Logo
image

বেদখলৰ কবলত আহোম ৰাজত্বকালৰ ঐতিহাসিক দগা যুঁজ ৰণকৌশল ক্ষেত্ৰ

'আমাৰ অসম’ৰ চৰাইদেউৰ প্ৰতিবেদক, ৯ জুনঃ ছশ বছৰীয়া আহোম ৰাজত্বকালৰ সোণালী স্বাক্ষৰ বহন কৰা অন্যতম প্ৰত্নতাত্বিক ক্ষেত্ৰ দগা যুঁজ ৰণকৌশল ক্ষেত্ৰ সম্প্ৰতি বেদখলকাৰীৰ কবলত পৰিছে। চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ পৰা প্ৰায় ৪ কিলোমিটাৰ দূৰত্বত থকা ভজো-বগৰীগুৰি-টিয়ক গাঁও এলেকাৰ ঐতিহাসিক দগা যুঁজ/গেৰিলা যুঁজৰ প্ৰশিক্ষণ (ৰণকৌশল)স্থলীৰ মাটি কালি প্ৰায় ১৫০ বিঘা আছিল যদিও উপযুক্ত সংৰক্ষণৰ অভাৱত এই মাটি কালি সংকুচিত হৈ বৰ্তমান প্ৰায় ৩০ বিঘা হৈছেগৈ। ইফালে, ঐতিহাসিক দগা যুঁজৰ ৰণকৌশলস্থলীৰ এই অৱশিষ্ট মাটিখিনিতো শেহতীয়াকৈ দুষ্কৃতিকাৰীয়ে বেদখল কৰাৰ অভিযোগ উত্থাপিত হৈছে। শেহতীয়াকৈ দুষ্কৃতিকাৰীয়ে বেদখলকৃত সংশ্লিষ্ট এলেকাৰ মাটিখিনি সমান কৰাৰ লগতে জেওৰা আদি দি নিজৰ দখললৈ নিয়াৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ তথ্য পোহৰলৈ আহিছে। তাৎপৰ্যপূৰ্ণ, ছশ বছৰীয়া আহোম ৰাজত্বকালত প্ৰৱল পৰাক্ৰম প্ৰদৰ্শন কৰি শত্ৰুক পৰাভূত কৰিবলৈ সক্ষম হোৱা আহোম সৈন্য বাহিনীয়ে ক’ত সমৰ কৌশলৰ আখৰা চলাইছিল বা প্ৰশিক্ষণ আদি গ্ৰহণ কৰিছিল, সেই সন্দৰ্ভত উপযুক্ত সঠিক আৰু বিতং তথ্যপাতি আদি বুৰঞ্জীত উল্লেখ নাই।

এই বিষযটোয়ে ইতিহাস অনুৰাগী তথা সচেতন লোকৰ বাবে এক সাঁথৰ হৈ আছিল। তাৰ মাজতেই প্ৰায় কুৰি বছৰ পূৰ্বে চৰাইদেউ জিলাৰ সোণাৰি নগৰৰ পৰা নাতিদূৰত থকা এটা এলেকা চৰ্চালৈ আহে। সোণাৰি বুনিয়াদী প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ লগতে লাগি থকা বৃহৎ এলেকাটোত আছিল কেইবা শ সৰু সৰু মাটিৰ টিলা। টিলাবোৰ প্ৰায় সম-আকাৰৰ আছিল। ওখ প্ৰায় ১০ ফুট আৰু টিলাবোৰৰ ব্যাসাৰ্দ্ধ প্ৰায় ৮ ফুট। প্ৰতিটো টিলাৰ প্ৰায় সমদূৰত্বত অৱস্থিত আছিল। লক্ষণীয়ভাৱে এটা টিলাৰ আঁৰত লুকালে আনটো টিলাৰ পৰা প্ৰত্যক্ষ নহয়। টিলাবোৰৰ কাষেদি ঘূৰি ঘূৰি আনটো টিলালৈ যাব পাৰি। সঠিক দিশ নিৰূপন কৰিব নোৱাৰিলে দুই-তিনিটা টিলাৰ মাজতেই আৱদ্ধ হৈ ঘূৰি থাকিব লাগিব। এক কথাত চক্ৰবেহু সদৃশ আছিল সমগ্ৰ এলেকাটো। ঘৰচীয়া জীৱ-জন্তুৱে উক্ত এলেকাত প্ৰৱেশ কৰিলে সহজতে তাৰ পৰা ওলাই আহিব নোৱাৰিছিল। ইফালে, মাটিৰ টিলাবোৰত সৰু-বৰ গছ-গছনিৰে এক জয়াল পৰিবেশৰ সৃষ্টি কৰিছিল। উল্লেখ্য, বহুকেইগৰাকী ইতিহাসবিদে সমগ্ৰ এলেকাটো পৰ্যবেক্ষণ কৰি ঐতিহাসিক ক্ষেত্ৰ বুলি স্বীকাৰ কৰাৰ লগতে আহোম সৈন্যৰ এক সামৰিক প্ৰশিক্ষণস্থলী আছিল বুলি অনুমান কৰিছিল।


আনহাতে, খৰস্ৰোতা দিচাং নদীলৈ দূৰত্ব মাত্ৰ এক কিলোমিটাৰ, ঐতিহাসিক ৰজাধাপ, বৰাহী-কছাৰী গাঁৱলৈ প্ৰায় ডেৰ কিলোমিটাৰ আৰু চৰাইদেউ মৈদাম ক্ষেত্ৰলৈ দূৰত্ব আছিল প্ৰায় ১০ কিলোমিটাৰ। অৰ্থাৎ এলেকাটোৰ ভৌগলিক অৱস্থিতিয়েও আহোম ৰাজত্বকালৰ গুৰুত্বপূৰ্ণ স্থান আছিল বুলি ইংগিত দিয়ে। একাংশ বুৰঞ্জীবিদৰ মতে, ১৬৬৩ চনত মিৰজুমলাৰ অসম আক্ৰমণৰ সময়ৰ পাছত চক্ৰধ্বজ সিংহ আহোম স্বৰ্গদেউ ৰূপে অধিষ্ঠিত হয়। চক্ৰধ্বজ সিংহৰ দিনতেই আহোম সৈনক গেৰিলা ৰণকৌশল এই এলেকাটোত দিয়া হৈছিল। এই ৰণকৌশলস্থলীত প্ৰশিক্ষণৰত সকলো সৈনিক পাকৈত যুঁজাৰু হৈ পৰিছিল। শৰাইঘাটৰ যুদ্ধত অৱতীৰ্ণ হোৱা যুঁজাৰুসকলো ইয়াৰ পৰাই গৈছিল বুলি বুৰঞ্জীবিদে দাবী কৰে৷ প্ৰাসংগিকভাবে উল্লেখ্য, চৰাইদেউ মহকুমাৰ তদানীন্তন মহকুমাধিপতি বিবেকানন্দ ফুকনৰ সময়তেই সংশ্লিষ্ট এলেকাটোৰ ঐতিহাসিক গুৰুত্ব থকা বুলি স্বীকৃতি দি এম জি এনৰেগাৰ আচঁনিৰ জৰিয়তে সংৰক্ষণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল। তদুপৰি ৰাজ্যিক পুৰাতত্ব বিভাগৰ দ্বাৰা হোৱা জৰীপত ১২৮ বিঘা মাটি ঐতিহাসিক গুৰুত্ব থকা ভূমিৰূপে চিহ্নিত কৰা হৈছিল।

টাই আহোমৰ একাধিক সংগঠনেও পৰৱৰ্তী সময়ত উক্ত এলেকাটো দগা যুঁজ বা গেৰিলা সমৰকলা প্ৰশিক্ষণৰ স্থলী আছিল বুলি দাবী কৰি সমগ্ৰ এলেকাটোৰ উপযুক্ত সংৰক্ষণ আৰু উন্নয়নৰ বাবে যথোচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰ আৰু প্ৰত্নতাত্বিক বিভাগক দাবী জনাইছিল। সেইমৰ্মে ৰাজ্যৰ প্ৰত্নতাত্বিক বিভাগে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছিল। কিন্তু শেহতীয়াকৈ ঐতিহাসিক গুৰুত্ব থকা এলেকাটোত দুষ্কৃতিকাৰীয়ে বেদখল কৰাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। টাই আহোম যুৱ পৰিষদ,অসম চমুকৈ “টাইপা”ৰ এটা সঁজাতি দলে ঐতিহাসিক দগা যুঁজ ক্ষেত্ৰ পৰিদৰ্শন কৰি দুষ্কৃতিকাৰীয়ে এলেকাটো বেদখল কৰা কাৰ্যক গৰিহণা দিয়াৰ লগতে সমগ্ৰ এলেকাটো বেদখলমুক্ত কৰিবলৈ ৰাজ্য চৰকাৰ আৰু প্ৰত্নতাত্বিক বিভাগক আহ্বান জনাইছে। 'টাইপা’ৰ কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ছশবছৰীয়া আহোম ৰাজত্বকালৰ সোণালী স্বাক্ষৰবহন কৰা বহু কীৰ্তিচিহ্নৰ দৰেই দগা যুঁজ ক্ষেত্ৰখনো উপযুক্ত সংৰক্ষণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলি কয়। এইক্ষেত্ৰত যথোচিত পদক্ষেপ গ্ৰহণ নকৰিলে অনাগত সময়ত জংগী প্ৰতিবাদী আন্দোলন ৰূপায়ন কৰিবলৈ বাধ্য হ’ব বুলিও টাইপাৰ নেতাজনে হুংকাৰ দিছে।