Logo
image

'বিৰোধীত থাকোতে বিৰোধিতা, শাসনত আহিলে মাৰে পাভলুটি, এয়াই বিজেপি দলৰ দুমুখীয়া ৰাজনীতি'

'আমাৰ অসম'ৰ আমগুৰিৰ প্ৰতিবেদকঃ বানপানী সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক। সমগ্র অসমৰ লগতে লক্ষীমপুৰ, নাওবৈচা,ৰঙানদী আদি অঞ্চলত প্ৰতিবছৰে বানপানীয়ে যি তাণ্ডৱৰ সৃষ্টি কৰি আহিছে, এইয়া বছৰত অহা বিহু সমূহৰ দৰে হৈ পৰিছে! অসমৰ সম্পদ যদি ৰাষ্ট্ৰীয় সম্পদ হ'ব পাৰে, তেন্তে কিয় অসমৰ বান সমস্যাই ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি পাব নোৱাৰে?- এই প্ৰশ্ন অসমীয়া যৱ মঞ্চৰ৷ বুধবাৰে সন্ধিয়া সংগঠনটোৰ আমগুৰি আঞ্চলিক কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰি সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক আকাশ শইকীয়াই অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়াৰ বাবে দাবী জনাই এই প্ৰশ্নৰ উত্থাপন কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰে বাৰে বাৰে অসমক প্ৰতাৰণা কৰি আহিছে বুলি অভিযোগ কৰে৷ সংগঠনটোৰ নেতা গৰাকীয়ে কয় যে নিপকোৰ মাত্ৰ ৪০৫ মেগাৱাটৰ পানীৰ সোঁততেই লক্ষীমপুৰ, নাওবৈচা, ৰঙানদী আদি অঞ্চলৰ মানুহখিনি অসমৰ মানচিত্রৰ পৰা নাইকীয়া হ'বলৈ গৈ আছে। তেনে পৰিস্থিতিত জল বোমা স্বৰূপ NHPC নামনি সোঁৱণশিৰি জলবিদ্যুৎ প্ৰকল্প যদি ভাগিবলৈ হয়, ২০০০ মেগাৱটৰ পানী যেতিয়া সোঁত ব'ব, তেতিয়া অসমৰ মানচিত্রৰ পৰা লক্ষীমপুৰ, মাজুলী, ধেমাজি তিনিখন জিলা নিশ্চিহ্ন হৈ যাব৷


যদি বৃহৎ নদীবান্ধৰ অসমৰ সম্পদ হয় তেন্তে ২০১৪ চনত ভাৰতৰ কেন্দ্রীয় গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু অসমৰ গেৰুৱা বাহিনীয়ে লক্ষীমপুৰত আহি কি যুক্তিত নামনি সোঁৱণশিৰি জলবিদ্যুৎ প্ৰকল্প কোনো কাৰণতে হ'ব নোৱাৰে বুলি প্ৰতিশ্ৰুতি দিছিল৷ আজি ক'ত গ'ল ৰাইজৰ আগত দিয়া সেই প্ৰতিশ্ৰুতি৷ এয়াই নেকি বিজেপি চৰকাৰ প্ৰতিশ্ৰুতি, এয়াই নেকি বিজেপি চৰকাৰৰ পাভলুটি৷ বানপানীক লৈ অমিত শ্বাহৰ দৰে জনাবুজা ব্যক্তিয়ে টুলুঙা মন্তব্য দিয়াৰ পৰা সদায় বিৰত থাকিবৰ বাবে সংগঠনটোৰ নেতাগৰাকীয়ে সকীয়াই দিয়ে। কি যুক্তিত ৫০টা পুখুৰী খান্দিলে অসমৰ বানপানী সমস্যা সমাধান হ'ব বুলি কৈছিল কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে৷ আনহাতে প্ৰধানমন্ত্ৰীয়ে ১৬ মে'ত অবৈধ বিদেশীয়ে টালি টোপোলা বান্ধি অসম এৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ সন্দৰ্ভত সংগঠনটোৰ নেতা গৰাকীয়ে সেই টালি টোপোলা বন্ধা দিৱসৰ ১৬ মে' কোন চনত আহিব বুলি প্ৰশ্ন কৰে৷ সংগঠনটোৰ নেতা গৰাকীয়ে সংবাদমেলত কেন্দ্র আৰু ৰাজ্যত একে দলৰ চৰকাৰ চলি থাকোতেই এতিয়াই কিয় অবৈধ সন্দেহযুক্ত বাংলাদেশীক অসমৰ পৰা বহিষ্কাৰ নকৰে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰে৷ আজিৰ সংবাদমেলত সংগঠনটোৰ আমগুৰি আঞ্চলিকৰ বিষয়ববীয়া সকল উপস্থিত থাকে৷