ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে জীৱ-জন্তুৰ সংখ্যা
'আমাৰ অসম'ৰ গোসাঁইগাঁৱৰ প্ৰতিবেদকঃ কচুগাওঁ বন সংমণ্ডলৰ অধীনস্থ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত জীৱ-জন্তুৰ সংখ্যা বহু গুণে বৃদ্ধি পাইছে। ভাৰত-ভূটান সীমান্ত স্পৰ্শ কৰি থকা ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত সঘনাই বিভিন্ন জীৱ-জন্তু প্ৰত্যক্ষ কৰিছে পৰ্যটক সকলে। পশ্চিম ৰাইমনা ৰেঞ্জৰ বন কৰ্মীৰ দল এটাই কৰ্তব্য সামৰি কাৰ্যালয় আহি থকা সময়ত দুটাকৈ লতা মেকুৰী বাঘৰ পোৱালি প্ৰত্যক্ষ কৰে। বন কৰ্মী পংকজ বসুমতাৰীৰ কেমেৰাত বন্দী হয় বাঘৰ পোৱালি দুটাৰ দৃশ্য।
বনাঞ্চলৰ মাজত খাদ্য বিচাৰি থকা লতা মেকুৰী বাঘৰ পোৱালি দুটা প্ৰত্যক্ষ কৰি বন কৰ্মীৰ দলটো উৎফুল্লিত হৈ পৰে। ৰাইমনা বনাঞ্চলখন ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নতিকৰণ কৰাৰ পিছত চোৰাং চিকাৰী, চোৰাং কাঠ বেপাৰী প্ৰৱেশ কৰিব পৰা নাই। যাৰ ফলত বনাঞ্চলখনত দিনক দিনে বন্য জীৱ জন্তুৰ সংখ্যা বৃদ্ধি পাইছে। হৰিণ, হাতী, সোণালী বান্দৰ, বনৰীয়া গাহৰি, ভালুক, বিভিন্ন চৰাই-চিৰিকতি , পখিলাৰে পৰিপূৰ্ণ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত আছে বাঘ। বাঘৰ পিছত এইবাৰ লতা মেকুৰী বাঘৰ পোৱালি দেখা গৈছে। জীৱ-জন্তুৰ সংখ্যা বৃদ্ধি পোৱাত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানখনলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে।






