চিমেন চাপৰিত গৰাকী বিহীন পোৱালিসহ ৫ টা ঘোঁৰা উদ্ধাৰ স্থানীয় ৰাইজৰ
'আমাৰ অসম'ৰ জোনাইৰ প্ৰতিবেদকঃ জোনাই সম জিলা চিমেন চাপৰিৰ অন্তৰ্গত চিমেন চাপৰিত গৰাকী বিহীন পোৱালিসহ পাঁচটা ঘোঁৰা উদ্ধাৰ কৰে স্থানীয় ৰাইজে। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, গৰাকী বিহীন এই ঘোঁৰা কেইটাই বিগত প্ৰায় ৪-৫ বছৰ ধৰি চিমেন চাপৰি চেৰেন সোণোৱাল, মানিকপুৰ, মাছখোৱা, হাংমা চাপৰি, হছঙকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজৰ খেতি-বাতি কঠিয়া ধান খাই নষ্ট কৰি এক প্ৰকাৰৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে৷ দিনক দিনে ঘোঁৰা কেইটাই অধিক খেতি-বাতি নষ্ট কৰাত সোমবাৰে ৪-৫ খন গাঁৱৰ স্থানীয় ৰাইজৰ সহযোগত ৰছীৰে পোৱালিসহ পাঁচটা ঘোঁৰা বান্ধি জব্দ কৰে। ইয়াৰ পিছতে স্থানীয় ৰাইজে চিমেন চাপৰি থানাত আৰক্ষীক খবৰ দিয়ে। আৰক্ষীৰ খবৰৰ ভিত্তিত জোনাই আঞ্চলিক বন বিভাগৰ বিষয়া দেবব্ৰত গগৈয়ে উপস্থিত হৈ চমজি লৈ ঘোঁৰা কেইটা বুধবাৰে জোনাই কবু চাপৰিত মেলি দিয়া ব্যৱস্থা কৰা হ'ব বুলি জিনিবলৈ দিয়ে। উল্লেখ্য যে এসময়ত ঘৰ শুৱনি কৰা আপোন ঘোঁৰা এতিয়া এলাগী হৈ পৰিল৷
আধুনিকতাৰ প্ৰভাৱত সমাজৰ পৰা অতীত হৈ পৰিল এসময়ৰ বহুল ব্যৱহৃত ঘোঁৰা গাড়ী৷ কেইটামান বছৰৰ পূৰ্বলৈকে যাতায়তৰ লগতে থলুৱা লোকসকলৰ ব্যৱসায়-বাণিজ্যৰ ঘোঁৰা গাড়ী আছিল মাধ্যম৷ এঠাইৰ পৰা আন ঠাইলৈ বিভিন্ন সামগ্ৰী কঢ়িয়াবলৈ আনকি পথাৰৰ পৰা ধানৰ ডাঙৰী কঢ়িয়াবলৈয়ো গৰু গাড়ীৰ সমান্তৰালকৈ ঘোঁৰাই টনা গাড়ী ব্যৱহাৰ কৰা হৈছিল৷ কিন্তু ইন্ধন চালিত বাহনৰ বহুল ব্যৱহাৰৰ লগে লগে ক্ৰমাৎ অতীত হৈ পৰিল ঘোঁৰা গাড়ী৷ এই গাড়ীৰ ব্যৱহাৰ নোহোৱা হৈ পৰাত একাংশ গৰাকীয়ে স্বাৰ্থপৰতাৰে আনহাতে আন একাংশই পোহপাল তথা যত্ন ল’ব নোৱৰাৰ বাবে পোহনীয়া ঘোঁৰাসমূহ বাটে-পথে এৰি দিবলৈ ধৰিলে৷ ফলত অযত্ন পালিত, গৰাকী বিহীন ঘোঁৰাসমূহে য’তে যেনেকৈ পাৰে আশ্ৰয় ল’বলৈ ধৰিলে৷ এই গৰাকী বিহীন ঘোঁৰা সমূহে বিভিন্ন বনাঞ্চলত আশ্ৰয় লোৱাৰ সমান্তৰালভাৱে কিছু সংখ্যকে জনাঞ্চলতো আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে৷ কিন্তু জনাঞ্চলত আশ্ৰয় লোৱা এই ঘোঁৰাসমূহে শেহতীয়াকৈ অঞ্চলসমূহত ৰাইজৰ খেতি-বাতি নষ্ট কৰি এক আতংকময় পৰিবেশ সৃষ্টি কৰিছে।






