
আকৌ ‘তিনি গগৈ’ ফৰ্মূলা অখিলৰ
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৪ জুনঃ ২০২৬ ত বিধানসভাৰ নিৰ্বাচন৷ এতিয়ালৈ একগোট হোৱা নাই বিৰোধী৷ ’২৬ ৰ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ বাবে পুনৰ তিনি গগৈ ফৰ্মূলা উলিয়াইছে অখিল গগৈয়ে৷ কংগ্ৰেছলৈ বাৰম্বাৰ মিত্ৰতাৰ আহ্বান জনাই জনাই ভাগৰি পৰা অখিল গগৈয়ে আকৌ কংগ্ৰেছক প্ৰস্তাৱ দিছে– সেই তিনি গগৈৰ ফৰ্মুলা৷ এই সন্দৰ্ভত অখিল গগৈয়ে এনেদৰে কয়–অখিল গগৈ, লুৰীণ গগৈ আৰু গৌৰৱ গগৈয়ে বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে ১২৬টা সমষ্টিত এক পাক মাৰি দিলেই চৰকাৰ হ’ব৷ কিন্তু মিত্ৰতাত বিলম্ব কৰিলেই বিজেপিৰ চৰকাৰ হ’ব৷ কংগ্ৰেছে মিত্ৰতা কৰে নে নকৰে নাজানো, কৰিলে ভাল, বিজেপিক খেদিব পাৰিম৷ নকৰিলে আকৌ বিজেপি আহিব৷
অকলেই যদি কংগ্ৰেছ চৰকাৰ কৰিব পাৰে খুবেই ভাল, আমি বিৰোধী পক্ষত থাকি আকৌ আন্দোলন কৰিম৷ এতিয়া যেনেকে বিজেপিৰ বিৰুদ্ধে মাত মাতি আছোঁ, তেনেকে মাত মাতিম৷ কিন্তু আজিৰ বাস্তব পৰিস্থিতিত কংগ্ৰেছে অকলে চৰকাৰ কৰিব নোৱাৰে৷ বিজেপিক খেদিবৰ বাবে সকলো বিৰোধী ঐক্যৱদ্ধ হোৱাটো জৰুৰী, সেই কথাটো যদি কংগ্ৰেছে নুবুজে, কোনোবাই যদি অকল নিজৰ সংগঠন, নিজৰ পাৰ্টি চিন্তা কৰি থাকে, তেন্তে সাম্প্ৰদায়িক ফেচীবাদী শক্তিক খেদিব নোৱাৰে৷ গতিকে কংগ্ৰেছৰ লগত একলগ হোৱাৰ কথা আমিয়েই বেছিকৈ কৈ আছো৷ সেই কাৰণে বহুতেই আমাক হাঁহেও৷ কিন্তু কৈ থকাটো দুৰ্বলতা বুলি ভাবিব নালাগে৷ আমি তিনি গগৈয়ে ১২৬ টা সমষ্টিত এপাক মাৰি দিলে হিমন্ত বিশ্ব শৰ্মাই ব্ৰহ্মপুত্ৰত জাপ দিও জুই নুমুৱাব নোৱাৰিব৷’