Logo
image

তামুলপুৰৰ বিশিষ্ট সংস্কৃত পণ্ডিত বিশ্বনাথ ভট্টাচাৰ্যৰ দেহাৱসান

'আমাৰ অসম'ৰ ডিজিটেল ডেস্ক, তামুলপুৰঃ তামুলপুৰ জিলা সদৰৰ ভকতপাৰা গাঁৱৰ নিবাসী তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক, বিশিষ্ট সংস্কৃত পণ্ডিত বিশ্বনাথ ভট্টাচাৰ্যৰ আজি বাৰ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি হয় ৷ অবিভক্ত কামৰূপ জিলাৰ ঘোপলা মহৰীয়াত জন্ম গ্ৰহণ কৰা অৱসৰপ্ৰাপ্ত শিক্ষক গৰাকীয়ে টিহু সংস্কৃত টোলত শিক্ষা গ্ৰহণ কৰি শিক্ষা ন্যায় ব্যাকৰণ শাস্ত্ৰী উপাধি লাভ কৰে ৷ পৰৱৰ্তী সময়ত তেওঁ ১৯৫৯ চনৰ মাৰ্চ মাহৰ পৰা তেতিয়াৰ তামুলপুৰ হাইস্কুলত সংস্কৃত বিষয়ৰ শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰি চাকৰি সূত্ৰে তামুলপুৰ জিলা ভকতপাৰা গাঁৱত স্থায়ী ভাৱে বসবাস কৰিবলৈ লয় ৷ শিক্ষকতাৰ সমান্তৰালভাৱে তেওঁ তামুলপুৰৰ সমাজ জীৱনৰ এক অংগাংগি হৈ পৰে আৰু এগৰাকী বিদগ্ধ সংস্কৃত পণ্ডিত হিচাপে তামুলপুৰত বিশেষ স্থান লাভ কৰি শৈক্ষিক সামজখনত বিশেষ ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হৈছিল ৷ সকলোৰে প্ৰিয় শিক্ষক গৰাকী ১৯৯৫ চনৰ নৱেম্বৰ মাহত চাকৰি জীৱন শেষ কৰি তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে ৷ অৱসৰৰ পিছতো তেওঁ তামুলপুৰৰ বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানৰ সভা-সমিতিত সক্ৰিয়তাৰে অংশ গ্ৰহণ কৰি এগৰাকী সু বক্তা হিচাপেও সুপৰিচিত হৈছিল ৷ আনকি তামুলপুৰৰ যি কোনো অনুষ্ঠান উৎসৱ-পাৰ্বন উপলক্ষে প্ৰকাশ কৰি উলিওৱা আলোচনী, স্মৃতিগ্ৰন্থ, মুখপত্ৰ আদিত নিয়মিতভাৱে লেখা মেলা কৰি নিজৰ কলম অব্যাহত ৰাখিছিল ৷


কিছুদিন ধৰি বাৰ্দ্ধক্যৰ বাবে শয্যাশায়ী হৈ আজি সকলোকে শোক সাগৰত পেলাই স্বৰ্গগামী হয়। অৱসৰপ্ৰাপ্ত শিক্ষক গৰাকীৰ মৃত্যুৰ খবৰ লাভ কৰিয়েই শিক্ষক গৰাকীৰ বাসগৃহত তেওঁৰ গুনমুগ্ধ, শুভাকাংক্ষী, আত্মীয় স্বজন আহি চোতালত ভিৰ কৰে আৰু সকলোৰে প্ৰিয় ভাজন বয়োজ্যেষ্ঠ শিক্ষক গৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ অৱসৰপ্ৰাপ্ত শিক্ষক গৰাকীৰ মৃত্যুত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, তামুলপুৰ বিধায়ক জলেন দৈমাৰী, তামুলপুৰ প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰী, তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভা, তামুলপুৰ শাখা সাহিত্য সভা, তামুলপুৰ শাখা সত্ৰ, তামুলপুৰ জ্যেষ্ঠ নাগৰিক মঞ্চ, তামুলপুৰ আঞ্চলিক দুৰ্গামন্দিৰ পৰিচালনা সমিতি, মহকুমা ৰঙালী বিহু সন্মিলন, তামুলপুৰ হৰিমন্দিৰ পৰিচালনা সমিতি, তামুলপুৰ ৰাস পৰিচালনা সমিতি, বডোলেণ্ড সাংবাদিক সংস্থা, তামুলপুৰ প্ৰেছ ক্লাৱ, তামুলপুৰ জিলা সাংবাদিক সন্থা, সদৌ তামুলপুৰ জিলা ছাত্ৰ সন্থা, তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থা, তামুলপুৰ আঞ্চলিক যুৱ মঞ্চ, অসম নাট্য সন্মিলন, তামুলপুৰ শাখাৰ লগতে বিভিন্ন দল সংগঠনে অৱসৰপ্ৰাপ্ত শিক্ষক গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত বয়স আছিল ৯৭ বছৰ৷ প্ৰয়াত ভট্টাচাৰ্যই পত্নী, তিনিগৰাকী পুত্ৰ-বোৱাৰী, এগৰাকী জী-জোঁৱাই, নাতি-নাতিনীক এৰি থৈ যায়।