
দুই-এদিনতে বন্ধ হ’ব পাৰে গেছ নিৰ্গমন!৩ মাৰ্কিন বিশেষজ্ঞৰ চমৎকাৰ
‘আমাৰ অসম’ৰ শিৱসাগৰৰ প্ৰতিবেদক, ২৩ জুনঃ প্ৰতিকূল বতৰকো নেওচি আমেৰিকাৰ তিনি বিশেষজ্ঞ কেনেট ৰাইট, ৰৰ্বাট মেলানকন আৰু উইলিয়াম মেকড’নাল্ডে অব্যাহত ৰাখিছে গেছ নিৰ্গমন নিয়ন্ত্ৰণৰ প্ৰচেষ্টা৷ শিৱসাগৰৰ ভটিয়াপাৰ বাৰীচুকৰ অ’ এন জি চিৰ ৰিগত (আৰডিএছ-১৪৭ এ) ১২ দিনে গেছ নিৰ্গত হৈ আছে৷ সেই ৰিগতে কেপিঙৰ কাম কৰিছে মাৰ্কিন বিশেষজ্ঞত্ৰয়ে৷ সোমবাৰে বিয়লি অ’এন জি চিৰ উচ্চস্তৰীয় সূত্ৰৰ পৰা জানিব পৰা অনুসৰি, প্ৰতিকূল বতৰৰ মাজতো কৰ্মৰত দলসমূহে দিনে-নিশাই কৰা কামৰ জৰিয়তে তেল আৰু প্ৰাকৃতিক গেছ নিগম লিমিটেডে ৰিগৰ পৰা গেছ নিৰ্গমন হ্ৰাস কৰিবলৈ সক্ষম হৈছে৷ বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, বিস্ফোৰিত ৰিগৰ ৫০০ মিটাৰ ব্যাসাৰ্ধত চৌকা জ্বলোৱা নিষিদ্ধ কৰা হৈছে যদিও সেই পৰিসৰৰ বাহিৰত এতিয়া চৌকা জ্বলাব পাৰিব বুলি সংশ্লিষ্ট কতৃৰ্পক্ষই ঘোষণা কৰিছে৷ মাৰ্কিন বিশেষজ্ঞত্ৰয়ৰ তৎপৰতা আৰু চমৎকাৰ কাৰ্যপন্থাৰ বাবে দুই-এদিনতে গেছ নিৰ্গমন বন্ধ হোৱাৰ সম্ভাৱনাও সদৰী কৰিছে বিশেষ সূত্ৰটোৱে৷ ইতিমধ্যে নিৰাপদে টিউবিং আঁতৰাবৰ বাবে সোমবাৰে সন্ধিয়া গুৱাহাটীৰ পৰা অনা হৈছে ‘এক্সট্ৰা-লং বুম ক্ৰেন’৷ কেপিং অপাৰেচনৰ বাবে এই ক্ৰেন অপৰিহাৰ্য৷ বৰষুণৰ বাবে গেছ নিৰ্গমন নিয়ন্ত্ৰণৰ কামৰ গতি কিছু মন্থৰ হৈছে যদিও প্ৰতিকূল পৰিৱেশন নেওচি লক্ষ্যপ্ৰাপ্তিৰ বাবে অহোপুৰুষাৰ্থ কৰিছে কৰ্মৰত বাহিনীয়ে৷ নেৰানেপেৰা চেষ্টাৰ বাবেই নিৰ্গমন হোৱা গেছৰ চাপ হ্ৰাস পাইছে৷ এয়া সফল কেপিং প্ৰক্ৰিয়াৰ বাবে অতি আশাব্যঞ্জক বুলি বিবেচিত হৈছে৷ কেপিং অভিযানৰ বাবে বুলড’জাৰকে ধৰি অতিৰিক্ত সঁজুলিৰ দিহা কৰা হৈছে৷ ইপিনে, ভাৰতীয় জনতা পাৰ্টীৰ এটা দলে সোমবাৰে বিয়লি প্ৰায় ৪ বজাত ভটিয়াপাৰৰ গেছ নিৰ্গমনস্থলী পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত পৰিয়ালৰ লগত মত-বিনিময় কৰে৷ প্ৰদেশ বিজেপিৰ উপ-সভাপতি তপন কুমাৰ গগৈ, ৰাজ্যৰ কেবিনেট মন্ত্ৰী যোগেন মহন, বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্ৰসাদ তাছা আৰু ৰাজ্যিক বিজেপিৰ উপ-সভাপতি পুলক গোহাঁইৰ উপৰি ডিমৌৰ বিধায়ক সুশান্ত বৰগোহাঁই আৰু জিলা বিজেপিৰ সভাপতি বিতোপন ৰাইদঙীয়াই সোমবাৰৰ দিনটোৰ অভিজ্ঞতা প্ৰদেশ বিজেপিৰ সভাপতিলৈ প্ৰতিবেদন আকাৰে প্ৰেৰণ কৰিব বুলি জানিবলৈ দিয়ে৷
নাজিৰাত বীৰ লাচিত সেনাৰ বিক্ষোভ
‘আমাৰ অসম’ৰ নাজিৰাৰ প্ৰতিবেদকঃ অ’ এন জি চিৰ চূড়ান্ত গাফিলতি আৰু অকৰ্মণ্যতাৰ ফলত শিৱসাগৰ জিলাৰ ভটিয়াপাৰত RDS ১৪৭(A) নং তৈলখাদত গেছ নিৰ্গত হৈ উদ্ভৱ হোৱা পৰিস্থিতিৰ ১২ দিন অতিক্ৰম কৰি যোৱাৰ পিছতো সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব নোৱৰা কাৰ্যত ক্ষুণ্ণ হৈ বীৰ লাচিত সেনা, অসমৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত অসম সম্পদ নাজিৰাৰ মুখ্য কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ উক্ত কাৰ্যসূচীত উপস্থিত থাকি শৃংখল চলিহা, শিৱসাগৰ জিলা সমিতিৰ সভাপতি মাধুৰ্য ৰাজকোঁৱৰ, মুখ্য সচিব অনুপম সন্দিকৈয়ে বহু গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰি কয় যে, ঐতিহাসিক শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত আজি কেইবা দশক ধৰি তেল আৰু প্ৰাকৃতিক গেছ নিগম লিমিটেড (ONGC) অসম সম্পদ নাজিৰাই খাৰুৱা তেলৰ খনন আৰু উৎপাদন কৰি আহিছে লগতে প্ৰাকৃতিক তেল, গেছ উৎপাদন কৰি আহিছে৷ কিন্তু বহু ঠাইত নীতি-বৰ্হিভূতভাৱে কাম কৰাৰ বাবে ৰীগসমূহত বিভিন্ন দুৰ্ঘটনাও সংঘটিত হৈ আহিছে৷ বিশেষকৈ অ’এন জি চি অসম সম্পদ, নাজিৰাৰ অন্তৰ্গত HSE নামৰ বিভাগতো থকাৰ পিছতো একাংশ ৰীগে সুৰক্ষা নীতি মানি নচলাকৈ কাম কৰি অহাতো অতি পৰিতাপৰ বিষয়৷ এনে নীতি-বৰ্হিভূতভাৱে কাম কৰাৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰ জিলাৰ ভটিয়াপাৰৰ বাৰীচুক অঞ্চলত থকা RDS ১৪৭(A) নং তৈলখাদত পুঁজিপতি ঠিকাদাৰ SKP ১৩৫ vi নং ব্যক্তিগত ৰীগৰ ৱৰ্ক অৰ্ডাৰ অপাৰেচন চলাই থকাৰ সময়ত যোৱা ইংৰাজী ১০ জুনত ভয়াৱহ বিস্ফোৰণৰ দৰে ঘটনা সংঘটিত হোৱাৰ পিছতেই প্ৰাকৃতিক গেছ নিৰ্গত হৈ ভয়াৱহ ৰূপ ধাৰণ কৰে৷ পৰিস্থিতি ইমানেই ভয়ংকৰ হয় যে, অ’এনজিচিৰ বিষয়া-কৰ্মচাৰীও পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হয়৷ উক্ত ঘটনাৰ ফলত স্থানীয় অঞ্চলত আজিপৰ্যন্ত আতংকময় পৰিৱেশৰ সৃষ্টি কৰি আছে, ৰাইজেও বাঘজানৰ ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰে কামনা কৰিছে৷ উল্লেখ্য, তৈলখাদত কাম কৰা পুঁজিপতি ঠিকাদাৰ SKP ১৩৫ vi নং ব্যক্তিগত ৰীগৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৰে নীতি-বৰ্হিভূতভাৱে কাম চলাই আহিছে৷ আনকি সুৰক্ষা নীতিয়ো বিসৰ্জন দিবলৈ কুণ্ঠাবোধ কৰা নাই৷ উক্ত তৈলখাদত SK Petro Service য়ে কৰা গাফিলতিসমূহ ৰিগৰ অগ্নিনিৰ্বাপক ব্যৱস্থা নিষ্কিয়, অগ্নিনিৰ্বাপক পাম্প সেৱাহীন, দিখৌ নৈৰ অতি ওচৰত যদিও কোনো বিকল্প সুৰক্ষা ব্যৱস্থা কৰা হোৱা নাই৷ অগ্নিনিৰ্বাপক বাহিনীৰ নিবিদাসমূহে গেছ আৰু তেলৰ চাপৰ তুলনাত পৰ্যাপ্ত পৰিমাণৰ পানী ছটিয়াব পৰা নাছিল৷ লিকেজ ছিলিং চিষ্টেম আৰু টেকনিচিয়ানসকলে লিকেজ ছিল কৰিব নোৱাৰে৷ কিছুমান ঘৰ ৰিগৰ অতি ওচৰত৷ পথ সংকীৰ্ণ আব্ৰু সকলো বতৰত ব্যৱহাৰ কৰিব পৰাকৈ নিৰ্মাণ কৰা হোৱা নাই৷ অ’ এন জি চিয়ে কোনো ধৰণৰ ইণ্ডিডেণ্ট কমাণ্ড পোষ্ট স্থাপন কৰা নাই৷ OISD আৰু NBA সুৰক্ষাৰ নিৰ্দেশনা মানি চলা নহয় আৰু গ্ৰহণ কৰা নহয়৷ লগতে যিহেতু অ’এন জি চিয়ে প্ৰয়োজনীয়ভাৱে পানীৰ স্প্ৰে’ প্ৰয়োগ কৰা নাই বা লিকেজ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰা নাই, সেয়েহে স্বাস্থ্যৰ সৈতে জড়িত বিপদ আছে, লগতে পথৰ অৱস্থা বোকা আৰু পিছল হ’ব৷ আনকি গেছ নিৰ্গত হৈ থাকিলে স্থানীয় জনসাধাৰণৰ বাবে বৃহৎ ক্ষতিৰ কাৰক হৈ পৰিব পাৰে৷ শ্বাস-প্ৰশ্বাসজনিত সমস্যা, মূৰৰ বিষৰ লগতে বিভিন্ন সমস্যাতো ভুগিব পাৰে, মুঠতে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি আহিব পাৰে৷ আনকি উক্ত ৰীগত কৰ্মৰত DIC জনৰ লগতে একাংশ কৰ্মচাৰী পৰ্যাপ্ত পৰিমাণৰ শিক্ষা আৰু অভিজ্ঞতাৰ অভাৱ বুলি জানিব পাৰিছোঁ৷ গতিকে গৰিষ্ঠসংখ্যক বিসংগতি থকাৰ পিছতো তৈল প্ৰতিষ্ঠানৰ সুৰক্ষা নীতি মানি নচলাকৈ বিতৰ্কিত ব্যৱসায়ী শ্ৰীকৃষ্ণ আগৰৱালাৰ মালিকাধীন SK Petro Service কেনেকৈ বাৰে বাৰে ঠিকা পায়? তেওঁৰ প্ৰতিষ্ঠানে কাম কৰা দুটা ৰীগত বিগত বছৰত জুই লাগিছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে৷ কিন্তু সেই কোম্পানীতো ব্লেকলিষ্ট নহ’ল কিয়? কেনেকৈ কেইবাটাও ৰীগৰ ঠিকা লাভ কৰিলে৷ ইয়াত কাম কৰাৰ অনুমতি কেনেকৈ পালে সেয়া সন্দেহজনক বিষয় ৰাইজৰ জীৱন-সম্পত্তিক হেতালি খেলাৰ অধিকাৰ SK Petro Serviceক কোনে দিলে? নে SK Petro Service, অ’এনজিচি কতৃৰ্পক্ষ আৰু অ’এন জি চি পূৰ্বাঞ্চল এমপ্লইজ এছ’চিয়েশ্বন (OPEA) সঞ্জীৱ বৰুৱা নামৰ সাধাৰণ সম্পাদকজনৰ লগত কিবা গোপন বুজাবুজিৰে এই কামসমূহ কৰি আছে সেয়াহে ডাঙৰ প্ৰশ্ন৷ SK Petro Service ৰ দ্বাৰা পৰিচালিত ৰীগসমূহত গৈ উপৰোক্ত বিষয়বোৰ পৰ্যবেক্ষণ কৰি ব্লেকলিষ্টেড কৰক, বিতৰ্কিত ঠিকাদাৰ শ্ৰীকৃষ্ণ আগৰৱালাক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ লগতে ভটিয়াপাৰৰ তেলখাদত নিৰ্গত হৈ থকা গেছ নিয়ন্ত্ৰণ কৰা, উক্ত ঘটনাত নিহত ব্যক্তিজনৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ক্ষতিগ্ৰস্ত সকলো পৰিয়ালক দুই লাখকৈ এককালীন সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা, আশ্ৰয় শিবিৰত বাস কৰাসকলক সকলো সা-সুবিধা দিয়াৰ ব্যৱস্থা কৰাৰ উপৰিও ভুক্তভোগী পৰিয়ালসমূহৰ জীৱন-সম্পত্তি সুৰক্ষিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়৷ উল্লেখ্য, প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলক বাধা প্ৰদানৰ বাবে অসম আৰক্ষীৰ লগতে ৩নং অসম আৰক্ষী বেটেলিয়ান, চি আই এছ এফ, ২৫ নং অসম আৰক্ষী (অ’ এন জি চি) বেটেলিয়ানৰ বিষয়া-জোৱানসকল জঁপিয়াই পৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷