বানত বুৰিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন
'আমাৰ অসম'ৰ জামুগুৰিহাটৰ প্ৰতিবেদকঃ বানৰ কৱলত পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকা। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে থকা তথা জামুগুৰিহাটৰ দক্ষিণাঞ্চলত অৱস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাৰ এতিয়া চল্লিশ শতাংশ অঞ্চলেই বানত বুৰ গৈছে। মহাবাহু ব্ৰহ্মপুত্ৰ আৰু ঘিলাধাৰী নদীৰ বাঢ়নী পানী সোমোৱাৰ ফলত এতিয়া জলমগ্ন হৈ পৰিছে ষষ্ঠ সংযোজন এলেকা।
ষষ্ঠ সংযোজনৰ অন্তৰ্গত তেৱাৰীপাল বন শিবীৰ, শিলডুবি বন শিবিৰ,পানপুৰ বন শিবিৰ আৰু গড়পাল বন শিবিৰ ইতিমধ্যে জলমগ্ন হৈছে। ইফালে বানপানীৰ সময়ত ষষ্ঠ সংযোজনত থকা বন্য জীৱ-জন্তু সমূহৰ যাতে কোনো ক্ষতিসাধন নহয় তাৰ প্ৰতি তীক্ষ্ণ নজৰ ৰাখিছে বনকৰ্মী সকলে। বাসস্থানৰ লগতে খাদ্যৰ সন্ধানত ওখ স্থানলৈ ঢাপলি মেলাৰ সময়ত বন্য জীৱ-জন্তু সমূহ যাতে কোনো দুষ্কৃতিকাৰীৰ আক্ৰমণৰ বলি হ'ব নোৱাৰে তাৰ বাবে দিনে নিশাই সজাগ হৈ থকা দেখা পোৱা গৈছে বনকৰ্মী সকলক।






