
জাগীৰোডত টাটাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প আৰম্ভ হোৱাই নাই, চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ দুষ্ট চক্ৰ
'আমাৰ অসম'ৰ জাগীৰোডৰ বিশেষ প্ৰতিবেদকঃ জাগীৰোডত নিৰ্মীয়মাণ টাটাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পত চাকৰি দিয়াৰ নামত গা কৰি উঠিছে এটা বৃহৎ চক্ৰই ৷ নগাঁও আৰু মৰিগাঁও জিলা সামৰি চাকৰিৰ নামত বৃহৎ পৰিমানৰ ধন আত্মসাত কৰাত উঠিপৰি লাগিছে এই দুষ্টচক্ৰটোৱে৷ হোৱাটচএপ গ্ৰুপ খুলি নিবনুৱা যুৱক-যুৱতীক টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত লোভনীয় চাকৰি দিয়াৰ নামত অপপ্ৰচাৰ চলাই লুটিছে লক্ষ্য লক্ষ্য টকা৷ এটা চাকৰি দিয়াৰ নামত লক্ষাধিক ধন সংগ্ৰহৰ জাল পেলাইছে প্ৰৱঞ্চকে৷ প্ৰায় দুশ গৰাকী নিবনুৱা যুৱক-যুৱতীৰ পৰা চক্ৰটোৱে প্ৰৱঞ্চনাৰে লুটিছে বৃহৎ পৰিমানৰ ধন৷ আৰু এই চক্ৰটোৰ নেতৃত্বত এগৰাকী অধ্যাপক৷ নগাঁও জিলাৰ কাৱৈমাৰীৰ চাইকুল ইছলাম নামৰ অৰ্থনীতি বিভাগৰ অধ্যাপক গৰাকীৰ একাউণ্টত জমা হৈছে বৃহৎ ধনৰাশি৷
ইয়াৰোপৰি জাগীৰোডৰ নেলীৰ তাৰিকুল্লা আহমেদ নামৰ প্ৰৱঞ্চকটোৱে নিজকে টাটাৰ অভিযন্তা বুলি চিনাকি দি চলাই গৈছিল চাকৰি দিয়াৰ ভুৱা নাটকখন ৷ ইয়াৰ সৈতে জড়িত আছিল ৰূপহীহাটৰ তুফেইল আহমেদ আৰু চাকিল জুনাইদ নামৰ দুই প্ৰৱঞ্চক৷ এক অভিযোগৰ ভিত্তিত মৰিগাঁও আৰক্ষীয়ে অধ্যাপক চাইকুল ইছলাম, তুফেইল আহমেদ আৰু চাকিল জুনাইদক গ্ৰেপ্তাৰ কৰাৰ লগতে শ্বিলঙৰ ডাউকীত আত্মগোপন কৰি থকা মাষ্টাৰমাইণ্ড নেলীৰ তাৰিকুল্লা আহমেদে আত্মসমৰ্পণ কৰে জাগীৰোড আৰক্ষী থানাত৷ প্ৰৱঞ্চক কেইটাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ বিভিন্ন বিভাগৰ ভুৱা নিযুক্তি পত্ৰ, সাক্ষাৎকাৰ পত্ৰ আৰু বহু ভুৱা নথিপত্ৰ৷ পৱিত্ৰ ঈদৰ দিনাই নামাজ আদায় কৰাৰ পৰিৱৰ্তে ৰঙাঘৰৰ আলহী হ’ল চাৰি অভিযুক্ত৷ আনহাতে টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চাকৰিৰ নামত এনে প্ৰৱঞ্চকৰ জালত ভৰি নিদিবলৈ সকলোকে আহ্বান জনাইছে মৰিগাঁও আৰক্ষী প্ৰশাসনে ৷