
ছিংগাপুৰত ভাৰত-পাক সেনাধ্যক্ষৰ বাক্যুদ্ধ
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২ জুনঃ ভাৰত-পাকিস্তানৰ সাম্প্ৰতিক সংঘাতৰ উত্তাপে এতিয়া ছিংগাপুৰো স্পৰ্শ কৰিছে৷ ছিংগাপুৰত অনুষ্ঠিত ‘ছাংগ্ৰি-লা ডায়লগ’ শীৰ্ষ বৈঠকত ভাৰতৰ ‘চিফ অৱ ডিফেন্স ষ্টাফ’ [চি ডি এছ] অৰ্থাৎ সৰ্বাধিনায়ক জেনেৰেল অনিল চৌহান আৰু পাকিস্তানৰ ‘জইণ্ট চিফ অৱ ষ্টাফ কমিটী’ৰ অধ্যক্ষ জেনেৰেল ছাহিৰ ছামচাদ মিৰ্জাৰ মাজত হোৱা বাকযুদ্ধই ভাৰত-পাকিস্তানৰ সাম্প্ৰতিক সংঘাতক অধিক উত্তপ্ত কৰি তুলিছে৷ ইয়াৰে পাকিস্তানৰ ‘জইণ্ট চিফ অৱ ষ্টাফ কমিটী’ৰ অধ্যক্ষ জেনেৰেল ছাহিৰ ছামচাদ মিৰ্জাই ভাগ লোৱা ‘ৰিজিঅ’নেল ক্ৰাইছিছ মেনেজমেণ্ট মেকানিজম’ শীৰ্ষক বৈঠকত অসমৰ এগৰাকী মহিলা দৰ্শনা এম বৰুৱাই ভাগ লোৱা বিষয়টোৱে ৰাজ্যৰ বহুতৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ সেই আলোচনাত অসমৰ দৰ্শনা এম বৰুৱাৰ আসন পাকিস্তানৰ ‘জইণ্ট চিফ অৱ ষ্টাফ কমিটী’ৰ অধ্যক্ষ জেনেৰেল ছাহিৰ ছামচাদ মিৰ্জাৰ কাষতে আছিল৷ ছিংগাপুৰত আয়োজিত ২২ সংখ্যক ‘ছাংগ্ৰি-লা ডায়লগ’ শীৰ্ষ বৈঠকত অৱশ্যে মুখামুখি আলোচনাত ভাৰত আৰু পাকিস্তানৰ দুই শীৰ্ষ সামৰিক বিষয়া মিলিত হোৱা নাছিল৷ কিন্তু নিজে ভাগ লোৱা আলোচনাত উভয়ে কৰা মন্তব্যই ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা উত্তেজনাপূৰ্ণ পৰিস্থিতি প্ৰতিফলিত কৰিছে৷ ভাৰতৰ সামৰিক বাহিনীৰ সৰ্বাধিনায়ক জেনেৰেল অনিল চৌহানে ভাগ লোৱা শীৰ্ষ বৈঠকত পাকিস্তান আৰু ভাৰতৰ মাজত এক ‘ৰেড লাইন’ আঁকি দিয়ে৷ শনিবাৰে নিজৰ বক্তব্যত অনিল চৌহানে জনায় যে, ভাৰতে পাকিস্তানৰ ভূমিখণ্ডৰ ভিতৰত থকা সন্ত্ৰাসবাদীৰ ঘাটিতহে প্ৰথমে আক্ৰমণ কৰিছিল৷ সেই আক্ৰমণক লৈ পাকিস্তানৰ সামৰিক বাহিনীৰ প্ৰত্যুত্তৰৰ প্ৰয়োজন নাছিল৷ ভাৰতৰ ‘অপাৰেচন সিন্দূৰ’ মূলতঃ সন্ত্ৰাসবাদীৰ বিৰুদ্ধেই অভিযান আছিল৷ পাক অধিকৃত কাশ্মীৰ আৰু নিজৰ ভূখণ্ডত পাকিস্তানে সন্ত্ৰাসবাদীৰ ঘাটি স্থাপন কৰাটো সম্পূৰ্ণ অনৈতিক আছিল বুলি অনিল চৌহানে মন্তব্য কৰে৷ তেওঁ কয় যে, পাকিস্তানৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদীৰ জৰিয়তে চলি থকা বহু ছাঁয়াযুদ্ধৰ মুখামুখি হৈছে ভাৰত৷ বিগত দুই দশক ধৰি চলি থকা এই ছাঁয়াযুদ্ধৰ অৱসানৰ বাবেই ভাৰতে ‘অপাৰেচন সিন্দূৰ’ চলাবলৈ বাধ্য হ’ল বুলি তেওঁ মন্তব্য কৰে৷
আনহাতে পাকিস্তানৰ ‘জইণ্ট চিফ অৱ ষ্টাফ কমিটী’ৰ অধ্যক্ষ জেনেৰেল ছাহিৰ ছামচাদ মিৰ্জাই ভাগ লোৱা ‘ৰিজিঅ’নেল ক্ৰাইছিছ মেনেজমেণ্ট মেকানিজম’ শীৰ্ষক বৈঠকত কয় যে, সংকট নাহিলে ভাৰতে কেতিয়াও জম্মু-কাশ্মীৰৰ সমস্যাৰ বিষয়ে আলোচনা নকৰে৷ এই সমস্যা ৰাষ্ট˜সংঘৰ নিৰাপত্তা পৰিষদৰ আহ৩ান অনুসৰি দ্ৰুতভাৱে নিষ্পত্তি কৰিব লাগে বুলি তেওঁ দাবী কৰে৷ পাকিস্তানৰ ‘জইণ্ট চিফ অৱ ষ্টাফ কমিটী’ৰ অধ্যক্ষ জেনেৰেল ছাহিৰ ছামচাদ মিৰ্জাই দাবী কৰে যে জম্মু-কাশ্মীৰৰ বাসিন্দাই শান্তি আৰু ন্যায় লাভৰ বাবে দীৰ্ঘদিনীয়া কাশ্মীৰ সমস্যা সমাধান কৰাৰ প্ৰয়োজন৷ তেওঁৰ মতে এই সমস্যাৰ সমাধান নোলোৱা পৰ্যন্ত আৰু জম্মু-কাশ্মীৰৰ বাসিন্দাই প্ৰকৃততে কি বিচাৰে, সেয়া নিৰ্ধাৰণ নোহোৱা পৰ্যন্ত ভাৰত-পাকিস্তানৰ মাজত এনে সংঘাত অব্যাহত থাকিব৷ ইয়াৰ অৱসানৰ বাবে ভাৰতে ৰাষ্ট˜সংঘৰ নিৰাপত্তা পৰিষদৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই জম্মু-কাশ্মীৰৰ জনতাৰ মতামত লৈ বিষয়টো নিষ্পত্তি কৰাৰ দিশে আগবঢ়োৱাৰ বাবে এক ‘ৰোড মেপ’ ঠিৰাং কৰা প্ৰয়োজন বুলি পাকিস্তানৰ ‘জইণ্ট চিফ অৱ ষ্টাফ কমিটী’ৰ অধ্যক্ষ জেনেৰেল ছাহিৰ ছামচাদ মিৰ্জাই দাবী কৰে৷ এই আলোচনা-চক্ৰত ভাগ লোৱা অসমৰ দৰ্শনা এম বৰুৱা সম্প্ৰতি টকিঅ’ৰ ‘ছাচাকাৱা পিচ ফাউণ্ডেচন’ৰ ভিজিটিং ফেলো হিচাপে কৰ্মৰত৷ পূৰ্বে তেওঁ ‘কাৰ্ণেগিক ইণ্ডিয়া’ৰ এছ’চিয়েট ডাইৰেক্টৰ আৰু ছিনিয়ৰ ৰিচাৰ্ছ এনালিষ্ট হিচাপে কৰ্মৰত আছিল৷ তেওঁ এছিয়াৰ নৌবাহিনীৰ নিৰাপত্তা বিষয়ত আৰু ভাৰতীয় নৌসেনা বাহিনীৰ নিৰাপত্তাৰ দিশত থকা ভূমিকা সন্দৰ্ভত গৱেষণা কৰিছে৷ সেই সূত্ৰেই দৰ্শনা এম বৰুৱাই ‘ছাংগ্ৰি-লা ডায়লগ’ শীৰ্ষ বৈঠকত ভাগ লোৱা আৰু একে আলোচনা-চক্ৰত ভাগ লোৱা পাকিস্তানৰ ‘জইণ্ট চিফ অৱ ষ্টাফ কমিটী’ৰ অধ্যক্ষ জেনেৰেল ছাহিৰ ছামচাদ মিৰ্জাৰ সৈতে দেখা যোৱা বুলি জানিব পৰা গৈছে৷