
"নামঘৰলৈ নোযোৱা অসমীয়া ব'লবমলৈ যায়"- অসম সাহিত্য সভাৰ উপ সভাপতি পদুম ৰাজখোৱা
'আমাৰ অসম'ৰ ডিজিটেল সংবাদ, নগাঁওঃ "সপ্তাহৰ নিৰ্দিষ্ট দিনত মন্দিৰলৈ গৈ ধূপ-ধূনা বা চাকি জ্বলালেই সফলতা নাহে। দিনটো ব্ৰত ৰাখি ঈশ্বৰ উপাসনা কৰিলেও ইয়াক পোৱা নাযায়। যদিহে প্ৰচেষ্টা আৰু হাবিয়াস নাথাকে। কৰ্মযজ্ঞৰ জৰিয়তেহে সফলতা আজুৰি আনিব পাৰি।"- এই মন্তব্য অসম সাহিত্য সভাৰ উপ সভাপতি পদুম ৰাজখোৱাৰ। আজি নগাঁও জিলাৰ বৰক'লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা ছহিদ চন্দন সিং ন্যাসৰ কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই মন্তব্য প্ৰদান কৰে নিবন্ধকাৰ গৰাকীয়ে। লগতে কলংপাৰ বিদ্যাপীঠৰ অধ্যক্ষ গৰাকীয়ে কয় যে, আমাৰ সমাজত এতিয়া বিশৃংখলতাই দেখা দিছে। জ্যেষ্ঠ জনৰ প্ৰতি কণিষ্ঠ সকলৰ শ্ৰদ্ধা, সন্মান সুদূৰ পৰাহত। ইপিনে, সামাজিক অৱক্ষয়ৰ কথা উল্লেখ কৰি তেওঁ ভাষণত উল্লেখ কৰে যে, আমাৰ নতুন প্ৰজন্ম এতিয়া নামঘৰলৈ নাযায়, কিন্তু আধুনিক শব্দযন্ত্ৰত উচ্চ প্ৰাবল্যৰ হিন্দী বলয়ৰ গীত লগাই ব'লবমলৈ যায়। সেয়ে এনে অপ সংস্কৃতি ৰোধৰ আহ্বান জনাই ৰাজখোৱাই। বৰক'লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ সিঙৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাখনৰ আৰম্ভণিতে ছহিদ চন্দন সিঙৰ প্ৰতিচ্ছবিৰ সন্মুখত দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ লৱকান্ত শৰ্মাই বন্তি প্ৰজ্বলন কৰাৰ বিপৰীতে প্ৰয়াত শিক্ষাবিদ তগৰ শৰ্মাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে বৰক'লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ গুৰুমুখ সিঙে। ইয়াৰ পিছতে শিক্ষক চন্দ্ৰমোহন শৰ্মাই ৰচনা কৰা বিদ্যালয়ৰ শীৰ্ষ গীত দৃশ্য-শ্ৰব্যৰ মাধ্যমেৰে প্ৰদৰ্শন কৰা হয়। শীৰ্ষ গীতটিৰ পিছতে বিদ্যালয়ৰ উপাধ্যক্ষ মায়া তালুকদাৰে ৰচনা কৰা আৰু গোবিন শৰ্মাই সুৰ সংযোগ কৰা এটি গীত সমবেত কণ্ঠত পৰিৱেশন কৰে একাংশ ছাত্ৰীয়ে।
শিক্ষক নীহাৰিকা বৰুৱা আৰু বিষ্ণুপ্ৰসাদ লস্কৰে যুটীয়াভাৱে আঁতধৰা এই অভিনন্দন অনুষ্ঠানটিত উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত কৃতকাৰ্যতা লাভ কৰা ত্ৰিশ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰা হয়। শিক্ষক অংকুশ বৰাই উদ্দেশ্য ব্যাখ্যা কৰা আৰু ৰুণুমী ডেকাই আদৰণি ভাষণ প্ৰদান কৰা এই অভিনন্দন অনুষ্ঠানটিত এটি বৰগীত পৰিৱেশন কৰে বিদ্যালয়খনৰ ছাত্ৰ ৰাজদীপ লস্কৰে। ইয়াৰ পিছতে বিশিষ্ট অতিথিৰ ভাষণ প্ৰদান কৰে লেখক-সাংবাদিক, নাট সমালোচক জ্যোতিপ্ৰসাদ বৰাই। বিশ মিনিটৰ ভাষণ প্ৰসংগত তেওঁ ছাত্ৰসমাজক উদ্দেশ্যি অনুপ্ৰেৰণামূলক বক্তব্য উপস্থাপন কৰাৰ লগতে খিলঞ্জীয়াৰ সংকট আৰু প্ৰত্যাহ্বানৰ প্ৰসংগ উত্থাপন কৰি অসমীয়াৰ ধ্বজা উৰুৱাৰ ক্ষেত্ৰত সকলোকে সংকল্পবদ্ধ হ'বলৈ আহ্বান জনায়। উল্লেখ্য যে, অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ অন্যতম ছহিদ চন্দন সিং ন্যাসৰ সহযোগত আজিৰ এই অভিনন্দন অনুষ্ঠান ৰূপায়িত হোৱাৰ উপৰিও বিদ্যালয়ৰ প্ৰয়াত শিক্ষক তগৰ শৰ্মাৰ সোঁৱৰণতো এটি বঁটা প্ৰদান কৰা হয়। ২০২৪ বৰ্ষৰ বাবে এই বঁটা ছাত্ৰ পৰাগজ্যোতি বৰাই লাভ কৰাৰ বিপৰীতে ২০২৫ বৰ্ষৰ বাবে এই বঁটা লাভ কৰে ছাত্ৰী ভায়'লিনা শৰ্মাই। বিদ্যালয়ৰ শিক্ষক সকলে সমবেত সংগীত পৰিৱেশন কৰি গতি প্ৰদান কৰা এই অনুষ্ঠানটিত একাংশ ছাত্ৰ-ছাত্ৰীয়েও নৃত্য-গীত পৰিৱেশন কৰে। আজিৰ এই অভিনন্দন অনুষ্ঠানটিত বৰক'লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি মঞ্জুৰাণী লস্কৰ, ছহিদ চন্দন সিং ন্যাসৰ কাৰ্যকৰী সভাপতি দিলীপ লস্কৰ, সম্পাদক অৰবিন্দ সিং, অৱসৰী শিক্ষক ৰজত মুদৈ, ললিত নাথ, ছহিদ পৰিয়ালৰ সদস্য জিৎ সিং, অৰ্জুন সিং, পুলিন মজুমদাৰ, শিল্পী তৰুণ শইকীয়া, বাবুল বৰা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ প্ৰাক্তন সম্পাদক দেৱাশিস দাস আদিকে ধৰি বিভিন্নজন উপস্থিত থাকে।