নগাঁও ইলেক্ট্ৰ'নিক মিডিয়া এছ'চিয়েচনৰ প্ৰতিষ্ঠা দিৱস উদযাপন
'আমাৰ অসম'ৰ ডিজিটেল ডেস্ক, নগাঁও,৫ জুনঃ নগাঁও সদৰস্থ সাংবাদিক সমাজৰ অন্যতম অনুষ্ঠান নগাঁও ইলেক্ট্ৰ'নিক মিডিয়া এছ'চিয়েচনৰ পঞ্চদশ প্ৰতিষ্ঠা দিৱসটি আজি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় । পুৱাবেলা গছপুলি ৰোপনেৰে শুভাৰম্ভ হোৱা এই অনুষ্ঠানটিৰ অংশৰূপে দুপৰীয়া নগাঁও ইলেক্ট্ৰ'নিক মিডিয়া এছ'চিয়েচনৰ কাৰ্যালয়ত এখনি আলোচনা সভাও অনুষ্ঠিত হয় । পুৱা ৮ বজাত নগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ চৰকাৰী বাসভৱনত এটি মধুৰী আমৰ পুলি ৰোপন কৰে ইলেক্ট্ৰ'নিক মিডিয়াৰ সদস্যসকলে । ইয়াৰ পিছতে জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ চৰকাৰী আৱাসত এটি বকুল ফুলৰ পুলি ৰোপন কৰে বৈদ্যুতিন মাধ্যমৰ সাংবাদিক সকলে । এই অনুষ্ঠানত জিলা আয়ুক্ত গৰাকীৰ উপৰিও তেওঁৰ পিতৃ ৰাম লক্ষ্মণ শ্বাহ আৰু বন বিভাগৰ নগাঁও সংমণ্ডলৰ বিষয়া সুভাষ কদমো উপস্থিত থাকে ।
ইয়াতেই জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে নগাঁও ইলেক্ট্ৰ'নিক মিডিয়া এছ'চিয়েচনৰ প্ৰতিষ্ঠা দিৱসৰ বাবে সদস্যসকলক শুভেচ্ছা জ্ঞাপন কৰাৰ উপৰিও প্ৰাকৃতিক ভাৰসাম্যৰ ৰক্ষাৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰি বক্তব্য প্ৰদান কৰে । ইপিনে, দুপৰীয়া অনুষ্ঠিত হোৱা সভাখনত পৃথিৱীৰ সেউজীয়া আৱৰণক লালন-পালন কৰাৰ পোষকতাৰে কেতবোৰ সংকল্প গ্ৰহণ কৰাৰ উপৰিও নগাঁও ইলেক্ট্ৰ'নিক মিডিয়া এছ'চিয়েচনৰ পৰৱৰ্তী কাৰ্যপন্থা সম্পৰ্কে আলোচনা কৰা হয় । সভাখনত অন্যান্য সকলৰ উপৰিও প্ৰবীন সাংবাদিক কনক হাজৰিকা, বিভূতি বৰা, ভাস্কৰজ্যোতি মেধি আদি উপস্থিত থাকে । সাংবাদিক জ্যোতিপ্ৰসাদ বৰাই আঁতধৰা অনুষ্ঠানটিত নগাঁও ইলেক্ট্ৰ'নিক মিডিয়া এছ'চিয়েচনৰ সভাপতি বীৰেন বৰা, সাংবাদিক মানৱ জ্যোতি বৰা, পৰাগ জ্যোতি হাজৰিকা, ৰঞ্জন বৈৰাগী, মুকুল খান, প্ৰসেনজিৎ মণ্ডল, তীৰ্থ বৰা, ৱাহিদুদ জামান, অৰূপ জ্যোতি কেওঁট, সোণমণি দাস, হিমাংশু কাকতি, দিবাকৰ ডেকা, তপন বৰা, মৃণাল জ্যোতি তামুলী, উৎপল বৰা আদিকে ধৰি বিভিন্নজন উপস্থিত থাকে।






