাজেদি আহি নগাঁও অভিমুখে ৰাওনা হয়৷ নগাঁৱ আজি নিশাটো কটাই তেওঁ কাইলৈ গুৱাহাটী অভিমুখে ৰাওনা হ’ব৷ ৰোডশ্ব’ৰ সময়ত ৰাজপথৰ দুয়োকাষে ৰৈ থকা বিপুলসংখ্যক দলীয় নেতা-কৰ্মীয়ে গৌৰৱ গগৈক অভিবাদন জনোৱাৰ লগতে উষ্ম আদৰণি জনায়৷ আনহাতে, আজি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰি তেওঁ কয়– মই মুখ্যমন্ত্ৰীকো ধন্যবাদ জনাব বিচাৰোঁ৷ যদি যোৱা দুই-তিনি বছৰ ধৰি মোক লৈ ইমান ব্যস্ত নাথাকিলেহেঁতেন তেন্তে হয়তো মোৰ দলৰ নেতৃত্বই মোৰ ওপৰত ইমান গধুৰ দায়িত্ব নিদিলেহেঁতেন৷ প্ৰথমে সমষ্টি পুনৰ নিৰ্ধাৰণ, যোৰহাটত মোৰ বিৰুদ্ধে ভুৱা আৰু কাল্পনিক প্ৰচাৰ, মোৰ বডি ডাবলৰ কাহিনী আদি বিভিন্ন ধৰণৰ চিনেমা যে তেওঁ বনাই আছিল তাৰ বাবেই মোৰ দৰে নেতৃত্বই এই গধুৰ দায়িত্ব দিয়ে৷ মুখ্যমন্ত্ৰীক ইয়াৰ বাবে মোৰ আন্তৰিক শ্ৰদ্ধা, মৰম আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ৷ যাত্ৰাপথত গৌৰৱ গগৈয়ে বহুকেইটা কাৰ্যসূচীতো অংশ লয়৷ উল্লেখ্য যে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণৰ পাছতে ৩১ মে’ত গৌৰৱ গগৈ নতুন দিল্লীৰ পৰা আহি যোৰহাটত উপস্থিত হয়৷
নিশা ১০-১৫ বজাত নাজিৰাত গৌৰৱ গগৈৰ উপস্থিতি
‘আমাৰ অসম’ৰ নাজিৰাৰ প্ৰতিবেদকঃ কংগ্ৰেছ দলৰ অসম প্ৰদেশ সমিতিৰ সভাপতিৰ দায়িত্বভাৰ লৈয়ে দিল্লীৰপৰা ৰৰৈয়া বিমান বন্দৰ আৰু পৰৱৰ্ত্তী সময়ত যোৰহাট, তিতাবৰত পদাৰ্পণ কৰি দলীয় কৰ্মী সকলক উৎসাহিত কৰাৰ লক্ষ্যৰে মৰিয়নি, নাজিৰা সমষ্টিলৈ যাত্ৰা কৰি নাজিৰা নগৰত উপস্থিত হয় শনিবাৰে নিশা ১০-১৫ বজাত৷ নাজিৰা সমষ্টিৰ একাদিক্ৰমে আমগুৰি, পেঙেৰা, বৰচিলা, গেলেকী চাৰিআলি, মেকীপুৰ চাৰিআলিত সমবেত দলীয় কৰ্মী আৰু ৰাইজক সম্বোধন কৰি নাজিৰা নগৰত পোনে পোনে টকৌ আলিৰ কাষত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ সমাধিক্ষেত্ৰ সংহতি স্থলত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনায় গৌৰৱ গগৈয়ে৷ সন্ধিয়াৰে পৰা নাজিৰা নাট্য মন্দিৰৰ চোতালত মঞ্চ সাজি ৰৈ থকা নাজিৰাৰ দলৰ কৰ্মীসকলক নিশা প্ৰায় চাৰে দহ বাজি পৰ্যন্ত ৰৈ থাকে৷ এয়া কোনো ৰাজহুৱা সভা নহয়, কেৱল দলীয় কৰ্মী সকলক একগোট কৰি লগ ধৰি সকলোকে শুভেচ্ছা জ্ঞাপন আৰু উৎসাহ বঢ়াই তোলাৰ বাবেহে গ্ৰহণ কৰা ভ্ৰমণ বুলি গৌৰৱ গগৈয়ে উল্লেখ কৰে৷ তেওঁ কয়– ‘‘যি সময়ত চৰকাৰে জনসাধাৰণৰ হাতত বন্দুক দি সুৰক্ষাৰ আৱেষ্টনী নিজে গঢ়ি লোৱাৰ দায়িত্ব দিবলৈ গৈছে, সেই সময়ত অসমৰ জনগণই শিক্ষা, চাকৰি অসম চূক্তিৰ ষষ্ঠ অনুসূচীৰ আধাৰত জাতিসত্ত্বাক সুৰক্ষিত কৰিবলৈ বিচাৰি আছে৷ খিলঞ্জীয়াৰ সমস্যা সমূহৰ স্থায়ী সমাধান দাবী কৰিছো৷ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিও কাৰ্য্যকৰী নকৰি হতাশ কৰি তোলা কাৰ্য্য জনসাধাৰণৰ অসন্তুষ্টিৰ কাৰক হৈ পৰিছে৷ এনেবোৰ পৰিস্থিতিৰ মাজত অসম চৰকাৰৰ গৃহ বিভাগ থাকিও জনসাধাৰণৰ হাতত সুৰক্ষা বেষ্টনী গঢ়িবলৈ নিজে বন্দুক হাতত লোৱাত চৰকাৰে লাইচেন্স দিয়া মানেই অসম চৰকাৰ আৰু চৰকাৰৰ গৃহ বিভাগটোৰ পোনপটীয়া বিফলতা বুলি কয়৷ কংগ্ৰেছ দলে আহি থকা দহ মাহৰ ভিতৰত বিধানসভাৰ নিৰ্বাচনৰ আগত সকলো প্ৰত্যাহ৩ান গ্ৰহণ কৰিবলৈ সাজু৷ ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰীদ্বয় হিতেশ্বৰ শইকীয়া আৰু তৰুণ গগৈৰ নাম স্মৰণ কৰি দুই প্ৰয়াত নেতাই কংগ্ৰেছ দলক আগুৱাই যোৱাত প্ৰেৰণা যোগাই আছে বুলি তেওঁ প্ৰকাশ কৰে৷ দিনটোৰ সমগ্ৰ কাৰ্য্যসূচীত উপস্থিত থাকি আদৰণি ভাষণ প্ৰসংগত নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়াই দলক শক্তিশালী কৰি আগুৱাই নিবলৈ প্ৰতিশ্ৰুতি লোৱাৰ লগতে কৰ্মীসকলক নতুন সভাপতিক লৈ উৎসাহেৰে ৰাইজৰ কাম কৰিবলৈ আহ্বান জনায়৷ কাৰ্য্যসূচীত নৱ নিৰ্বাচিত কাৰ্য্যকৰী সভাপতি ৰ’জলিনা তিৰ্কী, কাৰ্য্যকৰী সভাপতি প্ৰদীপ চৰকাৰ, তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱা, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক লক্ষ্মীনাথ সন্দিকৈসহ বিভিন্ন বিষয়ব - বীয়াসকল, সোণাৰি জিলা কংগ্ৰেছৰ সভাপতি উৎপল গগৈ, ৰাজ্যিক মুখপাত্ৰ আব্দুল ৰহমান উপস্থিত থাকে৷
বিজেপিৰ লক্ষ্য কেৱল চিণ্ডিকেট, মাটি আৰু ধনঃ গৌৰৱ গগৈ
‘আমাৰ অসম’ৰ আমগুৰিৰ প্ৰতিবেদকঃ বিৰোধী দলৰ উপ-দলপতি তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰাৰ পাছত পোন প্ৰথম বাৰৰ বাবে শনিবাৰে সন্ধিয়া আমগুৰিত উপস্থিত হোৱাৰ লগে লগে কেইবা শতাধিক কংগ্ৰেছ নেতা কৰ্মীয়ে তেওঁক উষ্ম আদৰণি জনায়৷ আমগুৰি চাৰিআলিৰ পৰা আমগুৰি ৰাজীৱ ভৱনলৈ সভাপতিজনক আদৰি আনি ‘গৌৰৱ গগৈ জিন্দাবাদ, ভাৰতীয় জাতীয় কংগ্ৰেছ জিন্দাবাদ’ ধবনিৰে আমগুৰি নগৰ মুখৰিত কৰি তোলে৷ ইয়াৰ পাছতে আমগুৰি ৰাজীৱ ভৱনত আমগুৰি ব্লক কংগ্ৰেছ, মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছৰ লগতে বহু সংখ্যক কংগ্ৰেছকৰ্মীয়ে সভাপতিজনক বিপুল আদৰণি জনায়৷ বিৰোধী দলৰ নেতা তথা নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানত ৰাইজৰ সম্বৰ্ধনা গ্ৰহণ কৰি নৱ-নিৰ্বাচিত সভাপতিজনে কয় যোৰহাট লোকসভা সমষ্টিৰ ৰাইজৰ আশীৰ্বাদ আৰু মৰমৰ বাবেই আজি আমাক দলৰ শীৰ্ষ নেতৃত্বই গুৰু দায়িত্ব অৰ্পণ কৰিছে আৰু প্ৰতিকূল বতৰকো নেওচি ৰাইজ স্বতস্ফূতভাৱে ওলাই আহি আমাক দিয়া মৰমে আমাক ৰাইজৰ বাবে কাম কৰাৰ বাবে দুগুণে উৎসাহী কৰি তুলিছে৷ সভাপতিজনৰ চমু ভাষণত বৰ্তমানৰ বিজেপি চৰকাৰখনৰ ভণ্ডামী আৰু ছিণ্ডিকেট ৰাজৰ পৰা মুক্তি পাবলৈ হ’লে কংগ্ৰেছৰ বিকল্প নাই বুলি মন্তব্য কৰে৷ আনহাতে গুৱাহাটীত হোৱা বানপানীৰ সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত গগৈয়ে কয় যে বিজেপি দলৰ মন্ত্ৰী-বিধায়ক তথা নেতাই গুৱাহাটীৰ মাটি কিনি কেৱল ঘৰ সজোৱাত ব্যস্ত হৈ থকাৰ বিপৰীতে গুৱাহাটীৰ ভিতৰৰ কিছু ডাঙৰ ঠিকাদাৰক ঠিকা দি অপৰিকল্পিতভাৱে কিছু ফ্লাই অভাৰ সাজিছে৷ ৰাইজক সুৰক্ষা দিব নোৱাৰা এইখন চৰকাৰে বৰ্তমানে বন্দুক দিয়াৰ কথা কৈছে যদিও বিজেপিয়ে এই বন্দুক সাধাৰণ ৰাইজক নিদিয়ে, বন্দুক দিব আৰ এচ এচ, মাফিয়া, মাটি-বালি-শিল-কয়লাৰ চিণ্ডিকেট কৰা মানুহক৷ যাৰ বাবে ৰাজ্য খনত অৰাজকতাৰ সৃষ্টি হ’ব আৰু ব্যৱসায় কৰা মানুহৰ মাজত আতংকৰ সৃষ্টি হ’ব৷ বিজেপিৰ লক্ষ্য কেৱল ছিণ্ডিকেট, মাটি আৰু ধন৷ ইয়াৰ বাহিৰে তেওঁলোকৰ কোনো বহল সংকল্প নাই৷ সেয়েহে ছিণ্ডিকেটৰাজ শেষ কৰিবলৈ, দেশৰ শান্তি ঘূৰাই আনিবলৈ, জনজাতিক ন্যায় দিবলৈ কংগ্ৰেছ দল আহি আছে বুলি সভাপতিজনৰ মন্তব্য কৰে৷ কংগ্ৰেছ কৰ্মী দিগন্ত বৰুৱাই আঁত ধৰা উক্ত অনুষ্ঠানত সভাপতিজনৰ সৈতে কাৰ্যকৰী সভাপতিত্ৰয় জাকিৰ হুছেইন শিকদাৰ, প্ৰদীপ চৰকাৰ, ৰ’জলিনা তিৰ্কীকো কংগ্ৰেছ কৰ্মী সকলে আদৰণি জনায়৷
মুখ্যমন্ত্ৰীয়ে মোক লৈ যিখন চিনেমা বনাইছে সেইখন ফ্লপ হ’বঃ গৌৰৱ
‘আমাৰ অসম’ৰ শিৱসাগৰৰ প্ৰতিনিধিঃ অসম প্ৰদেশ কংগ্ৰেছৰ নৱ নিযুক্ত সভাপতি ৰূপে দেওবাৰে শিৱসাগৰলৈ আহে যোৰহাটৰ সাংসদ গৌৰৱ গগৈ৷ সাংসদ গগৈয়ে দেওবাৰে শিৱসাগৰ আৱৰ্ত ভৱনত জ্যেষ্ঠ নাগৰিকৰ সৈতে মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ প্ৰায় ১৭জন জ্যেষ্ঠ নাগৰিকৰ সৈতে তেওঁ মত বিনিময় কৰে৷ গৌৰৱ গগৈয়ে ঐতিহাসিক শিৱসাগৰৰ শিৱদৌলত পূজা অৰ্চনা কৰাৰ লগতে দলীয় কাৰ্যকৰ্তাৰ সৈতে ঐতিহাসিক শিৱদৌলৰ পৰা দলীয় শোভাযাত্ৰাত অংশগ্ৰহণ কৰে৷ আজি ৰাজ্যিক কংগ্ৰেছ দলৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈক সংগ দিয়ে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন বিধায়িকা প্ৰণতি ফুকনে৷ মুখ্যমন্ত্ৰীলৈ মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা৷ তেওঁক মই ধন্যবাদ জনাইছো৷ বিগত তিনি চাৰি বছৰে তেওঁ মোক লৈ যেনেদৰে ব্যস্ত হৈ আছে তাৰ বাবেই মোক দলে গধূৰ দায়িত্ব প্ৰদান কৰিছে৷ মুখ্যমন্ত্ৰীয়ে মোক লৈ যিখন চিনেমা বনাইছে সেইখন ফ্লপ হ’ব– আজি শিৱসাগৰত অসম প্ৰদেশ কংগ্ৰেছৰ নৱ-নিৰ্বাচিত সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে এইদৰে কয়৷ সদ্যসমাপ্ত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ সম্পৰ্কে গৌৰৱ গগৈয়ে কয় - ‘ পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলৰ ফলাফল ভাল নহয়৷ এইটো মানিছো আমি ভাল কৰা নাই৷ কংগ্ৰেছৰ যিখিনি অভাৱ আছে সেইখিনি অভাৱ পূৰণ কৰিবলৈ যত্ন কৰিম৷ কংগ্ৰেছ পূৰ্বৰ দৰেই শক্তিশালী হৈ উঠিব৷ ‘ আগন্তুক দিনত সাংসদ গৌৰৱ গগৈয়ে অসমৰ বাবে, নিজৰ সমষ্টিৰ বাবে সময় দিবলৈ বিচাৰে বুলি উল্লেখ কৰি কয় – ‘ আমাৰ উত্তৰ পূবৰ যুৱক যুৱতী সকলক দিল্লীত চীনা নাগৰিক বুলি ভাবে৷ আমাৰ উত্তৰ পূবৰ যুৱক-যুৱতী সকলৰ চকু টনা টনা আৰু মুখমণ্ডলৰ বাবেই দিল্লীত তেওঁলোকক চীনা নাগৰিকৰ সৈতে তুলনা কৰে৷ প্ৰধানমন্ত্ৰীয়ে চীনৰ বিৰুদ্ধে কিবা কোৱাৰ পূৰ্বে এই বিষয়ত চিন্তা কৰক৷ মই এই বিষয়ে প্ৰধানমন্ত্ৰীক কৈছো৷ ‘শ্বহীদ পিয়লি ফুকন উদ্যানত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ভাৰতৰ স্বাধীনতা আন্দোলনত নিজৰ সৰ্বস্ব ত্যাগ কৰাসকল সদায় নমস্য বুলি উল্লেখ কৰি তেওঁলোকৰ বাবে কংগ্ৰেছ দলে চিন্তা কৰিছে৷ তেওঁলোকে উপযুক্ত সন্মান পাব লাগে বুলি গৌৰৱ গগৈয়ে মন্তব্য কৰে৷
টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত সেৱা লৈ লাচিত মৈডামত তৰ্পণ কৰিলে গৌৰৱ গগৈৰ
‘আমাৰ অসম’ৰ টীয়কৰ প্ৰতিবেদকঃ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ আসনত অধিষ্ঠিত হৈ আজি টীয়কত বিস্তৃত কাৰ্যসূচীৰে গৌৰৱ গগৈ উপস্থিত হয়৷ যোৰহাট জিলাত প্ৰৱেশ কৰাৰ লগে লগে জিলা তথা টীয়ক কংগ্ৰেছৰ বিষয়ববীয়াই উষ্ম আদৰণি জনাই ৰেলী কৰি কলীয়াপানী ব্লক কংগ্ৰেছ কাৰ্যালয়ত ৰাজহুৱাকৈ সম্বৰ্ধনা জনায় গৌৰৱ গগৈক৷ তাৰ পাচতে সমৰ্থকসকলক লৈ লাহদৈগড়স্থিত ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হৈ সেৱা লয় আৰু লাচিত মৈদামত তৰ্পন কৰে গৌৰৱ গগৈয়ে৷ উজনি অসমত তথা নিজৰ জন্মভূমিত উপস্থিত হৈ অতিকৈ আনন্দিত হৈ পৰাৰ লগতে আজিৰ দিনটোত ৰাইজৰ মংগলৰ বাবে বিভিন্ন মঠ মন্দিৰত উপস্থিত হৈ সেৱা লৈছে বুলি মন্তব্য কৰি অনাগত দিনবোৰত অধিক শক্তিশালী ৰূপত কংগ্ৰেছ দলে ৰাইজৰ কাম কৰি যাব বুলি আশা প্ৰকাশ কৰে৷
গৌৰীসাগৰত গৌৰৱ গগৈৰ আদৰণি অনুষ্ঠান
‘আমাৰ অসম’ৰ গৌৰীসাগৰৰ প্ৰতিবেদকঃ শিৱসাগৰৰ পৰা কলিয়াবৰলৈ ঘূৰি যোৱাৰ পথত গৌৰীসাগৰত আদৰণি জনোৱা হয় অসম প্ৰদেশ কংগ্ৰেছৰ নৱ-নিযুক্ত সভাপতি গৌৰৱ গগৈক৷ পূৰ্বৰ আমগুৰি সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী প্ৰয়াত অঞ্জন দত্তৰ দিনত কংগ্ৰেছ দলৰ সবল ভেটি থকা অতি হাইপ্ৰফাইল সমষ্টি হিচাপে বিবেচিত সমষ্টিটোৰ গৌৰীসাগৰ ব্লক কংগ্ৰেছৰ দুৰ্বল সাংগঠনিক ভেটিৰ লগতে মণ্ডলটোৰ একাংশ বিষয়ববীয়া দুৰ্বল স্থিতিৰ বাবে নৱনিযুক্ত সভাপতিজনক আদৰণিৰ নামত পালমৰা কাৰ্যই ৰাইজৰ মাজত সমালোচনাৰ উদ্ভৱ হৈছে৷ প্ৰাপ্ত খবৰ মতে - সদ্য ঘোষিত পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ সমৰ্থীত প্ৰাৰ্থীয়ে শোচনীয় ভাবে মুখথেকেঁচা খাব লগা হৈছিল৷ আনহাতে সফল পৰিবহণ মন্ত্ৰী হৈ থকা কাৰ্যকালত প্ৰয়াত মন্ত্ৰী অঞ্জন দত্তৰ ভাত ঘৰৰ মানুহ হৈ চাকৰি, ঠিকা লৈ গজগজিয়া হৈ থকা কুৰিজনমান হাইপ্ৰফাইল কংগ্ৰেছী নেতাই ইয়াৰ গৌৰী হোটেলৰ সন্মুখত কোনো মতে আদৰণি জনাই সন্মান ৰক্ষা কৰিলেও দলীয় তৃণমূল কৰ্মীৰ উপস্থিতিকলৈ ভিন্ন প্ৰশ্নৰ উদয় হৈছে৷ বিশ ত্ৰিশজন দলীয় কৰ্মী লগত লৈ সভাপতি গৰাকীক আদৰিবলৈ অপেক্ষা কৰি থকা এনেবোৰ নেতা কৰ্মীৰ অনুৰোধ উপেক্ষা কৰিব নোৱাৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গগৈয়ে গৌৰীসাগৰত পদাৰ্পন কৰে যদিও উচাহহীন পৰিৱেশ দেখি দুই তিনি মিনিটৰ ভিতৰতে গাড়ীত উঠি যোৰহাটৰ অভিমুখে ৰাওনা হয়৷
ঢেকীয়াখোৱা, লাচিত-চ্যুকাফাৰ আশীষ ল’লে গৌৰৱে
‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দায়িত্ব অৰ্পণেৰে ২০২৬ চনৰ বিধান সভাৰ নিৰ্বাচনী যুঁজৰ কংগ্ৰেছৰ প্ৰধান সেনাপতিৰ দায়িত্ব অৰ্পণৰ পাছত দিল্লীৰ পৰা অসমলৈ আহি কালি যোৰহাট আৰু শিৱসাগৰত ৰাইজৰ বিপুল সমৰ্থন আৰু আশীষ গ্ৰহণ কৰাৰ পাছত সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ উপ দলপতি গৌৰৱ গগৈয়ে আজি শিৱসাগৰৰ পৰা বিশাল সমদল লৈ গুৱাহাটী অভিমুখে যাত্ৰা কৰে৷ শিৱসাগৰৰ পৰা বিধান সভাৰ বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াকে ধৰি বহুকেইজন কংগ্ৰেছ নেতাৰ সৈতে আহি টীয়কত স্থানীয় কংগ্ৰেছ নেতা- কৰ্মীৰ পৰা সম্বৰ্ধনা গ্ৰহণ কৰি আজি কংগ্ৰেছ নেতাজনে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত আশীৰ্বাদ গ্ৰহণ কৰে৷ নামঘৰ সমিতিৰ লগতে স্থানীয় ৰাইজে তেওঁক গামোচা পিন্ধাই সম্বৰ্ধনা জনায়৷ তাৰ পৰা কংগ্ৰেছ নেতাজন লাচিত বৰফুকনৰ মৈদামলৈ আহে৷ মৈদামত টাই পৰম্পৰাৰে বীৰজনাক স্মৰণ কৰাৰ লগতে স্থানীয় কংগ্ৰেছ নেতা কৰ্মী আৰু ৰাইজৰ পৰা শুভেচ্ছা, আশীৰ্বাদ গ্ৰহণ কৰি দলে বলে ম’হবন্ধাৰ চাওল্যুং ছ্যুকাফা সমন্বয় ক্ষেত্ৰলৈ যায়৷ তাত কংগ্ৰেছ নেতাজনে ছ্যুকাফাৰ প্ৰতিমূৰ্তিৰ সন্মুখত শ্ৰদ্ধা জনাই টাই নিয়মমতে চাওল্যুং ছ্যুকাফা আৰু পূৰ্ব পুৰুষসকলৰ পৰা ভৱিষ্যতে ৰাজ্যখনক নেতৃত্ব দিয়াৰ বাবে আশীৰ্বাদ লয়৷ সহস্ৰাধিক লোকৰ উপস্থিতিত হোৱা অনুষ্ঠানত টাই মহিলাসকলে আই চিং লাও পৰিৱেশন কৰে৷ ছ্যুকাফা সমন্বয় ক্ষেত্ৰত সমবেত কংগ্ৰেছ নেতাকৰ্মীসকলৰ লগতে বহু লোকে কংগ্ৰেছ নেতাজনক সম্বৰ্ধনা জনায়৷
গৌৰৱক দায়িত্ব দিয়াত সাধাৰণ জনতাও উৎফুল্লঃ অশোক শৰ্মা
‘আমাৰ অসম’ৰ বৰভাগৰ প্ৰতিবেদকঃ গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিৰ দ্বায়িত্ব দিয়াত অকল কংগ্ৰেছ কৰ্মীয়ে উৎফুল্ল হোৱা নাই, সাধাৰণ জনতাও উৎফুল্ল হৈছে৷ এইটো কংগ্ৰেছ দলৰ বাবে শুভ লক্ষণ৷ –এই মন্তব্য নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছ নেতা অশোক শৰ্মাৰ৷ আজি নৱগঠিত বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত বৰখালা সমূহীয়া ভৱনত আয়োজিত অভিনন্দন আৰু সম্বৰ্ধনা সভাত আমন্ত্ৰিত অতিথি হিচাপে অংশলৈ তেওঁ কয় যে বৰ্তমান সময়ত কংগ্ৰেছৰ সভা সমূহত মানুহ বৃদ্ধি হৈছে৷ ইয়ে কংগ্ৰেছৰ প্ৰতি মানুহৰ আস্থা বৃদ্ধি হোৱাটোকে সূচাইছে৷ আজি বৰভাগ ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি হলধৰ কলিতাৰ সভাপতিত্বত ৪৪ নং উপৰ বৰভাগ দেহাৰকুছি মণ্ডল কংগ্ৰেছ কমিটীৰ উদ্যোগত অনুষ্ঠিত হোৱা সভাখনত বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনে বৰ্তমানৰ বিজেপি চৰকাৰখনক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় চৰম দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰত নিমজ্জিত হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ৷ সেইবাবেই অসমৰ ৰাইজে বিকল্প বিচাৰিছে৷ সেয়েহে আগন্তুক ২০২৬ চনত গৌৰৱ গগৈৰ নেতৃত্বত বিৰোধী মিত্ৰজোঁটৰ চৰকাৰ এখন যে হ’ব তাক দৃঢ়তাৰে কব পাৰি৷ সভাত নলবাৰী জিলা কংগ্ৰেছ কমিটীৰ সভাপতি ৰাতুল পাটোৱাৰী অংশলৈ কয় যে বিজেপিৰ ৰাজ্যিক সভাপতিৰ গৃহ পঞ্চায়তত কংগ্ৰেছৰ আঞ্চলিক পঞ্চায়তৰ সদস্যগৰাকী জয়ী হোৱাটো কংগ্ৰেছৰ বাবে গৌৰৱৰ কথা৷ উল্লেখ্য যে আজিৰ সভাত বিগত পঞ্চায়ত নিৰ্বাচনত বিজয়ী হোৱা ৪৪ নং উপৰ বৰভাগ দেহাৰকুছি গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য ভাস্কৰ ভট্টাচাৰ্য আৰু বৰভাগ ব্লক কংগ্ৰেছ কমিটীৰ অন্তৰ্গত পঞ্চায়ত সদস্য-সদস্যাসকলক সম্বৰ্ধনা জনায়৷ সভাত নৱ নিৰ্বাচিত ভাস্কৰ ভট্টাচাৰ্যক কংগ্ৰেছ দলৰ উপৰিও বাহাৰঘাট আঞ্চলিক শাখা সাহিত্য সভাকে ধৰি বিভিন্ন অনুষ্ঠান তথা ব্যক্তিয়ে সম্বৰ্ধনা জনায়৷ সভাত বৰভাগ ব্লক কংগ্ৰেছ কমিটীৰ সম্পাদক লক্ষ্মীধৰ ডেকা, কংগ্ৰেছ নেতা উদ্দীপন পাটোৱাৰী, নলবাৰী জিলা কংগ্ৰেছৰ যুটীয়া সম্পাদক দিব্যজ্যোতি হালৈকে ধৰি বিভিন্নজনে অংশগ্ৰহণ কৰে৷
দেৰগাঁৱত অসম প্ৰদেশ কংগ্ৰেছৰ গৌৰৱ গগৈক উষ্ম আদৰণি
‘আমাৰ অসম’ৰ দেৰগাঁৱৰ প্ৰতিবেদকঃ প্ৰদেশ কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি গৌৰৱ গগৈক আজি দেৰগাঁৱতো বিপুল আদৰণি জনোৱা দেখা গ’ল৷ গৌৰৱৰ নেতৃত্বতহে কংগ্ৰেছ দলৰ সবল ভেটি পুনৰ ঠন ধৰি উঠিব বুলি আশা প্ৰকাশ কৰি আজি প্ৰান্তে প্ৰান্তে কংগ্ৰেছ কৰ্মীৰ পাৰভঙা উছাহ পৰিলক্ষিত হয়৷ আজি বিয়লি প্ৰায় ছয় বজাত দেৰগাঁৱত আহি উপস্থিত হয়হি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নৱনিযুক্ত সভাপতি তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ গুৰুদায়িত্ব লাভৰ পিছত কালি নতুন দিল্লীৰ পৰা যোৰহাটত আহি উপস্থিত হোৱা গৌৰৱ গগৈয়ে আজি শিৱসাগৰৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা আৰম্ভ কৰে আৰু বিয়লি আহি দেৰগাঁৱত উপস্থিত হয়৷ ৰাজ্যৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু ভালেসংখ্যক কংগ্ৰেছৰ নেতা-কৰ্মীৰ লগত বৃহৎ ৰেলী কৰি গৌৰৱ গগৈ দেৰগাঁৱত উপস্থিত হোৱাৰ পিছতে ইয়াৰ লাহতী চাৰিআলিত দুপৰীয়াৰ পৰা অপেক্ষা কৰি থকা সহস্ৰাধিক কংগ্ৰেছ নেতা-কৰ্মীয়ে তেওঁক উষ্ম আদৰণি জনায়৷ নৱনিযুক্ত সভাপতিগৰাকী দেৰগাঁও চহৰত উপস্থিত হোৱাৰ লগে-লগে গোলাঘাট জিলা কংগ্ৰছৰ সভাপতি গোলাপ শইকীয়া, বৰ্ষীয়ান কংগ্ৰেছী জয়প্ৰকাশ খাদৰীয়া, জিলাৰ জে্যষ্ঠ নেতা বিতুপন শইকীয়া, মহিলা নেত্ৰী বালিকা লাহন, সাগৰিকা বৰা, ব্লক কংগ্ৰছৰ সভাপতি ভৱেন গগৈ, বিনন্দ সন্ধিকৈ গোপালকৃষ্ণ খাউণ্ড, লাচিত বৰা আদি কৰি কুৰিৰো অধিক বিষয়ববীয়া আৰু হাজৰোধিক দলীয় সৰ্মথকে গৌৱৰ গগৈক জাপি, ফুলাম গামোচা, চেলেং, ফুলৰ থোপা আদিৰে আদৰণি জনাই সমদল কৰি লাহতি চাৰিআলিৰ সভাস্থলীত উপস্থিত হয়হি৷ যুৱনেতা চাহাবুদ্দিন আহমেদে আঁত ধৰা আদৰণি সভাৰ আৰম্ভণিতে দেৰগাঁও সমষ্টিৰ দুশৰো অধিক কংগ্ৰেছ নেতা-কমী আৰু গৌৰৱ গগৈৰ শুভাকাংক্ষীয়ে পুনৰ নতুন সভাপতিক আদৰণি জনায় শুভেচ্ছা জ্ঞাপন কৰে৷