
দুখীয়া ছাত্ৰক ইউনিফৰ্মৰ ধন প্ৰদান
'আমাৰ অসম'ৰ দক্ষিণ কামৰূপৰ প্ৰতিবেদক, ৮ জুনঃ অনুপমা অঞ্জলি মাহেকীয়া আলোচনীৰ উদ্যোগত ২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা দুগৰাকী ছাত্ৰক ইউনিফৰ্মৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰে। উল্লেখযোগ্য যে মিৰ্জাত ৫ জুনত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অনুষ্ঠিত হোৱা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মিৰ্জাৰ নৱাৰুণ পাব্লিক বিদ্যালয়ৰ অধ্যক্ষ বিপুল মহন্ত, অনুপমা অঞ্জলি মাহেকীয়া আলোচনীৰ মুখ্য সম্পাদক ড° শেৱালি দাস কলিতা, ইনফোটেইণ্টমেন্ট ২৪ পোৰ্টেলৰ স্বত্বাধিকাৰী মিতু দাস, অনুপমাৰ সহঃ সম্পাদক তথা অংগনবাড়ী কৰ্মী আৰু আন্তঃৰাষ্ট্ৰীয় মহিলা ৰেফাৰী ৰূপা দাস ঠাকুৰীয়াৰ লগতে অংগনবাড়ী কৰ্মী , কণ কণ ল'ৰা ছোৱালী আৰু আন বহু ব্যক্তি।
উক্ত অনুষ্ঠানত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছপুলি ৰোপণ কৰা হয়। আনহাতে গছপুলি ৰোপণ কৰে ক্ৰমে নৱাৰুণ পাব্লিক বিদ্যালয়ৰ অধ্যক্ষ বিপুল মহন্ত, অনুপমাৰ মুখ্য সম্পাদক ড° শেৱালি দাস কলিতা, আন্তঃ ৰাষ্ট্ৰীয় মহিলা ৰেফাৰী ৰূপা দাস ঠাকুৰীয়াৰ লগতে কেবাগৰাকীও মহিলাই।