Logo
image

পানী অলপ অলপকৈ এৰক! নীপকোৰে বৈঠক মুখ্যমন্ত্ৰীৰ

‘আমাৰ অসম’ৰ লখিমপুৰৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২ জুনঃ  নীপকোৰে কোনো জাননী অবিহনে হঠাৎ ৰঙানদীৰ বান্ধৰ পানী এৰি দিয়াৰ ফলত উত্তৰ অসম বিপৰ্যস্ত হৈ পৰাৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰত উপস্থিত হয়৷ লখিমপুৰত বিভীষিকাৰ সৃষ্টি কৰা নীপকোক মুখ্যমন্ত্ৰী শৰ্মাই কটু সমালোচনা কৰি পানী অলপ অলপকৈ এৰি দিবলৈ নিৰ্দেশ দিয়ে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰত উপস্থিত হৈ বান পৰিস্থিতিৰ পৰ্যবেক্ষণৰ পূৰ্বে  নীপ্‌কো কতৃৰ্পক্ষৰ লগত লীলাবাৰী বিমানবন্দৰতে এক আলোচনাত মিলিত হৈ ৰঙানদী জলবিদ্যুৎ  প্ৰকল্পৰ বাবে লখিমপুৰত সৃষ্টি হোৱা ভয়াৱহ বান পৰিস্থিতি আৰু ক্ষয় ক্ষতিৰ সন্দৰ্ভত নীপ্‌কো কতৃৰ্পক্ষক কটু সমালোচনা কৰে৷ মুখ্যমন্ত্ৰীজনে নীপ্‌কো কৰ্তৃপক্ষক নদী বান্ধৰ পৰা পানী এৰা, এই ক্ষেত্ৰত বিদ্যুৎ বিভাগৰ কৰণীয়, পানী এৰাৰ পূৰ্বে ৰাইজলৈ দিয়া সৰ্তকতা অৱলম্বন কৰা বিষয়ক লৈ আলোচনাত মিলিত হৈ হঠাতে কিয় পানী এৰাৰ ব্যৱস্থা কৰিলে, পানী এৰি দিয়াৰ ৪/৫ ঘন্টাৰ পূৰ্বে লখিমপুৰ জিলাৰ জিলা আয়ুক্তক জনোৱাৰ ব্যৱস্থা কৰিছিল নে আদি বিভিন্ন প্ৰশ্নৰে নীপ্‌কো কতৃৰ্পক্ষক জবাবদিহি কৰি পানীৰ এৰাৰ পূৰ্বেই ৰাইজক সতৰ্ক কৰিব লাগিছিল বুলি কয়৷ নীপ্‌কো কতৃৰ্পক্ষই যিকোনো এটা গ্ৰুপত মেছেজ দিয়েই ৰৈ থাকিলে নহ’ব আৰু নীপ্‌কোৱে ৰিৰ্জাভাৰত পানী আৱদ্ধ কৰি ৰাখি হঠাতে এৰি নিদিবলৈ সকীয়নি দিয়ে৷ নীপ্‌কো সৃষ্ট বানৰ বিষয়টো তদন্ত কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কোৱাৰ লগতে যদি নীপ্‌কো জগৰীয়া হয়, তেন্তে নীপ্‌কোক জবাবদিহি কৰিম বুলি কয়৷  মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যেৰে লখিমপুৰ জিলাত উপস্থিত হৈ আমতলা আৰু বৰবিলৰ বান প্লাবিত এলেকাৰ লগতে পাঁচনৈয়ে ক্ষতিগ্ৰস্ত কৰা  অঞ্চল পৰিদৰ্শন কৰে৷ মুখ্যমন্ত্ৰীয়ে বানপীড়িত লোকৰ সৈতে বাৰ্তালাপ কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে  জিলা প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপসমূহৰো বুজ লয়৷ উল্লেখ্য আমতলা মথাউৰি ভঙাৰ ফলত বিস্তীৰ্ণ এলেকা প্লাৱিত হৈ পৰিছে৷ মুখ্যমন্ত্ৰীয়ে প্ৰথমে নৱগঠিত নাওবৈচা সমষ্টিৰ আমতলাত উপস্থিত হৈ বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত-বিনিময় কৰাৰ লগতে সামগ্ৰিক বান পৰিস্থিতিৰ বুজ লয়৷ মুখ্যমন্ত্ৰীয়ে প্ৰায় এক কিলোমিটাৰ খোজ কাঢ়ি আমতলা মথাউৰিৰ ছিঙা অংশ পৰিদৰ্শন কৰে৷ উল্লেখ্য যে ১৯৮৯ চনত নিৰ্মাণ কৰা এই মথাউৰিৰ এটা অংশ ছিঙি যোৱাৰ ফলত অঞ্চলটোৰ প্ৰায় ৫ খন ৰাজহ গাওঁ জলমগ্ন হৈ পৰে৷ মুখ্যমন্ত্ৰীয়ে বানপীড়িত ৰাইজক যথোচিত সাহায্য প্ৰদান কৰিবলৈ জিলা আয়ুক্তক নিৰ্দেশ দিয়ে৷ পৰিদৰ্শনৰ সময়ত সাংবাদিকৰ সৈতে হোৱা কথোপকথনৰ সময়ত মুখ্যমন্ত্ৰীয়ে কয় যে অতি শীঘ্ৰে মথাউৰিৰ ছিঙা অংশ মেৰামতি কৰাৰ লগতে ইয়াৰ ওচৰতে থকা জানটোৰে পানী উলিয়াই দিয়াৰ ব্যৱস্থা কৰা হ’ব যাতে ৰাইজক নিজৰ ঘৰলৈ ওভতাই পঠিয়াব পৰা যায়৷ অহা ছেপ্টেম্বৰ-অক্টোৱৰ মাহত এই মথাউৰিটো নিৰ্মাণ কৰা হ’ব৷ মুখ্যমন্ত্ৰীয়ে ৰঙানদীৰ বাঢ়নী পানীয়ে ক্ষতিগ্ৰস্ত কৰা অসমমালাৰ অধীনত নিৰ্মীয়মান পাঁচনৈ-দিজো সংযোগী পথটোৰ ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে৷


মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত ক্ষতিগ্ৰস্ত অঞ্চলটোত যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে৷ মুখ্যমন্ত্ৰীয়ে বানপীড়িত লোকৰ সৈতে মত-বিনিময় কৰি ৰাজ্য চৰকাৰে ক্ষতিগ্ৰস্ত লোকসকললৈ সকলো ধৰণৰ সাহায্য আগবঢ়াব বুলিও আশ্বাস প্ৰদান কৰে৷ আনহাতে মুখ্যমন্ত্ৰীয়ে বৰবিল মথাউৰিৰ খহনীয়া অংশ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়৷ তেওঁ মথাউৰিটোৰ খহনীয়া ৰোধৰ বাবে যাবতীয়া ব্যৱস্থা গ্ৰহণ কৰিবলৈ জলসম্পদ বিভাগক নিৰ্দেশ দিয়ে৷ পৰিদৰ্শনৰ সময়ত শিক্ষা আদি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু, জলসম্পদ আদি বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰীকা, ৰাজহ আৰু দুযোৰ্গ ব্যৱস্থাপনা আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক  মানৱ ডেকা, নৱ কুমাৰ দলে, ড॰ অমিয় কুমাৰ ভূঞাৰ উপৰি জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতি প্ৰমুখ্যে অন্যান্য বিষয়াসকল উপস্থিত থাকে৷ ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰত উপস্থিত হৈ ৰঙানদী পাৱাৰ প্লেন্টৰ নেপকোৰ বিষয়ববীয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়৷ এই বৈঠকত ৰঙানদী প্ৰকল্পৰ পানী এৰি দিয়া, কাৰিকৰী ব্যৱস্থাৰাজি জিলা প্ৰশাসনৰ সৈতে যোগাযোগ, ৰাইজক আগতীয়াকৈ অৱগত কৰা আদি বিভিন্ন বিষয়সমূহ আলোচনা কৰা হয়৷ মুখ্যমন্ত্ৰীয়ে ৰঙানদী প্ৰকল্পই পানী এৰি দিয়াৰ আগতে নেপকোৱে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে, সেই সন্দৰ্ভত শীৰ্ষ বিষয়াসকলৰ পৰা বুজ লয়৷ মুখ্যমন্ত্ৰীয়ে প্ৰকল্পৰ পানী একেলগে এৰি নিদি পৰ্যায়ক্ৰমে লাহে লাহে এৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নেপকোৰ বিষয়াবৰ্গক নিৰ্দেশ দিয়ে৷ ইয়াৰ বাবে প্ৰয়োজনীয় কাৰিকৰী দিশসমূহ আলোচনা কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে৷ সময় থাকোতেই যাতে জনসাধাৰণক সাৱধান কৰিব পৰা যায়, তাৰ বাবে আগতীয়াকৈ জিলা প্ৰশাসনৰ লগত যোগাযোগ কৰিবলৈও তেওঁ নেপকোৰ বিষয়াসকলক নিৰ্দেশ দিয়ে৷ বৰষুণৰ আগজাননী পোৱাৰ পিছত অধিক সতৰ্কতাৰে তাৎক্ষণিকভাৱে পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰিবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে৷ এই বৈঠকত শিক্ষা আদি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু, জলসম্পদ আদি বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰীকা, ৰাজহ আৰু দুযোৰ্গ ব্যৱস্থাপনা আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক  মানৱ ডেকা, নৱ কুমাৰ দলে, ড॰ অমিয় কুমাৰ ভূঞাৰ উপৰি জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতি প্ৰমুখ্যে ৰঙানদী পাৱাৰ প্লেন্টৰ মুখ্য প্ৰকল্প বিষয়া পাৰ্থপ্ৰতীম দাস আৰু অন্যান্য বিষয়াসকল উপস্থিত থাকে৷ উল্লেখ্য, এইবাৰৰ বানত লখিমপুৰ জিলাৰ ৫ টা ৰাজহ চক্ৰৰ ১২৯ খন গাওঁ প্লাৱিত হৈছে৷ ইয়াৰ ফলত ৪৬,৬৮৭ গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে৷  আনহাতে বানৰ ফলত ৪৫৪.৮২ হেক্টৰ কৃষিভূমি প্লাৱিত হৈছে৷ তদুপৰি ২২,৮৭১ টা পশুধন বানৰ কৱলত পৰিছে৷ প্ৰশাসনে তিনিটা শিৱিৰ মুকলি কৰিছে আৰু ৪২৫ গৰাকী লোকে ইয়াত আশ্ৰয় লৈছে৷ প্ৰশাসনে ৪৯ টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে৷ আনহাতে উদ্ধাৰ অভিযানৰ বাবে প্ৰশাসনে এটা এন ডি আৰ এফ আৰু চ্ছ্ৰ টা এছ ডি আৰ এফৰ দল নিয়োগ কৰিছে৷